ডিজিটেল ডেস্ক: সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাহোলা গোহাঁই গাঁৱৰ এজন যুৱক চাৰি দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা যুৱকজন হৈছে অনুপম সন্দিকৈ, বয়স ২৬ বছৰ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, অনুপম সন্দিকৈয়ে শেষবাৰৰ বাবে এখন Yamaha RAYZR Scooty, নম্বৰ WB AG 7866 লৈ ঘৰৰ পৰা ওলাই গৈছিল। তাৰপাছৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই পৰিয়ালৰ লোকে।
আত্মীয়-স্বজন, বন্ধু-বান্ধৱ সকলোতে বিচাৰ-খোচাৰ কৰাৰ পাছতো কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। ইতিমধ্যে স্থানীয় বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
যদি কোনো সদাশয় ব্যক্তিয়ে অনুপম সন্দিকৈৰ সন্ধান পায় তেন্তে 9394760681 পৰিয়ালৰ লোক বা আৰক্ষী থানাত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।