--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিষাদৰ ছাঁ নামি আহিছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডৰ জীৱনলৈ। দুদিন পূৰ্বে ইপিএলত নৰউইচৰ বিৰুদ্ধে দুৰন্ত হেট্ৰিক অৰ্জন কৰি দলটোক চমকপ্ৰদ বিজয়ৰ দিশে লৈ যাবলৈ সক্ষম হৈছিল এইগৰাকী ফুটবল তাৰকাই।উচ্ছসিত হৈ পৰিছিল ৰ’নাল্ড। কিন্তু এনেকৈ হঠাতে ৰ’নাল্ডৰ জীৱনলৈ বিষাদৰ মুহূৰ্ত নামি আহিব বুলি কোনে জানিছিল! সোমবাৰে নিশা, ৰ’নাল্ডৱে ছ'চিয়েল মিডিয়াত তেওঁৰ নৱজাতক পুত্ৰক হেৰুওৱাৰ কথা স্বেচ্ছাই ঘোষণা কৰে।

উল্লেখ্য যে, ৰ’নাল্ড আৰু তেওঁৰ প্ৰেমিকা জৰ্জিনা ৰ’ডৰিগেজৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম হয়। সেই যমজ সন্তানৰ ভিতৰত মৃত্যু হৈছে ৰ’নাল্ড পুত্ৰৰ। পুত্ৰশোকত কাতৰ ৰ’নাল্ডই ছ'চিয়েল মিডিয়াত লিখিছে, ‘গভীৰ দুখৰে জনাও, আমাৰ পুত্ৰৰ মৃত্যু হৈছে। যিকোনো অভিভাৱকৰ বাবে নিজ সন্তানৰ মৃত্যু সদায়ে এক বেদনাদায়ক ঘটনা। কন্যা সন্তান জীয়াই থকা কথাটোৱে আমাক এই কঠিন সময়ত শক্তি প্ৰদান কৰিছে। মোৰ পুত্ৰ, তুমি আমাৰ দেৱদূত। আমি সদায় তোমাক ভাল পাম।’ ৰ’নাল্ডৰ কন্যা জীৱিত। বৰ্তমান ক্ৰিষ্টিয়ানো ৰ’নাল্ডই কন্যাৰ মুখলৈ চাই পাহৰিব বিচাৰিছে সমস্ত দুখ।

তেওঁ আৰু লিখিছে, ‘চিকিৎসক আৰু নাৰ্ছসকলে আমাৰ লগতে এনেদৰে কাষত থিয় দিয়া বাবে ধন্যবাদ। আমি এই মুহূৰ্তত ভাগি পৰিছো।এই কঠিন মুহূৰ্তত আমি অকলে থাকিব বিচাৰিছো। আশা কৰোঁ সকলোৱে আমাৰ এই আৱেদনৰ প্ৰতি সঁহাৰি জনাব।’ ৰ’নাল্ডৰ জীৱনৰ এই কঠিন মুহূৰ্তত ম্যানচেষ্টাৰ ইউনাইটেডে অনুৰাগীক তেওঁৰ কাষত থিয় হোৱাৰ বাৰ্তা দিছে। ৰ’নাল্ডৰ ক্লাৱে টুইটযোগে লিখিছে যে, ‘এই বেদনা কেৱল আপোনাৰে নহয়,আমিও তাৰ সমভাগী। আমি আটাইয়ে আপোনাৰ পৰিয়ালৰ সৈতে আছোঁ। '

স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহতে ৰ’নাল্ড-জৰ্জিনাই তেওঁলোকৰ যমজ সন্তানৰ কথা ঘোষণা কৰিছিল। চিকিৎসকৰ প্ৰতিবেদনৰ সৈতে সামাজিক মাধ্যমত এখন ফটোও পোষ্ট কৰিছিল তাৰকা দম্পতীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত