--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰখৰতা কিছু স্তিমিত হৈছে যদিও ই একেবাৰে শাম কাটিছে বুলি ক’ব নোৱাৰি। দুয়ো দেশে চেগা-চোৰোকাকৈ এতিয়াও অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। সকলো যুদ্ধৰ দৰেই এই যুদ্ধতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিকসকল। বিশেষকৈ শিশু আৰু নাৰীসকল। যুদ্ধৰ বিধ্বংসিতা আৰু নৃশংসতাৰ আন এক ভয়াৱহ দিশ উদঙাই দি এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে।

বুধবাৰে তেওঁ দাবী কৰে যে, ৰাছিয়াই তেওঁলোকৰ দেশৰ পৰা লক্ষ লক্ষ লোকক বলপূৰ্বকভাৱে লৈ গৈছে ৰাছিয়ালৈ। এই লোকসকলৰ ভিতৰত ২ লাখ শিশুও আছে। তেওঁ উল্লেখ কৰে যে, এই শিশুসকলৰ ভিতৰত আছে অনাথালয়ৰ শিশু, পিতৃ-মাতৃৰ সৈতে লৈ যোৱা আৰু যুদ্ধত পিতৃ-মাতৃক হেৰুওৱা শিশু। বুধবাৰে এক বিশেষ উপলক্ষত দেশবাসীক সম্বোধন কৰি জেলেনস্কীয়ে এই তথ্য সদৰি কৰে আৰু বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়, এই অপৰাধিক নীতিৰ উদ্দেশ্য কেৱল এই বৃহৎসংখ্যক লোকক অপহৰণ কৰা নহয় বৰং নিৰ্বাসিত লোকসকলৰ মন-মগজুৰ পৰা ইউক্ৰেইনৰ ছবি আঁতৰাই পেলোৱা আৰু তেওঁলোকক প্ৰত্যাৱৰ্তনৰ বাবে অসমৰ্থ কৰি তোলা।    

জেলেনস্কীয়ে কয় যে, ইউক্ৰেইনে দায়বদ্ধ লোকসকলক শাস্তি বিহিব কিন্তু তাৰ পূৰ্বে যুদ্ধক্ষেত্ৰত প্ৰতিপন্ন কৰিব যে, ইউক্ৰেইনৰ ওপৰত বিজয় সাব্যস্ত কৰা সম্ভৱ নহয়। আমাৰ নাগৰিকে আত্মসমৰ্পন নকৰে আৰু আমাৰ শিশুসকল দখলদাৰীৰ সম্পত্তিত পৰিণত নহয়।


জেলেনস্কীয়ে সদৰি কৰে যে, এই যুদ্ধই এতিয়ালৈ প্ৰায় আঢ়ৈশ শিশুৰ প্ৰাণ কাঢ়িছে। ৪৪৬ শিশু এই যুদ্ধত আহত হোৱাৰ লগতে ১৩৯ টি শিশু সন্ধানহীন হৈ পৰা বুলিও তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে, এই সংখ্যা অধিক হোৱাৰ আশংকা আছে কিয়নো ইউক্ৰেইন চৰকাৰৰ হাতত ৰুছ সেনাই দখল কৰি থকা অঞ্চলবোৰৰ সঠিক তথ্য এতিয়ালৈ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ