--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ চলিত  ছিজনৰ প্ৰথমটো হেট্ৰিক অৰ্জন যুজবেন্দ্ৰ চাহালৰ। দুৰন্ত ফৰ্মত থকা চাহালে অকলেই কেকেআৰৰ শ্বাসৰুদ্ধকাৰী ৰান চেজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। ব্ৰাবোৰ্ণ ষ্টেডিয়ামত নিশা ৰাজস্থানৰ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাব তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ।

এসময়ত খেলখন সম্পূৰ্ণৰূপে বেলেঞ্চত আছিল। কলকাতাক জয়ৰ বাবে অন্তিম ৪ অ’ভাৰত প্ৰয়োজন আছিল ৪০ ৰানৰ। তেতিয়াই চাহালৰ মেজিক অ’ভাৰত সম্পূৰ্ণৰূপে  বিধ্বস্ত হৈ পৰে কলকাতা। ১৭ সংখ্যক অ’ভাৰত, চাহালে দিছিল মাত্ৰ ১ ৰান। হেট্ৰিকসহ ৪টা উইকেট দখল কৰে চাহালে। চাহালৰ মেজিক স্পিনত তাছ পাতৰ দৰে খহি পৰিল কলকাতাৰ বেটিং অৰ্ডাৰ। শ্ৰেয়াছ আৰু ভেঙ্কটেশ আয়াৰৰ পাছতে পেভেলীয়নমুখী হয় শিৱম মাভি আৰু পেট কামিন্সৰ দৰে তাৰকা বেটছমেন।

অন্তিম ৪ অ’ভাৰত, চাহালে ৪০ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰে। লীগ মেচৰ ইতিহাসত ২১টা হেট্ৰিক অৰ্জনেৰে অভিলেখ যুজবেন্দ্ৰ চাহালৰ। ৰাজস্থান ৰয়েলছৰ পঞ্চমজন বলাৰ হিচাপে এই কৃতিত্ব অৰ্জন চাহালৰ। ইয়াৰ পূৰ্বে ৰাজস্থানৰ হৈ আইপিএলত হেট্ৰিক অৰ্জন কৰিছিল অজিত ছাণ্ডিলা, শ্বেন ৱাটছন, প্ৰবীণ তাম্বে, শ্ৰেয়াছ গোপালে।

চাহালৰ যাদুকৰী স্পিন অ’ভাৰৰ বাবে ৰাজস্থানে চলিত ছিজনৰ চতুৰ্থ জয় অৰ্জন কৰে। ৭ ৰানত পৰাস্ত হয় কলকাতা। উল্লেখ্য যে, জছ বাটলাৰৰ দৰ্শনীয় শতকেৰে ৰাজস্থানে চলিত ছিজনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী দল হিচাপে বিবেচিত হৈছে।

হেট্ৰিক অৰ্জনৰ পাছত উচ্ছসিত চাহালে কয়, ‘খেলখনৰ ফলাফল সলনি কৰিবলৈ মই সেই সময়ত উইকেট ল'ব লগা হৈছিল। বলিং প্ৰদৰ্শন উন্নত কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছো। অধিনায়ক আৰু প্ৰশিক্ষকসকলৰ সৈতেও সময় অতিবাহিত কৰিছো। প্ৰথমে, ভাবিছিলো গুগলী বল কৰিম, কিন্তু বিপদা চপাই ল'ব খোজা নাছিলো। হেট্ৰিক নাপালেও মই সেই সময়ত ডট বল কৰিবলৈ পালেও অত্যন্ত সুখী হ'লোহেঁতেন। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ