--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই পি এলৰ পাছত কেইদিনমান জিৰণি। ইয়াৰ পাছতেই ভাৰতীয় দলে ইংলেণ্ডলৈ উৰা মাৰিব। ৰোহিত শর্মা বাহিনীয়ে ইংলেণ্ডত ৫খনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব। ফৰ্মৰ বাবে যুঁজ-বাগৰ চলাই থকা ৰোহিত হয়তো ইংলেণ্ড ভ্রমণলৈ নাযায় বুলিও চর্চা চলিছিল। পিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে সেই জল্পনা-কল্পনা খাৰিজ কৰিছে। ফিট হৈ থাকিলে আগন্তুক ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিতে। 

তেওঁ অ'পেনাৰৰ ভূমিকাত থাকিব। এই কথা প্রকাশ কৰিছে সংবাদ সংস্থা পি টি আয়ে। মে' মাহৰ দ্বিতীয় সপ্তাহত ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ'ব। যোৱা অষ্ট্ৰেলিয়া ভ্রমণত ১৭জনীয়া দল প্ৰেৰণ কৰিছিল ভাৰতীয় ব'ৰ্ডে। খবৰ অনুসৰি ভাৰতীয় দলত কেইবাটাও পৰিৱৰ্তন হ'ব পাৰে। ঘাইকৈ মিডল অর্ডাৰত পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰা হৈছে। অষ্ট্ৰেলিয়াত সন্মুখীন হোৱা বিপৰ্যয়ৰ পাছত ব'ৰ্ডৰ কৰ্মকৰ্তাই বেটিং অৰ্ডাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰোহিত আৰু কোহলীৰ উপৰি যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল আৰু শুভমন গীল বেটাৰ হিচাপে দলত থকাটো নিশ্চিত। 

অলৰাউণ্ডাৰ হিচাপে স্থান নিশ্চিত নীতিশ কুমাৰ ৰেড্ডীৰ। ইফালে, আৰু দুটা স্থানৰ বাবে যুঁজ হ'ব ছগৰাকীৰ মাজত। আনহাতে, খেলুৱৈ নিৰ্বাচনত ঘৰুৱা ক্রিকেটত দাঙি ধৰা প্ৰদৰ্শনত গুৰুত্ব দিয়া হ'ব। ব'ৰ্ডৰ বিবেচনাধীন হৈ আছে ছাই সুদর্শন, শ্রেয়াষ আয়াৰ, ৰজত পাটিদাৰ, কৰুণ নায়াৰ, দেৱদত্ত পাৰিকাল আৰু ছৰফৰাজ খান। ইয়াৰ মাজতে যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামী ফিট হৈ উঠাৰ বাবে বলিং বিভাগক লৈ চিন্তিত হ'বলগীয়া নহয় নির্বাচক।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ