--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আমেৰিকাৰ তুলচা চিকিৎসা চৌহদ  ভৱনত  সংঘটিত গুলীচালনাত চাৰিজন লোক নিহত হয়, আমেৰিকা পুলিচ প্ৰশাসনৰ পৰা এই তথ্য পোহৰলৈ আহে। 

কেপ্টেইন ৰিচাৰ্ড মিউলেনবাৰ্গে এই মৃতকৰ সংখ্যা নিশ্চিত কৰিছে। মিউলেনবাৰ্গে লগতে কৈছিল যে শ্বুটাৰজনৰো ইতিমধ্যে মৃত্যু ঘটিছে।

কিন্তু এইটো এতিয়ালৈকে পোহৰলৈ অহা নাই যে শ্বুটাৰজনৰ কেনেকৈ মৃত্যু ঘটিছে। অৱশ্যে, আক্ৰমণৰ সময়ত অচিনাক্ত বন্দুকধাৰীজনে এটা হেণ্ডগান আৰু ৰাইফল দুয়োটাৰে গুলী চালনা কৰিছিল।

ঘটনাটো স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হৈছিল। আক্ৰমণকাৰীজন ৰাইফলৰে সজ্জিত আছিল। তেওঁলোক ছেইণ্ট ফ্ৰান্সিছ চিকিৎসালয় চৌহদৰ নাটালি চিকিৎসা ভৱনত প্ৰৱেশ কৰিছিল। শেহতীয়াকৈ আৰক্ষীয়ে এটা ফেচবুক পোষ্টৰ যোগেদি নিশ্চিত কৰিছে যে শ্বুটাৰজন মৃত।

২৪ মে'ত টেক্সাছৰ উভালদে চহৰৰ ৰব প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক গণ গুলীচালনাত ১৯ জন শিক্ষাৰ্থী আৰু দুজন প্ৰাপ্তবয়স্ক লোক নিহত হয়। এই ঘটনাৰ লগত জড়িত এজন ১৮ বছৰীয়া শ্বুটাৰক সুৰক্ষা কৰ্মীয়ে হত্যা কৰিছিল।

উল্লেখ্য যে, যোৱা কেইবছৰমানত আমেৰিকা যুক্তৰাষ্ট্ৰত গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে। দেশখনৰ বন্দুক হিংসাৰ ঘটনাৰ ৰেকৰ্ড থকা এখন অনলাইন ডাটাবেছ অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত ২০২২ চনত এতিয়ালৈকে ২০০ ৰো অধিক গণ গুলীচালনা ঘটনা সংঘটিত হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ