--°C
Loading...
Advertisement
Listen to Article
5 min read
80%

In Short

  • 'ইক'নমিক টাইমছ'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফৰামত শনিবাৰে দিয়া ভাষণত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতিৰ যাত্ৰাৰ বিষয়ে ব্যাখ্যা কৰে।

ডিজিটেল ডেস্ক : ভাৰতে ২০১৪ চনৰ পাছত প্রগতিৰে কোনো ধৰণৰ সুযোগ হোৱা বুলি কোৱা হৈছিল। কিন্তু এতিয়া ভাৰতে কেৱল বাছত উঠাই নহয়, নিজে চালকৰ আসনত বহি বাছ আগবঢ়াই নিছে।


এই চিন্তাধাৰাই আমাৰ উন্নয়নৰ কাহিনীক নতুন মাত্ৰা প্ৰদান কৰিছে। 'ইক'নমিক টাইমছ'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফৰামত শনিবাৰে দিয়া ভাষণত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতিৰ যাত্ৰাৰ বিষয়ে ব্যাখ্যা কৰে।


প্রধানমন্ত্রীয়ে লগতে কয় যে ভাৰতে এতিয়া বিশ্বক বিকাশৰ মন্থৰ হাৰৰ পৰা বাহিৰলৈ উলিয়াই নিব পৰা অৱস্থাত উপনীত হৈছে। তেওঁ কয়, 'আমি স্থিৰ পানীত শিলগুটি দলিওৱা ধৰণৰ মানুহ নহওঁ। তীব্র গতিত প্ৰৱাহিত ধাৰাৰ গতি সলনি কৰিব পৰা শক্তি আমাৰ আছে। ভাৰতৰ এতিয়া সময়ৰ প্ৰৱাহকো দিশ দিয়াৰ ক্ষমতা আছে।' ৱৰ্ল্ড লীডাৰ্ছ ফৰামত দিয়া ভাষণত প্রধানমন্ত্রীয়ে কয় যে যেতিয়া কোনো এখন দেশৰ ভেটি সুদৃঢ় হয়, তেতিয়া ইয়াৰ প্ৰভাৱ সকলো স্থানতে পৰে। শেহতীয়া তথ্যই ইয়াকে প্রমাণ কৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে জুন মাহত দেশৰ ২২ লাখ লোকে আনুষ্ঠানিক চাকৰিত যোগ দিয়ে, ই সর্বকালৰ এক অভিলেখ। খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ২০১৭ চনৰ পাছত আটাইতকৈ কম হৈছে। দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰেও অভিলেখৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পৰিসংখ্যা দাঙি ধৰি কয় যে ২০১৪ চনৰ আগতে ভাৰতৰ ছ'লাৰ মডিউল নির্মাণ কৰাৰ ক্ষমতা আছিল মাত্র আঢ়ৈ গিগাৱাট। এতিয়া এই ক্ষমতা ১০০ গিগাৱাট পর্যন্ত হৈছেগৈ।


তেওঁ কয় যে দিল্লী বিমান বন্দৰ এতিয়া বিশ্বৰ বছা বছা বিমান বন্দৰৰ হান্ড্রেড মিলিয়ন প্লাছ ক্লাবত চামিল হৈছে। ই ইয়াকে প্রমাণ কৰে যে ভাৰত এতিয়া পিছপৰি থকা বিধৰ নহয়, বৰং বিশ্বৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি গৈছে।


ভাৰতৰ প্ৰগতিৰ প্ৰভাৱক এতিয়া বিশ্বয়ো স্বীকাৰ কৰি লৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ এছ এণ্ড পি গ্ল'বেল ৰেটিঙে প্রায় কুৰি বছৰৰ পাছত ভাৰতৰ ক্রেডিট ৰেটিং উন্নীত কৰিছে। ইয়াৰ পৰা ইয়াকে প্রমাণিত হৈছে যে ভাৰতে এতিয়া নিজৰ শক্তি, সুস্থিৰতা আৰু স্থিতিস্থাপকতাৰে বিশ্বৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহ কেৱল ভোট বেংকৰ ৰাজনীতিতে সীমাবদ্ধ হৈ আছিল। তেওঁলোকৰ চিন্তা-ভাৱনা নির্বাচনতে সীমিত হৈ আছিল। তেতিয়া এই বুলি ভবা হৈছিল যে উন্নত প্রযুক্তি বিকশিত দেশৰ কাম আৰু প্রয়োজন হ'লে ভাৰতে ইয়াক ক্ৰয় কৰিব। সেয়েহে ইণ্টাৰনেটৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা টু-জি, থ্রি-জি আৰু ফ'ৰ-জি পর্যন্ত আমি বিদেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল আৰু ভালেমান সুযোগ হেৰুৱাইছিল।


প্রধানমন্ত্রীয়ে লগতে কয় যে ২০১৪ চনৰ পাছত ভাৰতে নিজৰ দিশ সলনি কৰিছে। তেওঁ কয়, 'আমি এইবুলি সিদ্ধান্ত লৈছিলোঁ যে আমি কোনো সুযোগ নেহেৰুৱাও। এই চিন্তাধাৰাৰে আমি ফাইভ-জি ষ্টেক তৈয়াৰ কৰিলোঁ।'


ভাৰতে অচিৰেই এক গুৰুত্বপূর্ণ মাইলৰ খুঁটিত উপনীত হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে অচিৰেই ১০০খন দেশলৈ ইলেকট্রিক বাহন (ই ভি) ৰপ্তানি কৰিব। ভাৰতৰ প্ৰগতিৰ ভেটি হ'ল গৱেষণা আৰু উদ্ভাৱন। প্রধানমন্ত্রীয়ে কয় যে অনাগত দিনবোৰত ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিত পৰিণত হ'ব। তেওঁ কয়, 'বিশ্বৰ অৰ্থনীতিৰ বিকাশত আমাৰ অৱদান ২০ শতাংশলৈ বৃদ্ধি পাব। ইয়াৰ আঁৰত আছে যোৱা দহ বছৰত তৈয়াৰ হোৱা শক্তিশালী মেক্র' ইক'নমিক সুস্থিৰতা।' তেওঁ কয় যে ভাৰতে এতিয়া কেৱল গাড়ীয়েই নহয়, মেট্র' ৰে'লৰ দবা, ৰে'লৰ দবা আৰু ৰে'লৰ ইঞ্জিন বিদেশলৈ ৰপ্তানি কৰে। আনহাতে চলিত বছৰৰ শেষৰ ফালে প্ৰথমবাৰৰ বাবে ভাৰতত তৈয়াৰ কৰা চিপ বজাৰলৈ আহিব। ইয়াৰ লগতে তেওঁৰ চৰকাৰে 6Gক লৈ দ্রুতগতিত কাম কৰি আছে বুলিও প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement