--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।মাহ-প্ৰসাদ খায়। মাহ প্ৰসাদ খাবলৈ ইঘৰে-সিঘৰৰ ঘৰলৈও যায়।

ডিজিটেল ডেস্কঃ  ‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ’’- আজি কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।


এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।মাহ-প্ৰসাদ খায়। মাহ প্ৰসাদ খাবলৈ ইঘৰে-সিঘৰৰ ঘৰলৈও যায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। পিঠা-পনাও কমকৈ হ'লেও প্ৰস্তুত কৰা হয়।


ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।


অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে ।


সকলোলৈ কাতি বিহুৰ আন্তৰিক ওলগ জনালোঁ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ