--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজকুমাৰ হিৰাণী মানেই যেন ভৰপূৰ মনোৰঞ্জন। পৰিসীমা ভঙা সাফল্য। ‘মুন্নাভাই’ৰ পৰা ‘থ্ৰী ইডিয়টছ’, ‘সঞ্জু’লৈ। এইবোৰ ছবিয়ে মনোৰঞ্জনৰ দিশৰ পৰা সকলোকে আলোড়িত কৰি আহিছে। আজিও থ্ৰী ইডিয়টছ বা মু্ন্নাভাই ছিৰিজৰ ছবিয়ে সকলোকে নিৰ্মল আনন্দ-বিনোদন দি আহিছে। কিন্তু তেওঁৰ এটা পুৰণি হাবিয়াস ইমানদিনে অপূৰণ হৈ আহিছিল। এইবাৰ সেই হেঁপাহো পূৰণ কৰিবলৈ অগ্ৰসৰ হৈছে প্ৰখ্যাত ছবি নিৰ্মাতাগৰাকীয়ে। পিছে কিনো সেই অপূৰণ হাবিয়াস পূৰণ কৰিবলৈ লৈছে ৰাজকুমাৰ হিৰাণীয়ে?

 

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে আজিলৈকে ৰাজকুমাৰ হিৰাণীৰ ছবিত কাম কৰা নাছিল। প্ৰখ্যাত পৰিচালকগৰাকীৰ সৈতে শ্বাহৰুখৰ কাম কৰাৰ হাবিয়াসো অধৰুৱা হৈ আছিল। কিন্তু এইবাৰ দুয়োগৰাকী তাৰকাৰে হাবিয়াস পূৰণ হ’বলৈ গৈ আছে। শ্বাহৰুখে এইবাৰ হিৰাণীক ছবিত অভিন কৰিব। এয়া একেবাৰতে নিশ্চিত বাতৰি। কোনো গছিপ নহয়স্বয়ং শ্বাহৰুখ খানে নিজেই এই খবৰৰ সত্যতাত মোহৰ মাৰিছে

 

শ্বাহৰুখ খানে মঙলবাৰে আবেলি এটা টুইটযোগে তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাল খবৰটো শ্বেয়াৰ কৰে। বাদশ্বাহে ছবিখনৰ নাম উল্লেখ কৰাৰ লগতে ছবিখন কেতিয়া মুক্তি পাব সে ঘোষণা কৰিছে এই ছবিখনৰ নাম হৈছে ডাংকী (Dunki)

 

প্ৰতিভাশালী অভিনেত্ৰী তাপসী পান্নুৱে তেওঁৰ সৈতে ছবিখনত অভিনয় কৰিব। ছবিখনৰ বিষয়ে ঘোষণা কৰি শ্বাহৰুখে লিখিছে, মৰমৰ ৰাজকুমাৰ হিৰাণী ছাৰ, আপুনি মোৰ ছাণ্টা ক্লজ হৈ পৰিছে! আপুনি নতুন ছবিখনৰ কাম আৰম্ভ কৰক মই ঠিক সময়ত ছেটত উপস্থিত 'ম। তাতকৈ বৰং মই ছেটে থাকি যোৱাটোৱেই ভাল হ’ব আপোনাৰ ছবিৰ অংশ হ’বলৈ পাই মই কৃতজ্ঞ আৰু ৰোমাঞ্চিত অনুভৱ কৰা। মই অৱশেষত আপোনাৰ সৈতে কাম কৰাৰ সুযোগ পালোঅহা বছৰৰ ২২ ডিচেম্বৰত আমি সকলোৰে বাবে  Dunki লৈ আহিম।


এই খবৰটো পৰিচালক ৰাজকুমাৰ হিৰাণীয়েও নিশ্চিত কৰিছে। এতিয়ালৈকে মোৰ কেৰিয়াৰত শ্বাহৰুখৰ সৈতে কাম কৰিবলৈ মোৰ সদায় হাবিয়াস অপূৰণ হৈ থাকি গৈছিল। মই আগতে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও সেয়া হৈ উঠা নাছিল। অৱশেষত, আমাৰ জোঁটবন্ধন সম্ভৱ হৈ উঠিল  Dunki ৰ সৈতে আৰম্ভ হ'ব। শ্বাহৰুখে এখন চলচ্চিত্ৰত যি পৰিমাণ সঞ্জীৱনী ঢালি দিয়ে তাৰ তুলনা পাবলৈ নাই। এই ছবিখন ডাঙৰ পৰ্দালৈ অনাৰ বাবে অধীৰভাৱে অপেক্ষা কৰি আছোঁ।’

 

শ্বাহৰুখ খানে ৰাজকুমাৰ হিৰাণীৰ বিষয়ে অধিক উচ্ছ্বসিত মন্তব্য কৰি কৈছে যে, ৰাজকুমাৰ হিৰাণী আমাৰ প্ৰজন্মৰ অন্যতম মহান চলচ্চিত্ৰ নিৰ্মাতা। মই বহুত সুখী যে আমি অৱশেষত একেলগে কাম কৰাৰ সুযোগ পালোঁ। ৰাজুৰ বাবে মই গাধ, বান্দৰ সকলো 'বলৈ ইচ্ছুক!"


আনহাতে, শ্বাহৰুখ খানৰ বহু প্ৰতীক্ষিত ছবি পাঠান এই বছৰ মুক্তি পাব। দীপিকা পাডুকন আৰু জন আব্ৰাহামক ছবিখনত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰা দেখা যাব। কিং খানে মুম্বাইত শ্বুটিং সম্পূৰ্ণ কৰাৰ পিছত স্পেইনলৈ উৰা মাৰিব। এই একচন পেকড চলচ্চিত্ৰখনত বলীউডৰ আন এজন খানক এটা সৰু চৰিত্ৰত দেখা যাব। লমান খানে তেওঁৰ বন্ধু শ্বাহৰুখ খানৰ ছবিখনত মুখ দেখুৱাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ