--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অনিশ দয়াল সিঙে নিজৰ তিনি দশকতকৈ অধিক সময়ৰ চাকৰি জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত কার্যনির্বাহ কৰে।

ডিজিটেল ডেস্ক : আই পি এছ বিষয়া অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ নিৰাপত্তা বিষয়ত গভীৰ দখল তথা দীঘলীয়া অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি সিঙক এই দায়িত্ব দিয়া হৈছে।


অনিশ দয়াল সিঙে নিজৰ তিনি দশকতকৈ অধিক সময়ৰ চাকৰি জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত কার্যনির্বাহ কৰে।


তেওঁ চি আৰ পি এফ আৰু ইণ্ডো-তিবেতান ব'ৰ্ডাৰ পুলিচৰ (আই টি বিপি) সঞ্চালক প্রধানৰ দায়িত্বতো আছিল। এই পদসমূহত কার্যনির্বাহ কৰাৰ সময়ত তেওঁ নিৰাপত্তা আৰু চোৰাংচোৱাৰ সৈতে জড়িত বিষয়সমূহত গভীৰ অভিজ্ঞতা আহৰণ কৰিছিল। উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (ডেপুটি এন এছ এ) হিচাপে সিঙে এন এছ এ অজিত ডোভালৰ সৈতে কাম কৰিব। বিশেষকৈ তেওঁৰ উগ্রপন্থী আৰু সন্ত্রাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত থকা অভিজ্ঞতাই ভাৰতৰ সুৰক্ষা নীতিক এই নতুন মাত্রা দিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে।


ভাৰতে নিৰাপত্তাৰ দিশত বিভিন্ন ধৰণৰ প্রত্যাহবানৰ সন্মুখীন হোৱাৰ সময়তে সিঙক এই পদত নিযুক্ত কৰা হয়। ডেপুটি এন এছ এ হিচাপে সিঙৰ কাম-কাজ কেৱল সুৰক্ষা বিষয়ক নীতি প্রস্তুত কৰাতে সীমিত হৈ নাথাকে। তেওঁ চোৰাংচোৱা ব্যুৰ' আৰু ৰ'ৰ দৰে চোৰাংচোৱা সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ দিশতো কাম কৰিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত