--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ইন্ডাষ্ট্ৰিৰ লিভিং লিজেণ্ড ৰেখা। আশী দশকৰ ৰেখাৰ ৰূপ আজিও অম্লান। যি ৰূপে আজিও মুগ্ধ কৰে অগণন অনুৰাগীক। বিভিন্ন সময়ত বিভিন্ন প্ৰসংগৰ বাবে খবৰৰ শিৰোনামলৈ আহিছে তেওঁ। ৰেখাক লৈ আজিও কৌতুহল বৰ্তমান। অভিনয় জগতলৈ স্বেচ্ছাই অহা নাছিল ৰেখাই। পৰিয়ালৰ চাপৰ বাবেই বলীউডৰ মঞ্চত ভৰি দিছিল ৰূপৱতী ৰেখাই। ১৯৬৬ চনত 'ৰঙ্গুলা ৰত্নম' চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল ৰেখাই। অনিচ্ছা স্বত্বেও, ৰেখাই কেৱল মাতৃৰ তাগিদাতে ৰূপালী পৰ্দাত আৱিৰ্ভাব ঘটিছিল আইকনিক হিৰোইন ৰেখাৰ।

অভিনেত্ৰীগৰাকীয়ে একাধিক সাক্ষাৎকাৰত কেইবাবাৰো কৈছে যে, অভিনয় কৰিবলৈ নিবিচাৰিলেই ভাতৃয়ে প্ৰহাৰ কৰিছিল। আনকি নৱম শ্ৰেণীৰ পাছত  পঢ়া-শুনাও বন্ধ কৰি দিয়া হৈছিল। স্মৰ্তব্য যে, ৰেখাৰ মাতৃ পুষ্পাৱলী তেলেগু চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল। পৰৱৰ্তী সময়ত  নিজৰ ছোৱালীকো অভিনয়ৰ বাবে উত্‍সাহ যোগাইছিল। পাছে বলীউড ইন্ডাষ্ট্ৰিত ভৰি থৈয়েই মাত্ৰ ১৪বছৰ বয়সত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰেখাই। 

এই ঘটনাই জোকাৰি গৈছিল ৰেখাক। ১৯৬৯ চনতে বলীউডত ভৰি দিছিল ৰেখাই। প্ৰথমখন ছবিত তেতি য়াৰ জনপ্ৰিয় তাৰকা বিশ্বজিত চট্টোপাধ্যায়ৰ বিপৰীতে অভিনয় কৰিছিল ৰেখাই। ছবিখনৰ এঠাইত ৰেখাক নজনোৱাকৈয়ে চুম্বনৰ ছিকুৱেণ্স ৰখা হৈছিল। দৃশ্যগ্ৰহণ চলি থকা সময়তে অভিনেত্ৰীৰ ওঁঠত চুম্বন কৰিছিল বিশ্বজিত্‍ চট্টোপাধ্যায়ে। দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছতো অভিনেত্ৰীৰ ওঁঠৰ পৰা ওঁঠ আঁতৰাই অনা নাছিল অভিনেতাই।এই ঘটনা পোহৰলৈ অহাৰ পাছতে চৌদিশে চৰ্চিত হৈ পৰিছিল বিষয়টো। পাছে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত ব্যাঘাত জন্মিব পাৰে বুলি ভাবিয়েই বিষয়টো গাপ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান