--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘কিছ কাম কা হ্যে য়ে আইপিএল? আশ্চৰ্যকৰ!’ এগৰাকী দৰ্শকে এনেদৰেই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে। আইপিএলে দৰ্শকৰ চুম্বনৰ দৃশ্য ধৰি ৰাখিবলৈ কেমেৰাৰ ব্যৱস্থা কৰিছে নেকি? এনেধৰণৰ প্ৰশ্ন উঠাও পৰিলক্ষিত হৈছে এতিয়া। পোহৰলৈ আহিছে খেল চাবলৈ অহা প্ৰেমিক যুগলৰ চুম্বনৰ ফটো। মন কৰিবলগীয়া যে, শনিবাৰে আইপিএলৰ দশম খন খেল আছিল। সমুখ সমৰত অৱতীৰ্ণ হৈছিল গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছ। পাছে খেল নহয়, খেলৰ বাহিৰৰ ঘটনাবোৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।  প্ৰকৃততে ঘটনাটো কি?

ইতিপূৰ্বে, আইপিএলত দীপক চাহাৰে তেওঁৰ প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল। ডুবাইৰ খেলপথাৰত দীপক চাহাৰৰ আকৰ্ষণীয় প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত প্ৰেমিকক চুম্বন কৰা দেখা গৈছিল। এছেজতো একে ধৰণৰ দৃশ্যই দেখা গৈছিল। এছেজৰ মঞ্চত ইংলেণ্ডৰ যুৱকৰ পৰা বিবাহৰ প্ৰস্তাৱত মান্তি হৈছিল অষ্ট্ৰেলিয়ান যুৱতী। আনহাতে, ফুটবল খেলপথাৰত চুম্বনৰ এনে ফটো প্ৰায়ে ভাইৰেল হোৱা দেখা যায়। কিন্তু গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখনত চুম্বনৰত প্ৰেমিক-প্ৰেমিকাৰ দৃশ্য কেমেৰাত বন্দী কৰা হৈছিল। ছ’চিয়েল মিডিয়াটো ব্যাপক ভাৱে ভাইৰেল হৈ পৰে এই দৃশ্য। 

খেলচলাকালীন সময়ত দৰ্শকৰ গেলেৰীত চকু ৰখা ফটোগ্ৰাফাৰগৰাকী কোন? তাকে লৈ হৈছে চৰ্চা। ফটোগ্ৰাফাৰগৰাকীৰ এনে কাৰ্যক সচেতন সমাজে সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ