--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ত শনিবাৰে চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত এখন খেল অনুষ্ঠিত হৈছিল। যিটো দিল্লীয়ে ২৫ ৰানত জয়লাভ কৰে। এই ছিজনত দিল্লীৰ এয়া একেৰাহে তৃতীয়টো জয়। ১৫ বছৰৰ পাছত এইবাৰ আই পি এলত একেৰাহে তিনিখন মেচত জয়লাভ কৰিছে দিল্লীয়ে।

পইণ্ট টেবুলত এক নম্বৰ স্থান দখল কৰি ৬ পইণ্ট লাভ কৰিছে দিল্লী কেপিটেলছে ৷ কে এল ৰাহুলৰ শক্তিশালী ইনিংছৰ সহায়ত দলটোৱে ১৮৩ ৰাণ সংগ্ৰহ কৰে ।

চেন্নাই ছুপাৰ কিংছে জয়ৰ বাবে ১৮৪ ৰাণৰ লক্ষ্য লাভ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক দল চেন্নাইৰ আৰম্ভণি অতি বেয়া আছিল, কাৰণ ৰচিন ৰবিন্দ্ৰই ৩ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল, অধিনায়ক ঋতুৰাজ গাইকৱাদে ৫ ৰাণ আৰু ডেভন কনৱেই মাত্ৰ ১৩ ৰাণ সংগ্ৰহ কৰি উভতি আহিছিল ।

দিল্লীৰ হৈ ‘প্লেয়াৰ অৱ দ্য মেচ’ কে এল ৰাহুলে অৰ্ধশতকৰ এক উজ্জ্বল ইনিংছ খেলিছিল। তেওঁ ৫১টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৰাহুলে ৬টা চাৰি আৰু তিনিটা ছয় কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছতে দিল্লীৰ বলাৰসকলে উজ্জ্বল বলিং কৰি চি এছ কেক ১৫৮ ৰানৰ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে। বিজয় শংকৰে চি এছ কেৰ হৈ ৬৯ ৰানৰ অপৰাজিত ইনিংছ খেলিলেও দলটোক জয়ী কৰিব নোৱাৰিলে।

দিল্লীৰ এয়া একেৰাহে তৃতীয়টো জয়। প্ৰথমখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক এক উইকেটত পৰাস্ত কৰি ক্ল’জ মেচত পৰাস্ত কৰে। ইয়াৰ পিছত তেওঁলোকে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে মুখামুখি হয়।য’ত তেওঁলোকে সহজেই হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে। এতিয়া তেওঁলোকে চি এছ কেক পৰাস্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ