--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বিশেষ দিনটোত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাগ্ৰিজুলী পথৰ ডোঙাৰ গাঁওৰ পৰা ঢেকিপোটালৈ এহেজাৰ জোপা নাহৰৰ পুলি ৰোপণ কৰা হয় আৰু তেনেই গছবোৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে যুৱ সমাজে।

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাত জুবিন অনুৰাগী আৰু যুৱ সমাজ লতিবাৰীৰ উদ্যোগত আজিৰ দিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহপূৰ্ণ হোৱাৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়।


এই বিশেষ দিনটোত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাগ্ৰিজুলী পথৰ ডোঙাৰ গাঁওৰ পৰা ঢেকিপোটালৈ এহেজাৰ জোপা নাহৰৰ পুলি ৰোপণ কৰা হয় আৰু তেনেই গছবোৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে যুৱ সমাজে।


অনুষ্ঠানত নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী দাসৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধীয়ে উপস্থিত থাকি উদ্যোগটোক অভিনন্দন জনায়।


প্ৰায় ডেৰ শতাধিক যুৱকে অংশগ্ৰহণ কৰা এই বৃক্ষৰোপণ অভিযানৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত