--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা আসন্ন সপ্তম খেল' ইণ্ডিয়া যুৱ ক্রীড়ালৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে শতাধিক ল'ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। 

ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ মানৰ প্রতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, অহা ৪-১৫ মে'ত অনুষ্ঠিত হ'বলগীয়া খেল' ইণ্ডিয়া যুৱ ক্রীড়াত ২৭ বিধ খেল অন্তর্ভুক্ত কৰা হৈছে। 

অসমে অংশ ল'ব লগা খেলসমূহ হ'ল: সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিকছ, মাল্লখম্ব, ছেপাক টাকৰ' আৰু ছোৱালীৰ ভলীবল তথা কাবাদী। 

ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সম্প্রতি সৰুসজাই ক্রীড়া প্রকল্পত অসমৰ খেলুৱৈৰ প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে। অহা দুই মে'ত অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হ'ব। এইবাৰ অসম দলৰ চীফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক। 

আনহাতে, অর্নামিকা নুনিছা ন'ডেল বিষয়াৰূপে থাকিব। উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেল' ইণ্ডিয়া যুৱ ক্রীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে। ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিকছ আৰু ট্রেক চাইক্লিং নতুন দিল্লীত হ'ব। ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰিব। অসমৰ সৰ্বাধিক ১৭জনীয়া দলটো হ'ল ভাৰোত্তোলনৰ।

আনহাতে, সাঁতোৰত দহগৰাকীয়ে অংশ ল'ব। দেশৰ যুৱ তাৰকা ভাৰোত্তোলক বেদব্ৰত ভৰালী, প্রতিভাৱান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্য, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্রীড়াত পদকজয়ী সন্তৰণবিদ শুভ্রাংশনি প্রিয়দর্শনীসহ কেইবাগৰাকীও উদীয়মান খেলুৱৈয়ে অসমক প্রতিনিধিত্ব কৰিব। ইফালে, ভলীবল আৰু কাবাদীত অসমৰ ছোৱালীয়ে যোগ্যতা অর্জন কৰাটো ৰাজ্যৰ ক্রীড়াৰ বাবে ইতিবাচক ঘটনা।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ