--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিষাদৰ ছাঁ নামি আহিছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডৰ জীৱনলৈ। দুদিন পূৰ্বে ইপিএলত নৰউইচৰ বিৰুদ্ধে দুৰন্ত হেট্ৰিক অৰ্জন কৰি দলটোক চমকপ্ৰদ বিজয়ৰ দিশে লৈ যাবলৈ সক্ষম হৈছিল এইগৰাকী ফুটবল তাৰকাই।উচ্ছসিত হৈ পৰিছিল ৰ’নাল্ড। কিন্তু এনেকৈ হঠাতে ৰ’নাল্ডৰ জীৱনলৈ বিষাদৰ মুহূৰ্ত নামি আহিব বুলি কোনে জানিছিল! সোমবাৰে নিশা, ৰ’নাল্ডৱে ছ'চিয়েল মিডিয়াত তেওঁৰ নৱজাতক পুত্ৰক হেৰুওৱাৰ কথা স্বেচ্ছাই ঘোষণা কৰে।

উল্লেখ্য যে, ৰ’নাল্ড আৰু তেওঁৰ প্ৰেমিকা জৰ্জিনা ৰ’ডৰিগেজৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম হয়। সেই যমজ সন্তানৰ ভিতৰত মৃত্যু হৈছে ৰ’নাল্ড পুত্ৰৰ। পুত্ৰশোকত কাতৰ ৰ’নাল্ডই ছ'চিয়েল মিডিয়াত লিখিছে, ‘গভীৰ দুখৰে জনাও, আমাৰ পুত্ৰৰ মৃত্যু হৈছে। যিকোনো অভিভাৱকৰ বাবে নিজ সন্তানৰ মৃত্যু সদায়ে এক বেদনাদায়ক ঘটনা। কন্যা সন্তান জীয়াই থকা কথাটোৱে আমাক এই কঠিন সময়ত শক্তি প্ৰদান কৰিছে। মোৰ পুত্ৰ, তুমি আমাৰ দেৱদূত। আমি সদায় তোমাক ভাল পাম।’ ৰ’নাল্ডৰ কন্যা জীৱিত। বৰ্তমান ক্ৰিষ্টিয়ানো ৰ’নাল্ডই কন্যাৰ মুখলৈ চাই পাহৰিব বিচাৰিছে সমস্ত দুখ।

তেওঁ আৰু লিখিছে, ‘চিকিৎসক আৰু নাৰ্ছসকলে আমাৰ লগতে এনেদৰে কাষত থিয় দিয়া বাবে ধন্যবাদ। আমি এই মুহূৰ্তত ভাগি পৰিছো।এই কঠিন মুহূৰ্তত আমি অকলে থাকিব বিচাৰিছো। আশা কৰোঁ সকলোৱে আমাৰ এই আৱেদনৰ প্ৰতি সঁহাৰি জনাব।’ ৰ’নাল্ডৰ জীৱনৰ এই কঠিন মুহূৰ্তত ম্যানচেষ্টাৰ ইউনাইটেডে অনুৰাগীক তেওঁৰ কাষত থিয় হোৱাৰ বাৰ্তা দিছে। ৰ’নাল্ডৰ ক্লাৱে টুইটযোগে লিখিছে যে, ‘এই বেদনা কেৱল আপোনাৰে নহয়,আমিও তাৰ সমভাগী। আমি আটাইয়ে আপোনাৰ পৰিয়ালৰ সৈতে আছোঁ। '

স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহতে ৰ’নাল্ড-জৰ্জিনাই তেওঁলোকৰ যমজ সন্তানৰ কথা ঘোষণা কৰিছিল। চিকিৎসকৰ প্ৰতিবেদনৰ সৈতে সামাজিক মাধ্যমত এখন ফটোও পোষ্ট কৰিছিল তাৰকা দম্পতীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ