--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰৰ কাষতে থকা নৈৰ পাৰত উদ্ধাৰ হয় মাংসখিনি ৷ কেইজনমান যুৱকে নৈখনৰ পাৰত বহু লোকে গো মাংস কাটি থকা প্ৰত্যক্ষ কৰে ৷

ডিজিটেল ডেস্কঃ কাতি বিহুৰ দিনাই ৰঙাপৰাত উদ্ধাৰ হ’ল গো মাংস ৷ গৰুৰ মাংস উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙাপৰাত ৷ 


ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰৰ কাষতে থকা নৈৰ পাৰত উদ্ধাৰ হয় মাংসখিনি ৷ কেইজনমান যুৱকে নৈখনৰ পাৰত বহু লোকে গো মাংস কাটি থকা প্ৰত্যক্ষ কৰে ৷ উক্ত লোক কেইজনে যুৱক কেইজনক উক্ত স্থানৰ পৰা আতৰি যাবলৈ কয় ৷ পাছত যুৱক কেইজনে আন যুৱকক খবৰ দিয়াত একাংশ লোক উপস্থিত হোৱাৰ পূৰ্বেই গো মাংস কাটি থকা লোক কেইজন মাংস লৈ পলায়ন কৰে ৷ লোক কেইজনে দুখন চাইকেল এখন দা আৰু কিছু মাংস থৈ পলায়ন কৰে ৷ 


প্ৰায় দহজনীয়া এটি দলে গো মাংস কাটি বিতৰন কৰি থকা প্ৰত্যক্ষ কৰিছিল যুৱকৰ দলটিয়ে ৷ ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ গৰু মুৰ, দুখন ঠেং আৰু এটা বেগৰ ভিতৰত মাংস উদ্ধাৰ কৰাৰ লগতে এখন দা আৰু দুখন চাইকেল জব্দ কৰে ৷ আৰক্ষীয়ে বৰ্তমান তদন্ত আব্যাহত ৰাখিছে ৷  






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত