--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাজী লগাই এজন যুৱকে মাতি আনিলে নিজৰ মৃত্যুক। বন্ধুৰ সৈতে ১০ হাজাৰ টকাৰ বাজী লগাই যুৱকজনে ৫ বটল মদ খায়। ফলত যুৱকজনে কৰুণ মৃত্যুক সাবটি লয়। 

কৰ্ণাটকৰ কোলাৰ জিলাত ঘটিছে এই ঘটনা। মৃত যুৱকজনৰ নাম কাৰ্তিক। ২১ বছৰীয়া কাৰ্তিকে বাজী লগাই পানী নোহোৱাকৈ পাঁচ বটল সুৰা সেৱন কৰি মৃত্যুক সাৱটি লয়। 

জানিব পৰা মতে, কাৰ্তিকে বন্ধু ভেংকট ৰেড্ডীৰ সৈতে বাজী মাৰিছিল যে তেওঁ ১০ হাজাৰ টকাৰ বিনিময়ত পানী নিমিলোৱাকৈ সুৰা খাব। বাজীৰ চৰ্ত অনুসৰি তেওঁ পাঁচোটা মদৰ বটল পানীৰ লগত মিহলি নকৰাকৈয়ে পান কৰিছিল। ইয়াৰ পিছতে তেওঁ অচেতন হৈ পৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে কাৰ্তিকৰ মৃত্যু হয়।

উল্লেখ্য যে মাত্ৰ ৮ দিন পূৰ্বে এটি কন্যা সন্তানৰ পিতৃ হৈছিল কাৰ্তিক। এবছৰ পূৰ্বে বিয়া পাতিছিল যুৱকজনে। 

আৰক্ষীয়ে ঘটনাৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী বিষয়াসকলে অসাৱধানতাৰে মদ্যপানৰ বিপদৰ কথা পুনৰ উল্লেখ কৰি মদৰ সৈতে জড়িত বিপদজনক আচৰণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ