--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘কিছ কাম কা হ্যে য়ে আইপিএল? আশ্চৰ্যকৰ!’ এগৰাকী দৰ্শকে এনেদৰেই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে। আইপিএলে দৰ্শকৰ চুম্বনৰ দৃশ্য ধৰি ৰাখিবলৈ কেমেৰাৰ ব্যৱস্থা কৰিছে নেকি? এনেধৰণৰ প্ৰশ্ন উঠাও পৰিলক্ষিত হৈছে এতিয়া। পোহৰলৈ আহিছে খেল চাবলৈ অহা প্ৰেমিক যুগলৰ চুম্বনৰ ফটো। মন কৰিবলগীয়া যে, শনিবাৰে আইপিএলৰ দশম খন খেল আছিল। সমুখ সমৰত অৱতীৰ্ণ হৈছিল গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছ। পাছে খেল নহয়, খেলৰ বাহিৰৰ ঘটনাবোৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।  প্ৰকৃততে ঘটনাটো কি?

ইতিপূৰ্বে, আইপিএলত দীপক চাহাৰে তেওঁৰ প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল। ডুবাইৰ খেলপথাৰত দীপক চাহাৰৰ আকৰ্ষণীয় প্ৰেমৰ প্ৰস্তাৱৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত প্ৰেমিকক চুম্বন কৰা দেখা গৈছিল। এছেজতো একে ধৰণৰ দৃশ্যই দেখা গৈছিল। এছেজৰ মঞ্চত ইংলেণ্ডৰ যুৱকৰ পৰা বিবাহৰ প্ৰস্তাৱত মান্তি হৈছিল অষ্ট্ৰেলিয়ান যুৱতী। আনহাতে, ফুটবল খেলপথাৰত চুম্বনৰ এনে ফটো প্ৰায়ে ভাইৰেল হোৱা দেখা যায়। কিন্তু গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত খেলখনত চুম্বনৰত প্ৰেমিক-প্ৰেমিকাৰ দৃশ্য কেমেৰাত বন্দী কৰা হৈছিল। ছ’চিয়েল মিডিয়াটো ব্যাপক ভাৱে ভাইৰেল হৈ পৰে এই দৃশ্য। 

খেলচলাকালীন সময়ত দৰ্শকৰ গেলেৰীত চকু ৰখা ফটোগ্ৰাফাৰগৰাকী কোন? তাকে লৈ হৈছে চৰ্চা। ফটোগ্ৰাফাৰগৰাকীৰ এনে কাৰ্যক সচেতন সমাজে সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত