--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাজী লগাই এজন যুৱকে মাতি আনিলে নিজৰ মৃত্যুক। বন্ধুৰ সৈতে ১০ হাজাৰ টকাৰ বাজী লগাই যুৱকজনে ৫ বটল মদ খায়। ফলত যুৱকজনে কৰুণ মৃত্যুক সাবটি লয়। 

কৰ্ণাটকৰ কোলাৰ জিলাত ঘটিছে এই ঘটনা। মৃত যুৱকজনৰ নাম কাৰ্তিক। ২১ বছৰীয়া কাৰ্তিকে বাজী লগাই পানী নোহোৱাকৈ পাঁচ বটল সুৰা সেৱন কৰি মৃত্যুক সাৱটি লয়। 

জানিব পৰা মতে, কাৰ্তিকে বন্ধু ভেংকট ৰেড্ডীৰ সৈতে বাজী মাৰিছিল যে তেওঁ ১০ হাজাৰ টকাৰ বিনিময়ত পানী নিমিলোৱাকৈ সুৰা খাব। বাজীৰ চৰ্ত অনুসৰি তেওঁ পাঁচোটা মদৰ বটল পানীৰ লগত মিহলি নকৰাকৈয়ে পান কৰিছিল। ইয়াৰ পিছতে তেওঁ অচেতন হৈ পৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে কাৰ্তিকৰ মৃত্যু হয়।

উল্লেখ্য যে মাত্ৰ ৮ দিন পূৰ্বে এটি কন্যা সন্তানৰ পিতৃ হৈছিল কাৰ্তিক। এবছৰ পূৰ্বে বিয়া পাতিছিল যুৱকজনে। 

আৰক্ষীয়ে ঘটনাৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী বিষয়াসকলে অসাৱধানতাৰে মদ্যপানৰ বিপদৰ কথা পুনৰ উল্লেখ কৰি মদৰ সৈতে জড়িত বিপদজনক আচৰণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ