--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত যশপ্রীত বুমৰাহে আই পি এলত খেলাৰ ক্ষেত্ৰত কোনো বাধা নাই। মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত দেওবাৰে যোগ দিলে বেগী বলাৰগৰাকীয়ে।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বুমৰাহ মুম্বাইৰ মূল একাদশত থকাৰ প্ৰসংগত প্রশিক্ষক মাহেলা জয়বর্ধনে কয়, 'বুমৰাহে অনুশীলন আৰম্ভ কৰিছে। বেংগালুৰুৰ বিৰুদ্ধে তেওঁ খেলিব। আগনিশা তেওঁ আহিছেহে। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিয়ে তেওঁক সেউজ সংকেত দিছে। আমাৰ ফিজিঅ'ই তেওঁক চোৱা-চিতা কৰিব। প্রথমদিনাই তেওঁ অনুশীলনত নমাৰ বাবে ভাল লাগিছে।' 

দেওবাৰে এটা ভিডিঅ' প্রকাশ কৰিছে মুম্বাইয়ে। উক্ত ভিডিঅ'ত বুমৰাহক দলত যোগ দিয়া দেখা গৈছে। সকলোৱে তেওঁক আদৰণি জনাইছে। বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চম টেষ্টত পিঠিৰ আঘাতত ভুগিছিল। তাৰ পাছৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছিল। পৰৱৰ্তী সময়ত বুমৰাহ ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত পুনঃসংস্থাপনত ব্যস্ত হৈছিল। 

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত ব'ৰ্ডে বুমৰাহক আই পি এলত ভাগ লোৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ