--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেওবাৰে বি এছ এফৰ সূত্রই প্রকাশ কৰা মতে, পাকিস্তানী মাছমৰীয়াকেইজনৰ পৰা এখন ইঞ্জিনযুক্ত নাও জব্দ কৰা হয়।

ডিজিটেল ডেস্ক : গুজৰাটৰ কচ্চ জিলাত থকা ভাৰত-পাকিস্তান সীমান্তৰ সমীপত সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) ১৫জন পাকিস্তানী মাছমৰীয়াক আটক কৰে।


দেওবাৰে বি এছ এফৰ সূত্রই প্রকাশ কৰা মতে, পাকিস্তানী মাছমৰীয়াকেইজনৰ পৰা এখন ইঞ্জিনযুক্ত নাও জব্দ কৰা হয়।


ৰাজ্যখনৰ কচ্চ অঞ্চলৰ কোৰী ক্রীকত ব'ৰ্ডাৰ আউটপ'ষ্টৰ এলেকাত এখন অচিনাক্ত নাও থকাৰ বিয়য়ে বিশেষ খবৰ লাভ কৰি বি এছ এফৰ লোকে শনিবাৰে সন্ধান অভিযান চলায়। ইয়াৰ পাছত বি এছ এফৰ জোৱানে দেশীয় নির্মিত এখন নাওসহ ১৫ পাকিস্তানী মাছমৰীয়াক আটক কৰে। ধৃত মাছমৰীয়াকেইজন পাকিস্তানৰ সিন্ধু প্ৰদেশৰ সুজাৱল জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।


জব্দ কৰা নাওখনত ৬০ কিল'গ্রাম মাছ, নখন মাছধৰা জাল, ডিজেল, বৰফ, খাদ্য সামগ্ৰী আৰু কাঠৰ লাঠী উদ্ধাৰ কৰা হয়। এটা ম'বাইল ফ'ন আৰু ২০০ টকাৰ পাকিস্তানী মুদ্রাও জব্দ কৰা হয় মাছমৰীয়াকেইজনৰ পৰা।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ