--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ইন্ডাষ্ট্ৰিৰ লিভিং লিজেণ্ড ৰেখা। আশী দশকৰ ৰেখাৰ ৰূপ আজিও অম্লান। যি ৰূপে আজিও মুগ্ধ কৰে অগণন অনুৰাগীক। বিভিন্ন সময়ত বিভিন্ন প্ৰসংগৰ বাবে খবৰৰ শিৰোনামলৈ আহিছে তেওঁ। ৰেখাক লৈ আজিও কৌতুহল বৰ্তমান। অভিনয় জগতলৈ স্বেচ্ছাই অহা নাছিল ৰেখাই। পৰিয়ালৰ চাপৰ বাবেই বলীউডৰ মঞ্চত ভৰি দিছিল ৰূপৱতী ৰেখাই। ১৯৬৬ চনত 'ৰঙ্গুলা ৰত্নম' চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল ৰেখাই। অনিচ্ছা স্বত্বেও, ৰেখাই কেৱল মাতৃৰ তাগিদাতে ৰূপালী পৰ্দাত আৱিৰ্ভাব ঘটিছিল আইকনিক হিৰোইন ৰেখাৰ।

অভিনেত্ৰীগৰাকীয়ে একাধিক সাক্ষাৎকাৰত কেইবাবাৰো কৈছে যে, অভিনয় কৰিবলৈ নিবিচাৰিলেই ভাতৃয়ে প্ৰহাৰ কৰিছিল। আনকি নৱম শ্ৰেণীৰ পাছত  পঢ়া-শুনাও বন্ধ কৰি দিয়া হৈছিল। স্মৰ্তব্য যে, ৰেখাৰ মাতৃ পুষ্পাৱলী তেলেগু চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল। পৰৱৰ্তী সময়ত  নিজৰ ছোৱালীকো অভিনয়ৰ বাবে উত্‍সাহ যোগাইছিল। পাছে বলীউড ইন্ডাষ্ট্ৰিত ভৰি থৈয়েই মাত্ৰ ১৪বছৰ বয়সত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰেখাই। 

এই ঘটনাই জোকাৰি গৈছিল ৰেখাক। ১৯৬৯ চনতে বলীউডত ভৰি দিছিল ৰেখাই। প্ৰথমখন ছবিত তেতি য়াৰ জনপ্ৰিয় তাৰকা বিশ্বজিত চট্টোপাধ্যায়ৰ বিপৰীতে অভিনয় কৰিছিল ৰেখাই। ছবিখনৰ এঠাইত ৰেখাক নজনোৱাকৈয়ে চুম্বনৰ ছিকুৱেণ্স ৰখা হৈছিল। দৃশ্যগ্ৰহণ চলি থকা সময়তে অভিনেত্ৰীৰ ওঁঠত চুম্বন কৰিছিল বিশ্বজিত্‍ চট্টোপাধ্যায়ে। দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছতো অভিনেত্ৰীৰ ওঁঠৰ পৰা ওঁঠ আঁতৰাই অনা নাছিল অভিনেতাই।এই ঘটনা পোহৰলৈ অহাৰ পাছতে চৌদিশে চৰ্চিত হৈ পৰিছিল বিষয়টো। পাছে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত ব্যাঘাত জন্মিব পাৰে বুলি ভাবিয়েই বিষয়টো গাপ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ