--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ ১৪ জিলাত আৰম্ভ ভোটগ্ৰহণ। আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। পুৱাৰে পৰা উজনি অসম আৰু বৰাক উপত্যকাত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।পঞ্চায়ত নিৰ্বাচন সুকলমে সম্পন্ন হবলৈ ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। 

১৪ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে নিৰ্বাচন।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি ল’ব ZPC ৰ ২১৬ খন আসন। ১৪ খন জিলাত AP ৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। নিৰ্বাচনৰ বাবে সাজু ১২,৯১৬ টা ভোটকেন্দ্ৰ। ভোটকেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৪ খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ১৮৮১ ৰ এন আই আইন অনুসৰি বন্ধ ঘোষণা। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ।

আজি পঞ্চায়ত নিৰ্বাচন হৈ থকা ১৪খন জিলা- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা।

অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। ১১ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ