--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহালৰ সৈতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ২০১৩ চনত । আইপিএলত প্ৰৱেশ কৰা চাহালৰ ড্ৰেছিং ৰূমত হৈলি নাজল-নাথল অৱস্থা। মন কৰিবলগীয়া যে, চাহালে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছিল তেতিয়া। ৰাজস্থান ৰয়েলছৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত এই কথা পোহৰলৈ আহিছে। চাহালে কয়, ‘মই কেতিয়াও এই কথাটো প্ৰকাশ কৰা নাই। কোনেও নাজানে। মই আজি এই গোপন কথাটো ৰাজহুৱা কৰিব বিচাৰো। ২০১৩ চনত যেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ দলত আছিলো। বাংগালুৰুত খেলৰ অন্তত চলি আছিল পাৰ্টী। এজন ক্ৰিকেটাৰ আছিল যিয়ে অত্যাধিক সুৰাপান কৰিছিল।’ 

চাহালে লগতে কয় যে, ‘সুৰামত্ত অৱস্থাতে ক্ৰিকেটাৰজনে মোক মাতিছিল আৰু বেলকনিলৈ লৈ গৈছিল। তাৰ পিছত পিছফালৰ পৰা মোৰ দুয়োখন হাতত ধৰি  ১৬ নম্বৰ মহলাৰ পৰা ওলোমাই দিছিল! সামান্য ইফালে-সিফাল হ’লেই মোৰ মৃত্যু অনিবাৰ্য আছিল।’

শিহৰণকাৰী এই ঘটনাৰ বৰ্ণনা কৰি ৰাজস্থান ৰয়েলছৰ স্পিনাৰগৰাকীয়ে লগতে কয়, ‘সৌভাগ্যক্ৰমে, কেইজনমান লোকে এই দৃশ্য প্ৰত্যক্ষ কৰিছিল আৰু মোক উদ্ধাৰ কৰিছিল।’ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে এই ঘটনাটোক জীৱনৰ আটাইতকৈ ভয়ংকৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। 

অৱশ্যে, কোন সতীৰ্থই চাহালৰ সৈতে এনে ল’ৰা-ধেমালি কৰিছিল সেই কথা প্ৰকাশ নকৰিলেও সেই ঘটনাৰ ভয়াৱহতাক আজিও অনুপ্ৰেৰণা হিচাপে লয় ভাৰতীয় স্পিনাৰজনে। তেওঁৰ সতীৰ্থ অশ্বিনকো এই কথাকেই মুকলিকৈ কৈছিল। চাহালে কয়, ‘সেই মুহূৰ্তটোৱে মোক অধিক শক্তিশালী কৰি তুলিছিল। তেতিয়াৰ পাছত আৰু অধিক শক্তি পাইছো ক্ৰিকেটৰ পৰা। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত