--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ১৮ বছৰীয়া কিশোৰ। এই কিশোৰ জনেই কাল হৈ আহিছিল টেক্সাছৰ এখন বিদ্যালয়লৈ।
১৮ বছৰীয়া ছালভাডৰ ৰামোছে টেক্সাছৰ ৰব এলিমেণ্টৰী স্কুলত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক লক্ষ্য কৰি এছল্ট ৰাইফলৰে আৰম্ভ কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ।কিশোৰজনৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছিল ১৮ টিকৈ শিশুসহ মুঠ ২১ জন লোকে।

আক্ৰমণৰ ঘটনাটোৰ পিছতে  আৰক্ষীৰ গুলীত ৰামোছৰ মৃত্যু হয় ।উল্লেখ্য যে টেক্সাছৰ এই হত্যাকাণ্ড ২০১২ চনৰ কানেক্টিকাটত চেণ্ডি হুকৰ গুলীচালনাৰ পিছত সংঘটিত হোৱা আটাইতকৈ ভয়ংকৰ ঘটনা। চেণ্ডি হুকৰ গুলীচালনাত ২০ জন শিশুসহ মুঠ ২৬ গৰাকী ব্যক্তি নিহত হৈছিল।

টেক্সাছৰ ৰব এলিমেণ্টৰী স্কুলত সংঘটিত গণহত্যাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা এগৰাকী ১১ বছৰীয়া ছাত্ৰী মিয়া চেৰিলোৰ পৰিয়ালে  সেইদিনাৰ ঘটনাটোৰ বৰ্ণনা দি যি কথা কৈছে সেই কথাই সকলোকে শিহৰিত কৰি তুলিছে।

ছাত্ৰীগৰাকীৰ পৰিয়ালে নাৰকীয় ঘটনাটোৰ বৰ্ণনা দি কৈছে যে বন্দুকধাৰীজনে  শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পিছত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী ভয়ত থৰ লাগিছিল। বন্দুকৰ গুলী বৰষুণৰ দৰে পৰি থকাৰ সময়তে ছাত্ৰীগৰাকীয়ে গুলী লগা কোনো লোকৰ পৰা তেজ নি নিজৰ দেহত সানি লৈছিল আৰু মৰাৰ ভাওঁজুৰি পৰি ৰৈছিল।

ছাত্ৰী মিয়া চেৰিলোৰ খুড়ীয়েক ব্লাঙ্কা ৰিভেৰাই  সদস্যই ঘটনাটোৰ বৰ্ণনা দি কৈছে—" মোৰ ভতিজীয়ে কৈছে যে তাই তাইৰ বন্ধুক তেজৰে লুতুৰি-পুতৰি হৈ পৰি থকা দেখিছিল, আৰু তাই সেই তেজ নিজৰ গাগ সানি লৈছিল" মৃ্যিু হোৱাৰ ভাওঁ জোৰাৰ আগতে তাই তাইৰ শিক্ষকৰ ফোনটো হাতেৰে ধৰিবলৈ সক্ষম হৈছিল - শিক্ষক জনৰ গুলী লাগি মৃত্যু  হৈছিল - তাই সহায়ৰ বাবে ৯১১ লৈ ফোন কৰিছিল।

১১ বছৰীয়া ছাত্ৰীগৰাকীৰ পিঠিত গুলীৰ টুকুৰা সোমাইছিল। আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। এই ঘটনাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে এখন সংবাদমেল অনুষ্ঠিত কৰি আমেৰিকাত শক্তিশালী হৈ উঠা বন্দুক সংস্কৃতি ৰোধ কৰা হ'ব বুলি ঘোষণা কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত