--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজকুমাৰ হিৰাণী মানেই যেন ভৰপূৰ মনোৰঞ্জন। পৰিসীমা ভঙা সাফল্য। ‘মুন্নাভাই’ৰ পৰা ‘থ্ৰী ইডিয়টছ’, ‘সঞ্জু’লৈ। এইবোৰ ছবিয়ে মনোৰঞ্জনৰ দিশৰ পৰা সকলোকে আলোড়িত কৰি আহিছে। আজিও থ্ৰী ইডিয়টছ বা মু্ন্নাভাই ছিৰিজৰ ছবিয়ে সকলোকে নিৰ্মল আনন্দ-বিনোদন দি আহিছে। কিন্তু তেওঁৰ এটা পুৰণি হাবিয়াস ইমানদিনে অপূৰণ হৈ আহিছিল। এইবাৰ সেই হেঁপাহো পূৰণ কৰিবলৈ অগ্ৰসৰ হৈছে প্ৰখ্যাত ছবি নিৰ্মাতাগৰাকীয়ে। পিছে কিনো সেই অপূৰণ হাবিয়াস পূৰণ কৰিবলৈ লৈছে ৰাজকুমাৰ হিৰাণীয়ে?

 

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে আজিলৈকে ৰাজকুমাৰ হিৰাণীৰ ছবিত কাম কৰা নাছিল। প্ৰখ্যাত পৰিচালকগৰাকীৰ সৈতে শ্বাহৰুখৰ কাম কৰাৰ হাবিয়াসো অধৰুৱা হৈ আছিল। কিন্তু এইবাৰ দুয়োগৰাকী তাৰকাৰে হাবিয়াস পূৰণ হ’বলৈ গৈ আছে। শ্বাহৰুখে এইবাৰ হিৰাণীক ছবিত অভিন কৰিব। এয়া একেবাৰতে নিশ্চিত বাতৰি। কোনো গছিপ নহয়। স্বয়ং শ্বাহৰুখ খানে নিজেই এই খবৰৰ সত্যতাত মোহৰ মাৰিছে।

 

শ্বাহৰুখ খানে মঙলবাৰে আবেলি এটা টুইটযোগে তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাল খবৰটো শ্বেয়াৰ কৰে। বাদশ্বাহে ছবিখনৰ নাম উল্লেখ কৰাৰ লগতে ছবিখন কেতিয়া মুক্তি পাব সেই ঘোষণাও কৰিছে। এই ছবিখনৰ নাম হৈছে ডাংকী (Dunki)।

 

প্ৰতিভাশালী অভিনেত্ৰী তাপসী পান্নুৱে তেওঁৰ সৈতে ছবিখনত অভিনয় কৰিব। ছবিখনৰ বিষয়ে ঘোষণা কৰি শ্বাহৰুখে লিখিছে, ‘মৰমৰ ৰাজকুমাৰ হিৰাণী ছাৰ, আপুনি মোৰ ছাণ্টা ক্লজ হৈ পৰিছে! আপুনি নতুন ছবিখনৰ কাম আৰম্ভ কৰক মই ঠিক সময়ত ছেটত উপস্থিত হ'ম। তাতকৈ বৰং মই ছেটে থাকি যোৱাটোৱেই ভাল হ’ব। আপোনাৰ ছবিৰ অংশ হ’বলৈ পাই মই কৃতজ্ঞ আৰু ৰোমাঞ্চিত অনুভৱ কৰা। মই অৱশেষত আপোনাৰ সৈতে কাম কৰাৰ সুযোগ পালোঁ। অহা বছৰৰ ২২ ডিচেম্বৰত আমি সকলোৰে বাবে  Dunki লৈ আহিম।’


এই খবৰটো পৰিচালক ৰাজকুমাৰ হিৰাণীয়েও নিশ্চিত কৰিছে। ‘এতিয়ালৈকে মোৰ কেৰিয়াৰত শ্বাহৰুখৰ সৈতে কাম কৰিবলৈ মোৰ সদায় হাবিয়াস অপূৰণ হৈ থাকি গৈছিল। মই আগতে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও সেয়া হৈ উঠা নাছিল। অৱশেষত, আমাৰ জোঁটবন্ধন সম্ভৱ হৈ উঠিল  Dunki ৰ সৈতে আৰম্ভ হ'ব। শ্বাহৰুখে এখন চলচ্চিত্ৰত যি পৰিমাণে সঞ্জীৱনী ঢালি দিয়ে তাৰ তুলনা পাবলৈ নাই। এই ছবিখন ডাঙৰ পৰ্দালৈ অনাৰ বাবে অধীৰভাৱে অপেক্ষা কৰি আছোঁ।’

 

শ্বাহৰুখ খানে ৰাজকুমাৰ হিৰাণীৰ বিষয়ে অধিক উচ্ছ্বসিত মন্তব্য কৰি কৈছে যে, ‘ৰাজকুমাৰ হিৰাণী আমাৰ প্ৰজন্মৰ অন্যতম মহান চলচ্চিত্ৰ নিৰ্মাতা। মই বহুত সুখী যে আমি অৱশেষত একেলগে কাম কৰাৰ সুযোগ পালোঁ। ৰাজুৰ বাবে মই গাধ, বান্দৰ সকলো হ'বলৈ ইচ্ছুক!"


আনহাতে, শ্বাহৰুখ খানৰ বহু প্ৰতীক্ষিত ছবি ‘পাঠান’ এই বছৰ মুক্তি পাব। দীপিকা পাডুকন আৰু জন আব্ৰাহামক ছবিখনত শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰা দেখা যাব। কিং খানে মুম্বাইত শ্বুটিং সম্পূৰ্ণ কৰাৰ পিছত স্পেইনলৈ উৰা মাৰিব। এই একচন পেকড চলচ্চিত্ৰখনত বলীউডৰ আন এজন খানক এটা সৰু চৰিত্ৰত দেখা যাব। ছলমান খানে তেওঁৰ বন্ধু শ্বাহৰুখ খানৰ ছবিখনত মুখ দেখুৱাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত