--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতি খহি পৰিছে। বিগত সাতটা দশকত আটাইতকৈ বৃহত্‍ বিত্তীয় সংকটৰ সন্মুখীন হৈছে শ্ৰীলংকা। বিদেশী ঋণৰ বোজা ঘূৰাই দিয়াৰ উপায় বিচাৰি উলিয়াবলৈ অপাৰগ শ্ৰীলংকা চৰকাৰ। এনে পৰিস্থিতিত, চুবুৰীয়া দেশৰ কাষত জ্যেষ্ঠ ভাতৃৰ দৰে কাষত থিয় দিছে ভাৰত। বিনাচৰ্তে শ্ৰীলংকাক সকলো ধৰণে সহায় কৰি আহিছে ভাৰত চৰকাৰে। সংকটৰ এই গভীৰ সন্ধিক্ষণত ভাৰত চৰকাৰৰ এনে উদাৰ মনোভাৱ আৰু বলিষ্ঠ ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে  শ্ৰীলংকান ক্ৰিকেটাৰ। অৰ্জুন ৰণতুঙ্গাৰ পৰা সনথ জয়সূৰিয়ালৈকে, সকলোৱে ভাৰত চৰকাৰৰ এনে পদক্ষেপৰ বাবে জনাইছে ধন্যবাদ। 

দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক অৰ্জুন ৰণতুঙ্গা। তেওঁ কয়, ‘আজি আমি ভিক্ষাৰীৰ দৰে সমগ্ৰ বিশ্বৰ পৰা সহায় বিচাৰিব লগীয়া হৈছে। সৌভাগ্যক্ৰমে, বহু দেশে সহায়ৰ হাত আগবঢ়াইছে। বিশেষকৈ ভাৰত।’  কেৱল সেয়াই নহয় ৰাষ্ট্ৰপতি ৰাজপক্ষক আক্ৰমণ কৰি ৰণতুঙ্গাই কয়, ‘চৰকাৰে গৃহযুদ্ধৰ সূচনা কৰিব বিচাৰে। অপপ্ৰচাৰ বেছি হৈছে। এই সমস্যাটো তামিল আৰু মুছলমানসকলে সৃষ্টি কৰিছে। ভয় হয়, আমি পুনৰ গৃহযুদ্ধৰ সন্মুখীন হ'ব লাগিব বুলি।’ অৱশ্যে, সংকটৰ সময়ত ভাৰতে শ্ৰীলংকাৰ কাষত যিদৰে থিয় দিছে তাৰ বাবেও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কজনে কয়, ‘ভাৰত আমাৰ বাবে জেষ্ঠ্য ভাতৃৰ দৰে। তেওঁলোকেই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ উদাৰতাৰ বাবেই জাফনা বিমানবন্দৰ মুকলি কৰাটো সম্ভৱ হৈছে।’

ৰণতুঙ্গাৰ লগতে ভাৰত চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ শ্ৰীলংকাৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক জয়সূৰিয়া। তেওঁ কয়, ‘চুবুৰীয়া দেশ হোৱা স্বত্বেও ভাৰতে সদায় জ্যেষ্ঠ ভাতৃৰ দৰে আমাৰ কাষত থিয় দি আহিছে। ইয়াৰ বাবে মই ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো। দৰাচলতে, শ্ৰীলংকাৰ পৰিস্থিতি অধিক বেয়া দিশে ঢাল খাইছে। এই সমস্যাটোৰ এতিয়াই সমাধান কৰিব নোৱাৰিলে আমাৰ বাবে জীয়াই থকাটো এক বৃহত প্ৰত্যাহ্বান হৈ পৰিব। মই আশা কৰোঁ যে, ভাৰতকে ধৰি অন্যান্য দেশৰ সহযোগিতাত দেশখনৰ পৰিস্থিতি উন্নত হ'ব। ’

স্মৰ্তব্য যে, ভাৰতৰ চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনৰ অৱস্থালৈ চাই ভাৰত চৰকাৰে ইতিমধ্যে শ্ৰীলংকালৈ ১ বিলিয়ন ডলাৰৰ সাহায্য ঘোষণা কৰিছে। ইতিমধ্যে ২৭০,০০০ মেট্ৰিক টন ইন্ধন প্ৰেৰণ কৰা হৈছে। ঔষধ, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও প্ৰেৰণ কৰি ভাৰত চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ