--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহিলাৰ পোছাকক লৈ বিতৰ্কৰ অন্ত নাই দেশত। মহিলাৰ পোছাকৰ অধিকাৰত লেকাম লগাবলৈ প্ৰায়েই চেষ্টা কৰা দেখা যায়। কেতিয়াবা ধৰ্মৰ দোহাই দি আৰু কেতিয়াবা সংস্কৃতিৰ দোহাই দি মহিলাৰ পোছাকৰ অধিকাৰ হৰণ কৰিব বিচৰা হয়। মহিলাই উত্তেজক পোছাক পৰিধান কৰা বাবে ধৰ্ষণৰ দৰে অমানৱীয় ঘটনা ঘটনা বুলিও একাংশ ৰাজনীতিকে বিতৰ্কিত মন্তব্য কৰাও দেখা যায়। এতিয়া পুনৰ মহিলাৰ পোছাকক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এইবাৰ এগৰাকী তাৰকা অভিনেত্ৰীৰ পোছাকক লৈ হোৱা বিতৰ্কই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত।

 

এগৰাকী তাৰকা অভিনেত্ৰীৰ পোছাকক লৈ কৰা এটা ভাইৰেল টুইটক লৈ নেটিজেনসকল ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। সমাজৰ একাংশ লোকে এতিয়াও নাৰীৰ পোছাকক লৈ বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য কৰাৰ মানসিকতাই বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মানসিকতাই সমাজৰ একাংশৰ মনৰ ৰুগ্নতাকো প্ৰতিফলিত কৰি তুলিছে। এগৰাকী মহিলাই কেনে ধৰণৰ কাপোৰ পিন্ধিব লাগে বা কেনে ধৰণৰ কাপোৰ পিন্ধিব নালাগে সেই লৈ অবাঞ্চিত বিতৰ্কৰ মহিলাৰ পুনৰ সূত্ৰপাত ঘটিছে আৰু এইবাৰ এই বিতৰ্কৰ সূত্ৰপাত হৈছে এগৰাকী তাৰকা অভিনেত্ৰীক কেন্দ্ৰ কৰি।

'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা টুইটটো @RetardedHurt নামৰ এটা প্ৰ'ফাইলৰ পৰা শ্বেয়াৰ কৰা হৈছিল। জনপ্ৰিয় অভিনেত্ৰী নিমৰাত কৌৰৰ এখন আলোকচিত্ৰ সংলগ্ন কৰি টুইটটোত বিভিন্ন ধৰণৰ অবাঞ্চিত মন্তব্য কৰা হৈছেআলোকচিত্ৰখনত নিমৰাত কৌৰে ক'লা পোছাক এযোৰ পৰিধান কৰা দেখা গৈছিল। ক’লা পোছাকেৰে সুশোভিত অভিনেত্ৰীগৰাকীৰ পোছাকক লৈ আপত্তি দৰ্শাই টুইটটো কৰিছিল অজ্ঞাত লোকজনে। তেওঁৰ অভিযোগ আছিল যে, অবিনেত্ৰীগৰাকীৰ বুকুখন অনাবৃত হৈ আছিল আৰু বক্ষ বিভাজিকা হৈ আছিল সুপষ্ট। এই পোছাকক লৈয়েই তীব্ৰ আপত্তি দৰ্শায় লোকজনে। লোকজনে টুইট কৰি প্ৰশ্ন কৰে যে, মহিলাসকলে কেৱল পুৰুষৰ নজৰলৈ আহিবলৈকে এনে কাপোৰ পিন্ধে নেকি। লগতে, তেওঁৰ প্ৰশ্ন হৈছে, মহিলাসকলে বক্ষ বিভাজিকা প্ৰকট কৰি কি সুখ পায়যদি পুৰুষ দেখুৱাবলৈকে এনে পোছাক নিপিন্ধে, তেন্তে মহিলাসকলে বক্ষ বিভাজিকা কিয় প্ৰদৰ্শন কৰে? এইটোৱে সামাজিক মাধ্যমত এক তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

 

জনপ্ৰিয় অভিনেত্ৰী নিমৰাত কৌৰে অলপতে জনপ্ৰিয় কমেডি শ্ব' 'দ্য কপিল শৰ্মা শ্ব'অংশ লৈছিলতাত নিমৰাত কৌৰে পিন্ধা পোছাকক লৈয়েই সূত্ৰপাত হয় বিতৰ্কৰ তেওঁ পিন্ধা পোছাকত তেওঁৰ বুকুৰ নিম্নাংশ স্পষ্টভাৱে ওলাই থকা বুলি অভিযোগ কৰি সূত্ৰপাত ঘটোৱা হৈছে বিতৰ্কৰ। ছবিখন শ্বেয়াৰ কৰি টুইটটোত প্ৰশ্ন কৰিছিল যে পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে মহিলাসকলে এনে কাপোৰ পিন্ধে নেকি? সেই 'আপত্তিজনক' প্ৰশ্নটো উত্থাপনৰ কেইমিনিটমানৰ ভিতৰতে টুইটাৰত তোলপাৰ লাগি যায়এই কাণ্ডক লৈ নেটিজেনসকল ক্ষুব্ধ হৈ পৰেবিভিন্নজনে প্ৰশ্ন কৰে যে, মহিলাৰ পোছাক সম্পৰ্কে এনেধৰণৰ অশ্লীল মন্তব্য কিমান দিনলৈ কৰা হ'? মহিলাসকলৰ তেওঁলোকৰ ইচ্ছা অনুসৰি পোছাক পিন্ধিবলৈ স্বাধীনতা আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ