--°C
Loading...
Listen to Article
2 min read
80%
কলেজীয়া শিক্ষাৰ প্ৰতি মুঠেও আগ্ৰহ নাছিল তেওঁৰ। অনৱৰতে মূৰত খেলাই আছিল কিবা এটা নতুন কৰাৰ চিন্তাই।গণিতৰ প্ৰতি প্ৰৱল ধাউতি আছিল তেওঁৰ। সেয়ে নিজৰ দক্ষতাৰে জীৱনৰ সমীকৰণ সলাই পেলাবলৈ সক্ষম হৈছিল। তেওঁ কোন?তেওঁ  আলেকজান্দ্ৰ ৱাং,বিশ্বৰ সৰ্বকনিষ্ঠ কোটিপতি ।

সৰু কালৰে পৰা  ৰাষ্ট্ৰীয় গণিত আৰু কোডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাল পাইছিল বাঙে। ২৫ বছৰ বয়সত, তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া কোটিপতিত পৰিণত হৈছে। ৱাঙে  চান ফ্ৰাঞ্চিস্কো চহৰত প্ৰতিষ্ঠা কৰিছিল স্কেল এআই নামৰ এটা কোম্পানী ।কোম্পানীটোৰ কাম হৈছে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সজুঁলি যোগান ধৰা।

বাঙৰ কোম্পানীয়ে   ইতিমধ্যে আমেৰিকাৰ বায়ু সেনা আৰু সেনাক কৃত্ৰিম বুদ্ধিমত্তা (এআই) নিয়োগ কৰাত সহায় কৰিবলৈ ১১০ নিযুত ডলাৰ মূল্যৰ তিনিখন চুক্তি কৰিছে। বাঙৰ এআইৰ প্ৰযুক্তিয়ে মানুহতকৈ বহু দ্ৰুতগতিত কাম কৰে আৰু  উপগ্ৰহৰ ছবি আদি অতি দ্ৰুতভাবে  পৰীক্ষা কৰি  সামৰিক বাহিনীক সহায় কৰে। ফৰ্বছৰ মতে, ফ্লেক্সপোৰ্ট আৰু জেনেৰেল মটৰ্ছৰ দৰে ৩০০ ৰো অধিক কোম্পানীয়ে এনে তথ্য  যেনে- চেল্ফ-ড্ৰাইভিং কাৰ বা লাখ লাখ নথিপত্ৰৰ পৰা  ফুটেজ উদ্ধাৰ কৰাত সহায়  কৰে। এনেদপে তথ্য আধাৰিত কাম কৰি  আলেকজান্দ্ৰ ৱাঙৰ কোম্পানীটোৱে প্ৰচুৰ লাভৰ মুখ দেখিছে। বাঙৰ ব্যৱসায় এতিয়া বিশ্বৰ বিভিন্ন দেশলৈ বিস্তাৰিত হৈছে।

 তেওঁ কোম্পানীটো ১৯ বছৰ বয়সতে  আৰম্ভ কৰিছিল আৰু এতিয়া কোম্পানীটোৰ আয় প্ৰায় ৩২৫ নিযুত ডলাৰ।
ফলত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া কোটিপতিত পৰিণত হৈছে। ৱাঙৰ পিতৃ-মাতৃ পদাৰ্থবিজ্ঞানী আছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ অস্ত্ৰ প্ৰকল্পত কাম কৰিছিল। স্কুলত থাকোঁতেই বাঙে লুচি গুওক লগ পাইছিল আৰু পিছত সেই যুৱতীগৰাকীৰ সৈতেই এআই নামৰ কোম্পানীটো স্থাপন কৰিছিল।

ৱাঙে ফৰ্বছক কয়, "মই মোৰ মা-দেউতাক কৈছিলো যে এয়া মোৰ বাবে কেৱল গ্ৰীষ্মকালৰ বন্ধত কৰা কাম হ'ব।" অৱশ্যে, মই এতিয়া গ্ৰীষ্ম,শীত বুলি কোনো ৰথা নাই, কোম্পানীটো চলাই গৈছে আৰু কেতিয়াও কলেজলৈ উভতি যোৱা নাছিলো।"
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ