--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰস্কৰ ড্ৰ’নৰ জৰিয়তে ৰাছিয়াৰ আৰ্টিলাৰী ব্যৱস্থা আৰু সাজসজ্জিত বাহনসমূহক প্ৰত্যহ্বান জনোৱাৰ পাছত তুৰস্কৰ বেৰাকটাৰ TB2 ড্ৰ’নৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাইছে। ইস্তানবুলস্থিত ড্ৰ’ন নিৰ্মাতা কোম্পানী বেকাৰৰ পৰিচালক চেলচুক বেৰাকটাৰে কয় যে, এই ড্ৰ’নে আধুনিক যুদ্ধত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বেৰাকটাৰে যি কৰিব বুলি আশা কৰা হৈছিল, তাকে কৰিলে। বাকুত অনুষ্ঠিত এখন প্ৰদৰ্শনীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, সমগ্ৰ বিশ্বই এতিয়া এই ড্ৰ’নৰ ক্ৰেতা হৈ পৰিছে। বছৰি ২০০ টা এনেধৰণৰ ড্ৰ’ন নিৰ্মাণ কৰিব পাৰে বুলিও দাবী বেৰাকটাৰৰ।

১২ মিটাৰ উইং সমৃদ্ধ TB2 ড্ৰ’নে ২৫ হাজাৰ মিটাৰ উচ্চতাত উৰিব পাৰে। এই ড্ৰ’নে লেজাৰ-নিৰ্দেশিত কৱচ-পাৰ্চিং বোমাৰে টেংক আৰু আৰ্টিলাৰী ধ্বংস কৰিব পাৰে। TB2 ড্ৰ’নৰ সহায়ত ইউক্ৰেইনে বহুত শক্তিশালী ৰাছিয়াৰ সেনাবাহিনীক প্ৰতিহত কৰি আহিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰো চকু কপালত তুলিছে এই TB2 ড্ৰ’নে। ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কমেও ৪৫ বাৰ এই ড্ৰ’নৰ কথা উল্লেখ কৰিছে।

ছিৰিয়া, ইৰাক, লিবিয়া, কাৰাবাখ, আৰু এতিয়া ইউক্ৰেইনৰ যুদ্ধত তুৰস্কৰ অস্ত্ৰই বিশেষ গুৰুত্ব বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ