--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা আসন্ন সপ্তম খেল' ইণ্ডিয়া যুৱ ক্রীড়ালৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে শতাধিক ল'ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। 

ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ মানৰ প্রতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, অহা ৪-১৫ মে'ত অনুষ্ঠিত হ'বলগীয়া খেল' ইণ্ডিয়া যুৱ ক্রীড়াত ২৭ বিধ খেল অন্তর্ভুক্ত কৰা হৈছে। 

অসমে অংশ ল'ব লগা খেলসমূহ হ'ল: সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিকছ, মাল্লখম্ব, ছেপাক টাকৰ' আৰু ছোৱালীৰ ভলীবল তথা কাবাদী। 

ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সম্প্রতি সৰুসজাই ক্রীড়া প্রকল্পত অসমৰ খেলুৱৈৰ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে। অহা দুই মে'ত অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হ'ব। এইবাৰ অসম দলৰ চীফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক। 

আনহাতে, অর্নামিকা নুনিছা ন'ডেল বিষয়াৰূপে থাকিব। উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেল' ইণ্ডিয়া যুৱ ক্রীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে। ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিকছ আৰু ট্রেক চাইক্লিং নতুন দিল্লীত হ'ব। ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰিব। অসমৰ সৰ্বাধিক ১৭জনীয়া দলটো হ'ল ভাৰোত্তোলনৰ।

আনহাতে, সাঁতোৰত দহগৰাকীয়ে অংশ ল'ব। দেশৰ যুৱ তাৰকা ভাৰোত্তোলক বেদব্ৰত ভৰালী, প্রতিভাৱান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্য, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্রীড়াত পদকজয়ী সন্তৰণবিদ শুভ্রাংশনি প্রিয়দর্শনীসহ কেইবাগৰাকীও উদীয়মান খেলুৱৈয়ে অসমক প্রতিনিধিত্ব কৰিব। ইফালে, ভলীবল আৰু কাবাদীত অসমৰ ছোৱালীয়ে যোগ্যতা অর্জন কৰাটো ৰাজ্যৰ ক্রীড়াৰ বাবে ইতিবাচক ঘটনা।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ