--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেওবাৰে বি এছ এফৰ সূত্রই প্রকাশ কৰা মতে, পাকিস্তানী মাছমৰীয়াকেইজনৰ পৰা এখন ইঞ্জিনযুক্ত নাও জব্দ কৰা হয়।

ডিজিটেল ডেস্ক : গুজৰাটৰ কচ্চ জিলাত থকা ভাৰত-পাকিস্তান সীমান্তৰ সমীপত সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) ১৫জন পাকিস্তানী মাছমৰীয়াক আটক কৰে।


দেওবাৰে বি এছ এফৰ সূত্রই প্রকাশ কৰা মতে, পাকিস্তানী মাছমৰীয়াকেইজনৰ পৰা এখন ইঞ্জিনযুক্ত নাও জব্দ কৰা হয়।


ৰাজ্যখনৰ কচ্চ অঞ্চলৰ কোৰী ক্রীকত ব'ৰ্ডাৰ আউটপ'ষ্টৰ এলেকাত এখন অচিনাক্ত নাও থকাৰ বিয়য়ে বিশেষ খবৰ লাভ কৰি বি এছ এফৰ লোকে শনিবাৰে সন্ধান অভিযান চলায়। ইয়াৰ পাছত বি এছ এফৰ জোৱানে দেশীয় নির্মিত এখন নাওসহ ১৫ পাকিস্তানী মাছমৰীয়াক আটক কৰে। ধৃত মাছমৰীয়াকেইজন পাকিস্তানৰ সিন্ধু প্ৰদেশৰ সুজাৱল জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।


জব্দ কৰা নাওখনত ৬০ কিল'গ্রাম মাছ, নখন মাছধৰা জাল, ডিজেল, বৰফ, খাদ্য সামগ্ৰী আৰু কাঠৰ লাঠী উদ্ধাৰ কৰা হয়। এটা ম'বাইল ফ'ন আৰু ২০০ টকাৰ পাকিস্তানী মুদ্রাও জব্দ কৰা হয় মাছমৰীয়াকেইজনৰ পৰা।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ