--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ উন্মাদনা এতিয়াও মাৰ যোৱা নাই। ইয়াৰ মাজতে বলীউডত আন এখন বিয়াৰ গুঞ্জন উঠিছে। এইবাৰ ক্ৰিকেটাৰ আৰু অভিনেত্ৰীৰ বিবাহৰ খবৰে আলোড়নৰ সৃষ্টি কৰিছে গ্লেমাৰ জগতত। খবৰ অনুসৰি, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিবাহপাশত আৱদ্ধ হ'ব কেএল ৰাহুল-আথিয়া ছেট্টী।

উল্লেখ্য যে, সুনীল ছেট্টীৰ জীয়ৰী আথিয়াৰ সৈতে কেইবাবছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ তথা লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ অধিনায়ক কেএল ৰাহুলে সম্পৰ্কত আছে। দুয়োজনে একেলগে ছ’চিয়েল মিডিয়াত আলোকচিত্ৰ পোষ্ট কৰাও দেখি আহিছে অনুৰাগীয়ে। অলপতে ৰাহুলে ৩০ বছৰত ভৰি দিলে। ৰাহুক সাবটি আথিয়াই এখন ফটো পোষ্ট কৰি তেওঁৰ প্ৰতি থকা অফুৰন্ত প্ৰেম প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, আথিয়াই ২০১৫ চনত 'হিৰো' ছবিৰ জৰিয়তে বলীউডত অভিনয়ৰ আৰম্ভণি কৰিছিল। তাৰপাছত সুনীল তনয়াই দুখন চলচ্চিত্ৰত অভিনয় কৰিছে। এখন চলচ্চিত্ৰত এটা কেমিঅ' চৰিত্ৰত দেখা গৈছিল সুনীল কন্যাক। কিন্তু ৰাহুলৰ সৈতে থকা সম্পৰ্কৰ বাবে কেইবাবাৰো বাতৰিৰ শিৰোনাম দখল কৰিছে আথিয়াই। আথিয়াৰ পৰিয়ালৰ সৈতেও ভাল সম্পৰ্ক আছে ৰাহুলৰ। ৰাহুলৰ সফলতাক লৈ একাধিকবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে সুনীল ছেট্টীক। শুনিবলৈ পোৱা গৈছে যে, ৰাহুল-আথিয়াই তেওঁলোকৰ সম্পৰ্কক এক নতুন পৰিচয় দিয়াবলৈ আগবাঢ়িছে। দুয়োৰে পৰিয়ালৰ পৰাও আহিছে সেউজ সংকেত।  মাংগালোৰৰ বাসিন্দা সুনীল ছেট্টীৰ পৰিয়াল। ৰাহুলৰ পৰিয়ালৰ ঘৰো মাংগালোৰতে। দুয়োৰে বিবাহ দক্ষিণ ভাৰতীয় পৰম্পৰা অনুসৰিয়েই  হ'বলৈ গৈ আছে বুলি জানিবলৈ পোৱা গৈছে। দুয়োটা পৰিয়ালে বিয়াৰ বাবে প্ৰস্তুতি চলাই যোৱা বুলিও খবৰ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ