--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগামৰ আক্ৰমণৰ পাছত উত্তেজনা চৰম পৰ্যায়ত থকাৰ সময়তে ভাৰত আৰু পাকিস্তানৰ নৌসেনাই আৰব সাগৰত চলাইছে প্রায় মুখামুখি সমৰ অনুশীলন। আৰব সাগৰৰ গুজৰাট উপকূলত ভাৰতীয় অর্থনৈতিক মণ্ডলৰ ভিতৰত ভাৰতীয় নৌসেনাই ব্যাপক সামৰিক অনুশীলন কৰি আছে। কালিৰ পৰা আৰম্ভ হোৱা এই অনুশীলন ৩ মে'লৈকে চলিব। 

ভাৰতে পহলগামৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি পাকিস্তান শংকিত হৈ থকাৰ সময়তে ভাৰতীয় নৌসেনাই আৰব সাগৰত নিজৰ শক্তি প্ৰদৰ্শন কৰে। সামুদ্রিক সুৰক্ষা শক্তিশালী কৰাৰ লক্ষ্যৰে এই অনুশীলন কৰা হৈছে। 

বাতৰি প্রতিষ্ঠান এ এন আয়ে প্ৰতিৰক্ষা সূত্ৰৰ উদ্ধৃতি দিয় কয় যে আৰব সাগৰত যুঁজাৰু জাহাজ মোতায়েন কৰা হৈছে আৰু হাই এলার্ট জাৰি কৰা হৈছে। ভাৰতীয় নৌসেনাই সামাজিক মাধ্যমত প্রকাশ কৰা অনুসৰি ক্ষেপণাস্ত্ৰৰে যুঁজাৰু বিমান তথা যুঁজাৰু জাহাজ ধ্বংস কৰাৰ অনুশীলন কৰা হয়। যুদ্ধৰ সময়ত লক্ষ্যস্থানত নিখুঁত আক্রমণ, প্ৰতিৰক্ষা তথা আক্ৰমণত ব্যৱহাৰ কৰা প্ৰণালীসমূহ আৰু চালক দলৰ তৎপৰতা প্ৰদৰ্শন কৰাৰ আৰু সম্ভাব্য ভাবুকি প্ৰতিৰোধৰ অনুশীলন কৰা হৈছে। এই প্রস্তুতিৰ সম্পৰ্কত কোৱা হৈছে যে সেনাৰ আন দুটা বাহিনীৰ দৰে নৌসেনায়ো যিকোনো সময়ত পাকিস্তানৰ বাবে সংকটৰ সৃষ্টি কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। আনহাতে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নিৰীক্ষণ বৃদ্ধি কৰা আৰু নৌসেনাৰ সৈতে সমন্বয় ৰক্ষাৰ বাবে গুজৰাট উপকূলত সাগৰীয় সীমাত জাহাজ মোতায়েন কৰিছে। ইফালে ভাৰতীয় নৌসেনাৰ ক্ষেপণাস্ত্ৰৰে যুঁজাৰু বিমান তথা জাহাজ ধ্বংসৰ অনুশীলনে আৰব সাগৰত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে মাত্র ১৫৭ কিল 'মিটাৰ ব্যৱধানত পাকিস্তানী নৌসেনায়ো ব্যাপক অনুশীলন কৰি আছে। দুয়োপক্ষৰ অনুশীলনৰ শব্দই ৰজনজনাই - আছে আৰব সাগৰ। অৱশ্যে এই ক্ষেপণাস্ত্র আক্রমণ পৰস্পৰৰ বিৰুদ্ধে নহয়, অনুশীলনতহে কৰা হৈছে।

ইয়াৰ বাবে দুয়োখন দেশৰ নৌসেনাই 'নটাম' (নটিচ টু এংগাৰ মিছন) জাৰি কৰে। পাকিস্তানে আৰব সাগৰত - ক্ষেপণাস্ত্রসহ অনুশীলন কৰাৰ বিষয়ে জনাই জাৰি কৰা নটাম কালি বিয়লিৰ পৰা আজি শেষ নিশা তিনি বজালৈকে কাৰ্যকৰী হৈ থাকিব। উল্লেখযোগ্য যে ভাৰতীয় নৌ সেনায়ো একেধৰণৰ নটাম জাৰি কৰিছে। নটাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হৈ থাকে আৰু এই সময়ছোৱাত নিজ নিজ অঞ্চলত বিমানৰ উৰণ সম্পৰ্কীয় তথ্য থাকে। 

ভাৰতীয় নৌসেনাই ইয়াৰ আগতে আৰব সাগৰত পৃষ্ঠভাগৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰিছিল। ইফালে ভাৰতীয় নৌসেনাৰ যুঁজাৰু জাহাজ আই এন এছ-ছুৰাত প্ৰথমবাৰৰ বাবে ছুৰাটৰ হজীৰা বন্দৰত মোতায়েন কৰা হৈছে। এ এন আয়ে দিয়া বাতৰি মতে, পশ্চিম সীমান্তত ভাৰতীয় নৌ বাহিনীয়ে সকলো যুঁজাৰু জাহাজ তথা ছাবমেৰিন হাই এলার্ট কৰি ৰাখিছে৷

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ