--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃৰ মৰম কেৱল মানুহৰ মাজতে আবদ্ধ নাই। মানুহৰ বাদেও আন প্ৰাণীৰ মাজতো মাতৃৰ স্নেহ বিৰাজমান। তেনে এক অভূতপূৰ্ব ঘটনাৰ সাক্ষী হৈ ৰল পশ্চিমবংগৰ একাংশ লোক।মৃত পোৱালিক শুঁৰেৰে মেৰিয়াই এজনী মাইকী হাতীয়ে পশ্চিমবংগৰ এখন চাহ বাগিচাৰ মাজেৰে খোজকাঢ়ি থকাৰ ঘটনাই বহুতৰে চকু সেমেকাই তুলিলে

পশ্চিমবংগৰ ডুয়াৰ্ছত ঘটিছে এই  ঘটনা। প্ৰেম, মৰম কেৱল মানুহৰে নহয়, প্ৰাণীৰো আছে, সেয়া  প্ৰমাণ হৈছে ডুয়াৰ্ছত। এই ঘটনাৰ সাক্ষীসকলে এই দৃশ্যটো দেখি চকুপানী ধৰি ৰাখিব নোৱাৰিলে। প্ৰকৃততে কি ঘটিছিল? দুদিন আগতে, হাতীৰ এটা দলে বেনাৰহাটৰ চুনাভাটি চাহ বাগিচাত প্ৰৱেশ কৰিছিল।

 শুকুৰবাৰে পুৱা হাতীৰ জাকটোৱে আম্বাৰী চাহ বাগিচালৈ আহিছিল। আবেলি হোৱাৰ লগে লগে হাতীবোৰ সৰু সৰু গোটত বিভক্ত হৈ ৰেড বেংকৰ চাহ বাগিচাৰ ফালে আগবাঢ়িল। বন বিভাগৰ মতে, দলটোত ডাঙৰ আৰু সৰু মিলি  ৪০ টামান হাতী আছিল । আম্বাৰী চাহ বাগিচাৰ বাসিন্দাসকলে লক্ষ্য কৰিছিল যে হাতীৰ সৈতে এটা নৱজাতক পোৱালি হাতীও আছিল। কিন্তু নৱজাতক পোৱালিটো জীয়াই থকা নাই।

 কিবা কাৰণত হয়তো জন্মৰ পিছতে হাতী পোৱালিটোৰ চিৰদিনৰ বাবে চকু মুদিছিল।মৰ্মাহত হৈ পৰিছিল মাতৃ হাতীজনী।মৃত পোৱালিটোক সেয়ে নিজৰ লগতে লৈ ফুৰিছিল, মাজে মাজে ৰৈ শুঁৰেৰে মত পোৱালিটোক মৰম কৰিছিল, চকুলো টুকিছিল আৰু আৰম্ভ কৰিছিল যাত্ৰা। কিছু সময়ৰ পিছত মাক হাতীজনীয়ে মৃত পোৱালিটোক ৰেড বেংকৰ চাহ বাগিচালৈ লৈ বহুতে যোৱা দেখা পাইছিল।  হাতীটো ৰেড বেংকৰ চাহ বাগিচাত উপস্থিত হোৱাৰ পিছতে দলটোৰ বাকী হাতীবোৰে মৃত হাতী পোৱালিটোক আগুৰি ধৰিছিল।

হাতীৰ জাকটো কিছুসময়ৰ বাবে স্তব্ধ হৈ ৰৈছিল, যেন মৃত হাতী পোৱালিটোৰ বাবে সেয়া মৌন প্ৰাৰ্থনাহে আছিল।

 তেতিয়ালৈকে বিন্নাগুৰি বন্যপ্ৰাণী দলৰ বন কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈছিল।  বিন্নাগুৰি বন্যপ্ৰাণী দলৰ ৰেঞ্জৰ বিষয়া সুবাশিস ৰয়ে কয়-  মাতৃয়ে হাতীয়ে মৃত সন্তানক এৰি নোযোৱালৈকে অপেক্ষা কৰাটো নিয়ম। হাতীৰ পোৱালিটো মাতৃয়ে এৰি যোৱাৰ পিছতহে সেয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব।

 মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত নৱজাতক হাতীটোৰ মৃত্যুৰ কাৰণ স্পষ্ট হ'ব। বৈকান্তপুৰতো কিছুদিন পূৰ্বে ১০ টা হাতীৰ এটা সৰু জাক তিনিদিন ধৰি মৃত পোৱালি এটাৰ  চাৰিওফালে থিয় হৈ আছিল। তিনিদিনৰ পিছত, হাতীৰ দলটো আঁতৰি গৈছিল আৰু বন কৰ্মীয়ে পোৱালিটোৰ মৃতদেহ সৎকাৰ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ