ডিজিটেল ডেস্কঃ ‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ’’- আজি কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।
এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।মাহ-প্ৰসাদ খায়। মাহ প্ৰসাদ খাবলৈ ইঘৰে-সিঘৰৰ ঘৰলৈও যায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। পিঠা-পনাও কমকৈ হ'লেও প্ৰস্তুত কৰা হয়।
ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।
অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে ।
সকলোলৈ কাতি বিহুৰ আন্তৰিক ওলগ জনালোঁ।