--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ ১৪ জিলাত আৰম্ভ ভোটগ্ৰহণ। আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। পুৱাৰে পৰা উজনি অসম আৰু বৰাক উপত্যকাত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।পঞ্চায়ত নিৰ্বাচন সুকলমে সম্পন্ন হবলৈ ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। 

১৪ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি ল’ব ZPC ৰ ২১৬ খন আসন। ১৪ খন জিলাত AP ৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। নিৰ্বাচনৰ বাবে সাজু ১২,৯১৬ টা ভোটকেন্দ্ৰ। ভোটকেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ১৮৮১ ৰ এন আই আইন অনুসৰি বন্ধ ঘোষণা। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ।

আজি পঞ্চায়ত নিৰ্বাচন হৈ থকা ১৪খন জিলা- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা।

অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। ১১ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ