--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অনিশ দয়াল সিঙে নিজৰ তিনি দশকতকৈ অধিক সময়ৰ চাকৰি জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত কার্যনির্বাহ কৰে।

ডিজিটেল ডেস্ক : আই পি এছ বিষয়া অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ নিৰাপত্তা বিষয়ত গভীৰ দখল তথা দীঘলীয়া অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি সিঙক এই দায়িত্ব দিয়া হৈছে।


অনিশ দয়াল সিঙে নিজৰ তিনি দশকতকৈ অধিক সময়ৰ চাকৰি জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত কার্যনির্বাহ কৰে।


তেওঁ চি আৰ পি এফ আৰু ইণ্ডো-তিবেতান ব'ৰ্ডাৰ পুলিচৰ (আই টি বিপি) সঞ্চালক প্রধানৰ দায়িত্বতো আছিল। এই পদসমূহত কার্যনির্বাহ কৰাৰ সময়ত তেওঁ নিৰাপত্তা আৰু চোৰাংচোৱাৰ সৈতে জড়িত বিষয়সমূহত গভীৰ অভিজ্ঞতা আহৰণ কৰিছিল। উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (ডেপুটি এন এছ এ) হিচাপে সিঙে এন এছ এ অজিত ডোভালৰ সৈতে কাম কৰিব। বিশেষকৈ তেওঁৰ উগ্রপন্থী আৰু সন্ত্রাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত থকা অভিজ্ঞতাই ভাৰতৰ সুৰক্ষা নীতিক এই নতুন মাত্রা দিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে।


ভাৰতে নিৰাপত্তাৰ দিশত বিভিন্ন ধৰণৰ প্রত্যাহবানৰ সন্মুখীন হোৱাৰ সময়তে সিঙক এই পদত নিযুক্ত কৰা হয়। ডেপুটি এন এছ এ হিচাপে সিঙৰ কাম-কাজ কেৱল সুৰক্ষা বিষয়ক নীতি প্রস্তুত কৰাতে সীমিত হৈ নাথাকে। তেওঁ চোৰাংচোৱা ব্যুৰ' আৰু ৰ'ৰ দৰে চোৰাংচোৱা সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ দিশতো কাম কৰিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ