--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পুৱা শিলচৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। হৃদৰোগত আক্রান্ত হৈ এগৰাকী পঞ্চায়ত নিৰ্বাচনৰ কামত নিয়োজিত শিক্ষকৰ মৃত্যু ঘটিছে। মৃত ব্যক্তিজন নুৰুল হক চৌধুৰী (খুকন) বুলি চিনাক্ত কৰা হৈছে, যাৰ বয়স প্ৰায় ৫৫ বছৰ।

নুৰুল হক চৌধুৰী শিলচৰ হাইলাকান্দি ৰোডস্থিত চোৰনা মটৰ্ছৰ কাষৰ ঘৰত বাস কৰিছিল। তেওঁ স্বাস্থ্য বিভাগৰ অধীনত ৰুৰেল হেল্থ ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল। পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁৰ নাম সোনাই নগ্ধিগ্ৰামৰ এটা ভোট কেন্দ্ৰত পোলিং কৰ্মচাৰী হিচাপে নিযুক্ত কৰা হৈছিল।

জানিব পৰা মতে, আজি পুৱা প্ৰায় ৪:৩০ বজাত তেওঁ নিজৰ ঘৰ পৰা শিলচৰ ৰামনগৰত থকা ISBT-স্থিত ষ্ট্ৰং ৰুমলৈ ভোটগ্ৰহণৰ সামগ্ৰী ল’বলৈ ওলাই আহিছিল। কিন্তু তাৰ আগতেই হঠাতে নিজৰ ঘৰতে হৃদৰোগত আক্রান্ত হৈ তেওঁৰ মৃত্যু ঘটে।এই অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছায়া বিস্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ