--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ‘আইনী অনুৰোধ’ৰ বাবে ভাৰতত আৰ্শ্বাদ নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰা হৈছে।

ভাৰতত নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোকসকলে এই বাৰ্তা লাভ কৰিছে, "এই একাউণ্টটো ভাৰতত উপলব্ধ নহয়।" এই সিদ্ধান্ত আইনী অনুৰোধৰ পিছত লোৱা হৈছে।"

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল, য’ত বেছিভাগেই আছিল পৰ্যটক। ভাৰতত বৃহৎ সংখ্যক ফ’ল’ৱাৰ থকা পাকিস্তানৰ ছ’চিয়েল মিডিয়া একাউণ্ট চৰকাৰে ব্লক কৰিছে৷

চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতত কেইবাটাও পাকিস্তানী ইউটিউব চেনেলতো “ভাৰত, ইয়াৰ সামৰিক আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে প্ৰজ্বলনমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুৱা আৰু বিভ্ৰান্তিকৰ আখ্যান আৰু ভুল তথ্য বিয়পাই দিয়াৰ বাবে” নিষিদ্ধ কৰা হৈছিল।

ভাৰতত ব্লক কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰ, বাছিত আলী আৰু শ্বাহিদ আফ্ৰিদীৰ ইউটিউব একাউণ্ট। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট অৱশ্যে উপলব্ধ। পাকিস্তানী অভিনেতা আলী জাফৰ আৰু মহিৰা খানৰ ইনষ্টাগ্ৰাম একাউণ্টো ভাৰতে ব্লক কৰিছে ।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিশোধ বিচাৰে। ইফালে, পাকিস্তানী খেলুৱৈ আৰ্শ্বাদ নাদীমক ভাৰতলৈ মাতি অনা বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত অহৰহ সমালোচনাৰ পাত্ৰ হৈ আছিল এথলীট নীৰজ চোপ্ৰা। ইয়াৰ পিছত তেওঁ স্পষ্টীকৰণ দি কয় যে মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখি দুখ লাগে।

নীৰজে লিখিছে, "মই সাধাৰণতে কম শব্দৰ মানুহ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই যিটো ভুল বুলি ভাবো তাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰো। বিশেষকৈ যেতিয়া আমাৰ দেশৰ প্ৰতি মোৰ প্ৰেম আৰু মোৰ পৰিয়ালৰ সন্মান আৰু প্ৰতিপত্তিক লৈ প্ৰশ্ন উত্থাপন কৰা হয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ