--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ‘আইনী অনুৰোধ’ৰ বাবে ভাৰতত আৰ্শ্বাদ নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰা হৈছে।

ভাৰতত নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোকসকলে এই বাৰ্তা লাভ কৰিছে, "এই একাউণ্টটো ভাৰতত উপলব্ধ নহয়।" এই সিদ্ধান্ত আইনী অনুৰোধৰ পিছত লোৱা হৈছে।"

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল, য’ত বেছিভাগেই আছিল পৰ্যটক। ভাৰতত বৃহৎ সংখ্যক ফ’ল’ৱাৰ থকা পাকিস্তানৰ ছ’চিয়েল মিডিয়া একাউণ্ট চৰকাৰে ব্লক কৰিছে৷

চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতত কেইবাটাও পাকিস্তানী ইউটিউব চেনেলতো “ভাৰত, ইয়াৰ সামৰিক আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে প্ৰজ্বলনমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুৱা আৰু বিভ্ৰান্তিকৰ আখ্যান আৰু ভুল তথ্য বিয়পাই দিয়াৰ বাবে” নিষিদ্ধ কৰা হৈছিল।

ভাৰতত ব্লক কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰ, বাছিত আলী আৰু শ্বাহিদ আফ্ৰিদীৰ ইউটিউব একাউণ্ট। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট অৱশ্যে উপলব্ধ। পাকিস্তানী অভিনেতা আলী জাফৰ আৰু মহিৰা খানৰ ইনষ্টাগ্ৰাম একাউণ্টো ভাৰতে ব্লক কৰিছে ।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিশোধ বিচাৰে। ইফালে, পাকিস্তানী খেলুৱৈ আৰ্শ্বাদ নাদীমক ভাৰতলৈ মাতি অনা বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত অহৰহ সমালোচনাৰ পাত্ৰ হৈ আছিল এথলীট নীৰজ চোপ্ৰা। ইয়াৰ পিছত তেওঁ স্পষ্টীকৰণ দি কয় যে মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখি দুখ লাগে।

নীৰজে লিখিছে, "মই সাধাৰণতে কম শব্দৰ মানুহ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই যিটো ভুল বুলি ভাবো তাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰো। বিশেষকৈ যেতিয়া আমাৰ দেশৰ প্ৰতি মোৰ প্ৰেম আৰু মোৰ পৰিয়ালৰ সন্মান আৰু প্ৰতিপত্তিক লৈ প্ৰশ্ন উত্থাপন কৰা হয়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ