--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰখৰতা কিছু স্তিমিত হৈছে যদিও ই একেবাৰে শাম কাটিছে বুলি ক’ব নোৱাৰি। দুয়ো দেশে চেগা-চোৰোকাকৈ এতিয়াও অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। সকলো যুদ্ধৰ দৰেই এই যুদ্ধতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিকসকল। বিশেষকৈ শিশু আৰু নাৰীসকল। যুদ্ধৰ বিধ্বংসিতা আৰু নৃশংসতাৰ আন এক ভয়াৱহ দিশ উদঙাই দি এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে।

বুধবাৰে তেওঁ দাবী কৰে যে, ৰাছিয়াই তেওঁলোকৰ দেশৰ পৰা লক্ষ লক্ষ লোকক বলপূৰ্বকভাৱে লৈ গৈছে ৰাছিয়ালৈ। এই লোকসকলৰ ভিতৰত ২ লাখ শিশুও আছে। তেওঁ উল্লেখ কৰে যে, এই শিশুসকলৰ ভিতৰত আছে অনাথালয়ৰ শিশু, পিতৃ-মাতৃৰ সৈতে লৈ যোৱা আৰু যুদ্ধত পিতৃ-মাতৃক হেৰুওৱা শিশু। বুধবাৰে এক বিশেষ উপলক্ষত দেশবাসীক সম্বোধন কৰি জেলেনস্কীয়ে এই তথ্য সদৰি কৰে আৰু বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়, এই অপৰাধিক নীতিৰ উদ্দেশ্য কেৱল এই বৃহৎসংখ্যক লোকক অপহৰণ কৰা নহয় বৰং নিৰ্বাসিত লোকসকলৰ মন-মগজুৰ পৰা ইউক্ৰেইনৰ ছবি আঁতৰাই পেলোৱা আৰু তেওঁলোকক প্ৰত্যাৱৰ্তনৰ বাবে অসমৰ্থ কৰি তোলা।    

জেলেনস্কীয়ে কয় যে, ইউক্ৰেইনে দায়বদ্ধ লোকসকলক শাস্তি বিহিব কিন্তু তাৰ পূৰ্বে যুদ্ধক্ষেত্ৰত প্ৰতিপন্ন কৰিব যে, ইউক্ৰেইনৰ ওপৰত বিজয় সাব্যস্ত কৰা সম্ভৱ নহয়। আমাৰ নাগৰিকে আত্মসমৰ্পন নকৰে আৰু আমাৰ শিশুসকল দখলদাৰীৰ সম্পত্তিত পৰিণত নহয়।


জেলেনস্কীয়ে সদৰি কৰে যে, এই যুদ্ধই এতিয়ালৈ প্ৰায় আঢ়ৈশ শিশুৰ প্ৰাণ কাঢ়িছে। ৪৪৬ শিশু এই যুদ্ধত আহত হোৱাৰ লগতে ১৩৯ টি শিশু সন্ধানহীন হৈ পৰা বুলিও তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে, এই সংখ্যা অধিক হোৱাৰ আশংকা আছে কিয়নো ইউক্ৰেইন চৰকাৰৰ হাতত ৰুছ সেনাই দখল কৰি থকা অঞ্চলবোৰৰ সঠিক তথ্য এতিয়ালৈ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ