--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহিলাৰ পোছাকক লৈ বিতৰ্কৰ অন্ত নাই দেশত। মহিলাৰ পোছাকৰ অধিকাৰত লেকাম লগাবলৈ প্ৰায়েই চেষ্টা কৰা দেখা যায়। কেতিয়াবা ধৰ্মৰ দোহাই দি আৰু কেতিয়াবা সংস্কৃতিৰ দোহাই দি মহিলাৰ পোছাকৰ অধিকাৰ হৰণ কৰিব বিচৰা হয়। মহিলাই উত্তেজক পোছাক পৰিধান কৰা বাবে ধৰ্ষণৰ দৰে অমানৱীয় ঘটনা ঘটনা বুলিও একাংশ ৰাজনীতিকে বিতৰ্কিত মন্তব্য কৰাও দেখা যায়। এতিয়া পুনৰ মহিলাৰ পোছাকক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এইবাৰ এগৰাকী তাৰকা অভিনেত্ৰীৰ পোছাকক লৈ হোৱা বিতৰ্কই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত।

 

এগৰাকী তাৰকা অভিনেত্ৰীৰ পোছাকক লৈ কৰা এটা ভাইৰেল টুইটক লৈ নেটিজেনসকল ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। সমাজৰ একাংশ লোকে এতিয়াও নাৰীৰ পোছাকক লৈ বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য কৰাৰ মানসিকতাই বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মানসিকতাই সমাজৰ একাংশৰ মনৰ ৰুগ্নতাকো প্ৰতিফলিত কৰি তুলিছে। এগৰাকী মহিলাই কেনে ধৰণৰ কাপোৰ পিন্ধিব লাগে বা কেনে ধৰণৰ কাপোৰ পিন্ধিব নালাগে সেই লৈ অবাঞ্চিত বিতৰ্কৰ মহিলাৰ পুনৰ সূত্ৰপাত ঘটিছে আৰু এইবাৰ এই বিতৰ্কৰ সূত্ৰপাত হৈছে এগৰাকী তাৰকা অভিনেত্ৰীক কেন্দ্ৰ কৰি।

'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা টুইটটো @RetardedHurt নামৰ এটা প্ৰ'ফাইলৰ পৰা শ্বেয়াৰ কৰা হৈছিল। জনপ্ৰিয় অভিনেত্ৰী নিমৰাত কৌৰৰ এখন আলোকচিত্ৰ সংলগ্ন কৰি টুইটটোত বিভিন্ন ধৰণৰ অবাঞ্চিত মন্তব্য কৰা হৈছেআলোকচিত্ৰখনত নিমৰাত কৌৰে ক'লা পোছাক এযোৰ পৰিধান কৰা দেখা গৈছিল। ক’লা পোছাকেৰে সুশোভিত অভিনেত্ৰীগৰাকীৰ পোছাকক লৈ আপত্তি দৰ্শাই টুইটটো কৰিছিল অজ্ঞাত লোকজনে। তেওঁৰ অভিযোগ আছিল যে, অবিনেত্ৰীগৰাকীৰ বুকুখন অনাবৃত হৈ আছিল আৰু বক্ষ বিভাজিকা হৈ আছিল সুপষ্ট। এই পোছাকক লৈয়েই তীব্ৰ আপত্তি দৰ্শায় লোকজনে। লোকজনে টুইট কৰি প্ৰশ্ন কৰে যে, মহিলাসকলে কেৱল পুৰুষৰ নজৰলৈ আহিবলৈকে এনে কাপোৰ পিন্ধে নেকি। লগতে, তেওঁৰ প্ৰশ্ন হৈছে, মহিলাসকলে বক্ষ বিভাজিকা প্ৰকট কৰি কি সুখ পায়যদি পুৰুষ দেখুৱাবলৈকে এনে পোছাক নিপিন্ধে, তেন্তে মহিলাসকলে বক্ষ বিভাজিকা কিয় প্ৰদৰ্শন কৰে? এইটোৱে সামাজিক মাধ্যমত এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

 

জনপ্ৰিয় অভিনেত্ৰী নিমৰাত কৌৰে অলপতে জনপ্ৰিয় কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব'অংশ লৈছিলতাত নিমৰাত কৌৰে পিন্ধা পোছাকক লৈয়েই সূত্ৰপাত হয় বিতৰ্কৰ তেওঁ পিন্ধা পোছাকত তেওঁৰ বুকুৰ নিম্নাংশ স্পষ্টভাৱে ওলাই থকা বুলি অভিযোগ কৰি সূত্ৰপাত ঘটোৱা হৈছে বিতৰ্কৰ। ছবিখন শ্বেয়াৰ কৰি টুইটটোত প্ৰশ্ন কৰিছিল যে পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে মহিলাসকলে এনে কাপোৰ পিন্ধে নেকি? সেই 'আপত্তিজনক' প্ৰশ্নটো উত্থাপনৰ কেইমিনিটমানৰ ভিতৰতে টুইটাৰত তোলপাৰ লাগি যায়এই কাণ্ডক লৈ নেটিজেনসকল ক্ষুব্ধ হৈ পৰেবিভিন্নজনে প্ৰশ্ন কৰে যে, মহিলাৰ পোছাক সম্পৰ্কে এনেধৰণৰ অশ্লীল মন্তব্য কিমান দিনলৈ কৰা হ'? মহিলাসকলৰ তেওঁলোকৰ ইচ্ছা অনুসৰি পোছাক পিন্ধিবলৈ স্বাধীনতা আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান