--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এই বিশ্বব্রহ্মাণ্ডত পৃথিবীৰ বাদে আন কোনো গ্রহ বা স্থানত প্রাণী আছেনে-এই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে কোনেও সঠিককৈ দিব পৰা নাই। কিন্তু পৃথিৱীৰ পৰা প্ৰায় সাতশ লাখ কোটি আলোকবর্ষ দূৰৈত থকা কে ২-১৮ বি নামৰ এটা গ্রহই এই দিশত আশাৰ ৰেঙনি দিছে। 

এই গ্ৰহটো পৃথিৱীতকৈ প্ৰায় আঢ়ৈ গুণ ডাঙৰ আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই এই গ্রহটোক লৈ অধ্যয়ন কৰি আছে। এই দলটোক নেতৃত্ব দিছে ভাৰতীয় মূলৰ বিজ্ঞানী নিন্ধু মধুসূদনে। অধ্যাপক মধুসূদনৰ মতে, অহা এবছৰৰ ভিতৰত গ্ৰহটোত 'জীৱ থকাটো সম্ভৱ বুলি প্ৰমাণ কৰিব পৰা যাব। 

গৱেষকৰ দলটোৱে গ্ৰহটোৰ বায়ুমণ্ডলত ডাইমিথাইল ছালফাইড, আৰু ডাইমিথাইল ডাইছালফাইডৰ দৰে ৰাসায়নিক পদার্থ আছে বুলি তথ্য লাভ কৰিছে। এনে ৰাসায়নিক পৃথিৱীত ফাইটোপ্লাংকটন আৰু বেক্টেৰিয়াই উৎপন্ন কৰে। অৱশ্যে এনে ধৰণৰ ৰাসায়নিক থাকিলেই জীৱ থকাটো নুবুজায়, কিন্তু অধ্যাপক মধুসূদনে প্রকাশ কৰিছে যে গ্ৰহটোত জীৱ থকা বুলি অচিৰেই প্ৰমাণ কৰিব পৰা যাব। গ্ৰহটোৰ বায়ুমণ্ডলত এনে ৰাসায়নিক থকাৰ সম্ভেদ দিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেমছ ৱেব দূৰবীণে। গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকা বিষয়টোৰ প্ৰতি বিজ্ঞানীসকলৰ মনোযোগ আকৰ্ষিত কৰে। বিজ্ঞানীসকলৰ মতে, কে ২-১৮ বি গ্রহটোত এখন বিশাল মহাসাগৰ থাকিব পাৰে। এই মহাসাগৰে বায়ুমণ্ডলত থকা এমনিয়া শুহি লয়। সেয়েহে গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকাটোরে ইয়াত সাগৰৰ দৰে জীৱনদায়িনী ভেটি থকাৰ ইংগিত বহন কৰিছে। 

মন কৰিবলগীয়া যে এমনিয়াৰ উপস্থিতিয়ে সাধাৰণতে গ্রহ এটাত জীৱ থকাৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ ইংগিত বুলি বিজ্ঞানীসকলে কয়। কিন্তু এই গ্ৰহটোৰ বায়ুমণ্ডলত এমনিয়া নথকাটোৱে ইয়াত বিশাল জলাশয়ৰ উপস্থিতিক ইংগিত কৰিছে। অৱশ্যে এই মহাসাগৰ ভূপৃষ্ঠৰ তলতো থাকিব পাৰে বুলি কোৱা হৈছে। বিজ্ঞানীসকলে এতিয়ালৈকে গ্ৰহটোৰ বায়ুমণ্ডলৰ তিনিটা ছিগমা স্তৰ নিশ্চিত কৰিছে। সাধাৰণতে ছিগমা বিজ্ঞানীসকলৰ সঠিকতা জোখাৰ এক মাপ। কোনো এটা আৱিষ্কাৰক নিশ্চিত কৰাৰ কাৰণে পাঁচ ছিগমাৰ প্ৰয়োজন হয়। মধুসূদনে কয় যে যদিহে কে ২-১৮ বিত জীৱ থকা বুলি প্ৰমাণ কৰিব পাৰি, তেতিয়া ই কেৱল এটা গ্ৰহৰ কাহিনী হৈ নাথাকে, বৰং সমগ্র বিশ্বব্রহ্মাণ্ডত জীৱৰ সন্ধানত চলাই থকা অভিযানে এক নতুন মাত্রা লাভ কৰিব।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ