--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহালৰ সৈতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ২০১৩ চনত । আইপিএলত প্ৰৱেশ কৰা চাহালৰ ড্ৰেছিং ৰূমত হৈলি নাজল-নাথল অৱস্থা। মন কৰিবলগীয়া যে, চাহালে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছিল তেতিয়া। ৰাজস্থান ৰয়েলছৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত এই কথা পোহৰলৈ আহিছে। চাহালে কয়, ‘মই কেতিয়াও এই কথাটো প্ৰকাশ কৰা নাই। কোনেও নাজানে। মই আজি এই গোপন কথাটো ৰাজহুৱা কৰিব বিচাৰো। ২০১৩ চনত যেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ দলত আছিলো। বাংগালুৰুত খেলৰ অন্তত চলি আছিল পাৰ্টী। এজন ক্ৰিকেটাৰ আছিল যিয়ে অত্যাধিক সুৰাপান কৰিছিল।’ 

চাহালে লগতে কয় যে, ‘সুৰামত্ত অৱস্থাতে ক্ৰিকেটাৰজনে মোক মাতিছিল আৰু বেলকনিলৈ লৈ গৈছিল। তাৰ পিছত পিছফালৰ পৰা মোৰ দুয়োখন হাতত ধৰি  ১৬ নম্বৰ মহলাৰ পৰা ওলোমাই দিছিল! সামান্য ইফালে-সিফাল হ’লেই মোৰ মৃত্যু অনিবাৰ্য আছিল।’

শিহৰণকাৰী এই ঘটনাৰ বৰ্ণনা কৰি ৰাজস্থান ৰয়েলছৰ স্পিনাৰগৰাকীয়ে লগতে কয়, ‘সৌভাগ্যক্ৰমে, কেইজনমান লোকে এই দৃশ্য প্ৰত্যক্ষ কৰিছিল আৰু মোক উদ্ধাৰ কৰিছিল।’ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে এই ঘটনাটোক জীৱনৰ আটাইতকৈ ভয়ংকৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। 

অৱশ্যে, কোন সতীৰ্থই চাহালৰ সৈতে এনে ল’ৰা-ধেমালি কৰিছিল সেই কথা প্ৰকাশ নকৰিলেও সেই ঘটনাৰ ভয়াৱহতাক আজিও অনুপ্ৰেৰণা হিচাপে লয় ভাৰতীয় স্পিনাৰজনে। তেওঁৰ সতীৰ্থ অশ্বিনকো এই কথাকেই মুকলিকৈ কৈছিল। চাহালে কয়, ‘সেই মুহূৰ্তটোৱে মোক অধিক শক্তিশালী কৰি তুলিছিল। তেতিয়াৰ পাছত আৰু অধিক শক্তি পাইছো ক্ৰিকেটৰ পৰা। ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ