--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ১৮ বছৰীয়া কিশোৰ। এই কিশোৰ জনেই কাল হৈ আহিছিল টেক্সাছৰ এখন বিদ্যালয়লৈ।
১৮ বছৰীয়া ছালভাডৰ ৰামোছে টেক্সাছৰ ৰব এলিমেণ্টৰী স্কুলত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক লক্ষ্য কৰি এছল্ট ৰাইফলৰে আৰম্ভ কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ।কিশোৰজনৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছিল ১৮ টিকৈ শিশুসহ মুঠ ২১ জন লোকে।

আক্ৰমণৰ ঘটনাটোৰ পিছতে  আৰক্ষীৰ গুলীত ৰামোছৰ মৃত্যু হয় ।উল্লেখ্য যে টেক্সাছৰ এই হত্যাকাণ্ড ২০১২ চনৰ কানেক্টিকাটত চেণ্ডি হুকৰ গুলীচালনাৰ পিছত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ ঘটনা। চেণ্ডি হুকৰ গুলীচালনাত ২০ জন শিশুসহ মুঠ ২৬ গৰাকী ব্যক্তি নিহত হৈছিল।

টেক্সাছৰ ৰব এলিমেণ্টৰী স্কুলত সংঘটিত গণহত্যাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা এগৰাকী ১১ বছৰীয়া ছাত্ৰী মিয়া চেৰিলোৰ পৰিয়ালে  সেইদিনাৰ ঘটনাটোৰ বৰ্ণনা দি যি কথা কৈছে সেই কথাই সকলোকে শিহৰিত কৰি তুলিছে।

ছাত্ৰীগৰাকীৰ পৰিয়ালে নাৰকীয় ঘটনাটোৰ বৰ্ণনা দি কৈছে যে বন্দুকধাৰীজনে  শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পিছত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী ভয়ত থৰ লাগিছিল। বন্দুকৰ গুলী বৰষুণৰ দৰে পৰি থকাৰ সময়তে ছাত্ৰীগৰাকীয়ে গুলী লগা কোনো লোকৰ পৰা তেজ নি নিজৰ দেহত সানি লৈছিল আৰু মৰাৰ ভাওঁজুৰি পৰি ৰৈছিল।

ছাত্ৰী মিয়া চেৰিলোৰ খুড়ীয়েক ব্লাঙ্কা ৰিভেৰাই  সদস্যই ঘটনাটোৰ বৰ্ণনা দি কৈছে—" মোৰ ভতিজীয়ে কৈছে যে তাই তাইৰ বন্ধুক তেজৰে লুতুৰি-পুতৰি হৈ পৰি থকা দেখিছিল, আৰু তাই সেই তেজ নিজৰ গাগ সানি লৈছিল" মৃ্যিু হোৱাৰ ভাওঁ জোৰাৰ আগতে তাই তাইৰ শিক্ষকৰ ফোনটো হাতেৰে ধৰিবলৈ সক্ষম হৈছিল - শিক্ষক জনৰ গুলী লাগি মৃত্যু  হৈছিল - তাই সহায়ৰ বাবে ৯১১ লৈ ফোন কৰিছিল।

১১ বছৰীয়া ছাত্ৰীগৰাকীৰ পিঠিত গুলীৰ টুকুৰা সোমাইছিল। আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এই ঘটনাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে এখন সংবাদমেল অনুষ্ঠিত কৰি আমেৰিকাত শক্তিশালী হৈ উঠা বন্দুক সংস্কৃতি ৰোধ কৰা হ'ব বুলি ঘোষণা কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ