--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৰসংহাৰে সমগ্ৰ বিশ্বকে কঁপাই গৈছে। সকলোৱে একমুখে গৰিহণা দিছে এনে বৰ্বৰ কাণ্ডক। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰাত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো আহত হয়। 

২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণ আটাইতকৈ ভয়ানক বুলি বিবেচিত হৈছে। ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ এটা ডাঙৰ খবৰ ওলাইছে। মৃত্যুৰ ভাবুকি লাভ কৰিছে গৌতম গম্ভীৰে। 

পেহেলগাম ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দিয়াৰ পাছতেই গৌতম গম্ভীৰে লাভ কৰিলে মৃত্যুৰ ভাবুকি। গৌতম গম্ভীৰে এক্স যোগে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি লিখিছিল - "পেহেলগামত নিহতসকলৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনালোঁ। ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকে ইয়াৰ মূল্য ভৰিবই লাগিব। ভাৰতে ইয়াৰ উত্তৰ দিব।" 

ইয়াৰ পাছতেই ইমেইলৰ জৰিয়তে গম্ভীৰলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। মাত্ৰ তিনিটা শব্দ লিখিছিল মেইলটোত – I Kill You। লগে লগে গম্ভীৰে এই ইমেইলৰ বিষয়ে আৰক্ষীক অৱগত কৰি আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। বিষয়টোৰ গুৰুত্ব দেখি ততাতৈয়াকৈ সক্ৰিয় হৈ পৰিছে দিল্লী আৰক্ষী। প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ভাবুকি দিছে ISIS কাশ্মীৰে।

আৰক্ষী বিষয়াসকলৰ মতে, ইমেইল প্ৰেৰকক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ বাবে চাইবাৰ চেলৰ দলটোৱে ইমেইলটো অনুসৰণ কৰাৰ চেষ্টা চলাইছে আৰু কাৰিকৰী বিশ্লেষণৰ জৰিয়তে বিষয়টোৰ ওপৰত ক্ষীপ্ৰভাৱে তদন্ত কৰি আছে। নিজৰ সুৰক্ষাৰ সমান্তৰালকৈ পৰিয়ালৰ নিৰাপত্তা বৃদ্ধিৰ বাবেও গৌতম গম্ভীৰে দাবী জনাইছে।

২২ এপ্ৰিলত গৌতম গম্ভীৰে ইমেইলযোগে দুবাৰকৈ ভাবুকি লাভ কৰিছিল, এবাৰ দুপৰীয়া আৰু আনটো সন্ধিয়া। দুয়োটা মেইলতে মাত্ৰ তিনিটা শব্দ লিখা আছিল: "I Kill You". 

এই ভাবুকিৰ ভয়াৱহতাক বিবেচনা কৰি দিল্লী আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত কৰি গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ