--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইৰানৰ সৈতে উত্তেজনা চলি থকাৰ সময়তে আমেৰিকাই মাত্র ২ মিনিটৰ ভিতৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰিব পৰাকৈ সাজু কৰি ৰখাৰ বাবে দেশখনৰ সংশ্লিষ্ট কর্তৃপক্ষক দিয়া নির্দেশে সমগ্র বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

ক্লিপ নিউজ নামৰ এটা নিউজ ৱেবছাইটে আমেৰিকাৰ গোপন তথ্য ফাদিল কৰি এই বাতৰি প্ৰকাশ কৰে। 'টাইম্‌ছ অব্ ইণ্ডিয়া' ৱেবছাইটটোৰ উদ্ধৃতি দি প্রকাশ কৰা বাতৰিত এই বুলি কোৱা হৈছে যে পেন্টাগনে দিয়া নির্দেশ অনুসৰি বাৰ্তা পোৱাৰ দুই মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত পাৰমাণবিক অস্ত্ৰৰে আক্ৰমণ কৰিব লাগিব। আমেৰিকাই বি৬১-১৩ নামৰ অতি বিপজ্জনক পাৰমাণৱিক বোমা নিৰ্মাণ কৰি থকাৰ সময়তে এই বাতৰি প্ৰকাশ পাইছে। 

অহা বছৰ আক্ৰমণৰ বাবে সাজু হৈ উঠিবলগীয়া এই নতুন পাৰমাণৱিক বোমাটো আমেৰিকাই জাপানৰ হিৰোশ্বিমাত পেলোৱা বোমাতকৈ প্রায় ২৪গুণ অধিক শক্তিশালী আৰু ইয়াৰ ক্ষমতা প্রায় ৩৬০ কিলো টন। উল্লেখযোগ্য যে বৰ্তমান আমেৰিকাৰ ইৰানৰ সৈতে সম্পৰ্ক উত্তেজনাপূর্ণ হৈ আছে। আমেৰিকাই ইৰানক দেশখনৰ পাৰমাণৱিক কাৰ্যসূচী পৰিহাৰ কৰিবলৈ সকীয়নি দি আহিছে। ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় আণবিক শক্তি এজেন্সিৰ সঞ্চালক প্রধান বাফেল গ্রাছীয়ে এই বুলি সতৰ্ক কৰি দিয়ে যে ইৰানে পাৰমাণৱিক বোমা নিৰ্মাণৰ একেবাৰে কাষ চাপিছে। সেই সময়তে আমেৰিকাৰ জইন্ট চীফ অব স্টাফৰ অধ্যক্ষই জাৰি কৰা নির্দেশটোত দেশখনৰ প্রতিক্ষা বিভাগ, চোৰাংচোৱা বিভাগ, বিভিন্ন এজেন্সি, তথা আমেৰিকাৰ সহ যোগী দেশবোৰলৈ কেনেকৈ বার্তা প্ৰেৰণ কৰিব সেই বিষয়ে উল্লেখ কৰিছে। এই নির্দেশটো গোপনীয় তথ্যৰ অংশ। যোৱা ১৪ মার্চত 'ইমার্জেন্সি একশ্যন মেছেজ'ৰ অধীনত জাৰি কৰা নির্দেশটোত কোৱা হৈছে যে অর্গেনাইজেশ্যনেল মেছেজিং ছাৰ্ভিচৰ দ্বাৰা প্রস্তুত কৰা ই আটাইতকৈ হাই মেছেজ প্রায় 'ৰিটি আৰু ইয়াৰ জৰিয়তে পাৰমাণবিক কমাণ্ড, কন্ট্র'ল আৰু কমিউনিকেশ্যন অপাৰেশ্যনক মাত্র দুই মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত পাৰমাণবিক বোমাৰ আক্ৰমণৰ বাবে সাজু কৰি ৰাখিব লাগে। 

আমেৰিকাৰ শীৰ্ষস্থানীয় বিষয়াসকলে প্রকাশ কৰা অনুসৰি এই বার্তাটোৰ উদ্দেশ্য হ'ল শত্রুক ভয় খুওৱা আৰু আমেৰিকাৰ সহযোগী দেশবোৰক নিৰাপত্তাৰ ক্ষেত্ৰত আশ্বস্ত কৰি ৰখা। বিষয়াজনৰ মতে, এই নির্দেশটোৰ অর্থ এইটো নহয় যে আমেৰিকাই শীঘ্ৰে পাৰমাণৱিক অস্ত্ৰৰে আক্রমণ নকৰে, কিন্তু প্রয়োজন সাপেক্ষে যাতে ৰাষ্ট্ৰপতিয়ে ব্যৱস্থা গ্রহণ কৰিব পাৰে তাৰ প্রস্তুতিহে। উল্লেখযোগ্য যে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ ৰখাৰ বাবে ৰাষ্ট্ৰপতি ট্রাম্পে বাৰম্বাৰ সকীয়নি দি আহিছে। ট্রাম্পে ইৰানত আক্ৰমণ কৰাৰো ভাবুকি দিয়ে। ইয়াৰ মাজতে আই এ ই এৰ মুৰববী গ্ৰাচী ইৰানত উপস্থিত হৈছে দেশখনৰ সৈতে আলোচনাৰ বাবে। গ্রাছীয়ে ইৰানত ভ্ৰমণ কৰাৰ আগে আগে কয় যে ইৰান এতিয়া পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ একেবাৰে কাষ চাপিছে। তেওঁ কয় যে দেশখনে অতি কম সময়ৰ ভিতৰত পাৰমাণৱিক বোমাৰ অংশ-পাতিসমূহ যোৰা লগাই বোমা তৈয়াৰ কৰিব পৰা অৱস্থাত উপনীত হৈছে। ইফালে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ ছৌডি আৰবে উদ্বেগ প্রকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ