--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা শিলচৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। হৃদৰোগত আক্রান্ত হৈ এগৰাকী পঞ্চায়ত নিৰ্বাচনৰ কামত নিয়োজিত শিক্ষকৰ মৃত্যু ঘটিছে। মৃত ব্যক্তিজন নুৰুল হক চৌধুৰী (খুকন) বুলি চিনাক্ত কৰা হৈছে, যাৰ বয়স প্ৰায় ৫৫ বছৰ।

নুৰুল হক চৌধুৰী শিলচৰ হাইলাকান্দি ৰোডস্থিত চোৰনা মটৰ্ছৰ কাষৰ ঘৰত বাস কৰিছিল। তেওঁ স্বাস্থ্য বিভাগৰ অধীনত ৰুৰেল হেল্থ ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল। পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁৰ নাম সোনাই নগ্ধিগ্ৰামৰ এটা ভোট কেন্দ্ৰত পোলিং কৰ্মচাৰী হিচাপে নিযুক্ত কৰা হৈছিল।

জানিব পৰা মতে, আজি পুৱা প্ৰায় ৪:৩০ বজাত তেওঁ নিজৰ ঘৰ পৰা শিলচৰ ৰামনগৰত থকা ISBT-স্থিত ষ্ট্ৰং ৰুমলৈ ভোটগ্ৰহণৰ সামগ্ৰী ল’বলৈ ওলাই আহিছিল। কিন্তু তাৰ আগতেই হঠাতে নিজৰ ঘৰতে হৃদৰোগত আক্রান্ত হৈ তেওঁৰ মৃত্যু ঘটে।এই অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছায়া বিস্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ