--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আমেৰিকাৰ তুলচা চিকিৎসা চৌহদ  ভৱনত  সংঘটিত গুলীচালনাত চাৰিজন লোক নিহত হয়, আমেৰিকা পুলিচ প্ৰশাসনৰ পৰা এই তথ্য পোহৰলৈ আহে। 

কেপ্টেইন ৰিচাৰ্ড মিউলেনবাৰ্গে এই মৃতকৰ সংখ্যা নিশ্চিত কৰিছে। মিউলেনবাৰ্গে লগতে কৈছিল যে শ্বুটাৰজনৰো ইতিমধ্যে মৃত্যু ঘটিছে।

কিন্তু এইটো এতিয়ালৈকে পোহৰলৈ অহা নাই যে শ্বুটাৰজনৰ কেনেকৈ মৃত্যু ঘটিছে। অৱশ্যে, আক্ৰমণৰ সময়ত অচিনাক্ত বন্দুকধাৰীজনে এটা হেণ্ডগান আৰু ৰাইফল দুয়োটাৰে গুলী চালনা কৰিছিল।

ঘটনাটো স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হৈছিল। আক্ৰমণকাৰীজন ৰাইফলৰে সজ্জিত আছিল। তেওঁলোক ছেইণ্ট ফ্ৰান্সিছ চিকিৎসালয় চৌহদৰ নাটালি চিকিৎসা ভৱনত প্ৰৱেশ কৰিছিল। শেহতীয়াকৈ আৰক্ষীয়ে এটা ফেচবুক পোষ্টৰ যোগেদি নিশ্চিত কৰিছে যে শ্বুটাৰজন মৃত।

২৪ মে'ত টেক্সাছৰ উভালদে চহৰৰ ৰব প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক গণ গুলীচালনাত ১৯ জন শিক্ষাৰ্থী আৰু দুজন প্ৰাপ্তবয়স্ক লোক নিহত হয়। এই ঘটনাৰ লগত জড়িত এজন ১৮ বছৰীয়া শ্বুটাৰক সুৰক্ষা কৰ্মীয়ে হত্যা কৰিছিল।

উল্লেখ্য যে, যোৱা কেইবছৰমানত আমেৰিকা যুক্তৰাষ্ট্ৰত গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে। দেশখনৰ বন্দুক হিংসাৰ ঘটনাৰ ৰেকৰ্ড থকা এখন অনলাইন ডাটাবেছ অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত ২০২২ চনত এতিয়ালৈকে ২০০ ৰো অধিক গণ গুলীচালনা ঘটনা সংঘটিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ