--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মন্ত্ৰীজনে কয় যে ২০২২-২৩ বৰ্ষৰ বাবে পশুপালন বিভাগে ৰাজসাহায্য প্রদান কৰিবৰ বাবে দিয়া বিজ্ঞাপন হিতাধিকাৰীৰ অভাৱত বাতিল কৰিব লগা হৈছিল।

ডিজিটেল ডেস্ক : 'কংগ্ৰেছ দলত থাকোঁতে এনেকুৱা কিছুমান কাম কৰিছিলোঁ যিবিলাকে আজিও আমাক টানি থাকে। সেই কামবিলাকৰ দায়িত্ব কংগ্রেছ দলেই ল'ব লাগিব। কাৰণ কংগ্ৰেছ দলত থাকোঁতে বা যুৱ কংগ্রেছ কৰোঁতে দলেই এইবোৰ কামত আমাক জড়িত কৰাইছিল। কিন্তু বিজেপিলৈ অহাৰ পৰা অর্থাৎ বিগত প্রায় ১০ বছৰত কোনো ধৰণৰ বেয়া কামত বা অনৈতিক কামত জড়িত হোৱা নাই।


বিজেপিলৈ অহাৰ পৰা সমাজ আৰু ৰাষ্ট্ৰৰ হানি হোৱা কোনো কাম কৰা নাই।' পত্নীয়ে গৰু পালনৰ নামত লাভ কৰা ৫০ লাখৰ ৰাজসাহায্য আৰু গৰুখুঁটি প্রকল্পলৈ অনা ৯০জনী গিৰ গাই ৰঙিয়া ষ্টেছনত চুৰ হ'ল বুলি উঠা অভিযোগৰ চাফাই দিবলৈ গৈ শুকুৰবাৰে এখন সংবাদমেলত এইদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।


কংগ্ৰেছ দল শাসনত থকাৰ সময়ত যিবোৰ কাম কৰাৰ বাবে আজি ৰকিবুল হুছেইনক চি এম ভিজিলেন্সে খেদি ফুৰিছে সেইবোৰ কামেই এতিয়াৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো কৰিছিল নেকি সেয়া স্পষ্ট কৰি দিয়া নাই যদিও মন্ত্রীজনে তেওঁ সেই সময়ত কৰা কামবোৰৰ দায়িত্ব কংগ্রেছ দলে ল'ব লাগিব বুলি সংবাদমেলখনত বাৰে বাৰে উল্লেখ কৰে। আনহাতে, ৰঙিয়া ষ্টেছনৰ পৰা চুৰ হোৱা বুলি অভিযোগ উঠা ৯০জনী গিৰ গাইৰ প্ৰসংগত মন্ত্ৰীজনে কয় যে গৰুখুঁটি প্ৰকল্পৰ বাবে অনা ৩০০জনী গাই সেই সময়ত ৰাখিবলৈ গোহালিৰ অভাৱ হোৱাত চৰকাৰীভাৱেই ৯০জনী গাই বিক্ৰী কৰাৰ সিদ্ধান্ত হয় আৰু সেই অনুসৰি তেওঁৰ উপৰি মঙলদৈৰ সাংসদ, কমলপুৰৰ বিধায়ক, জি এম ডি এৰ উপ-সভাপতি, জোনাইৰ বিধায়ক, গহপুৰৰ বিধায়ক, বাবুল নাথ, নিৰজ বৰাকে ৯জন ব্যক্তিয়ে এই গাইবোৰ ক্ৰয় কৰে।


মন্ত্ৰীজনে কয় যে তেওঁৰ পত্নীৰ ফার্মে ক্ৰয় কৰা ২০জনী গাইৰ বাবত ১৩ লাখ ২০ হাজাৰ টকা বেংকৰ যোগেদি আদায় দিছে আৰু এই সমগ্র বিষয়টো বিধায়ক পদ্ম হাজৰিকাই বিগত বর্ষতে বিধানসভাত স্পষ্ট কৰি দিছে। আনহাতে, তেওঁৰ পত্নীয়ে বিভাগীয় বিজ্ঞাপনৰ আধাৰত আৱেদন কৰিহে ডায়েৰি ফাৰ্মৰ বাবে ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে বুলি দাবী কৰি মন্ত্ৰীজনে কয় যে ২০২২-২৩ বৰ্ষৰ বাবে পশুপালন বিভাগে ৰাজসাহায্য প্রদান কৰিবৰ বাবে দিয়া বিজ্ঞাপন হিতাধিকাৰীৰ অভাৱত বাতিল কৰিব লগা হৈছিল।


পিছৰবাৰ ২০খন ফাৰ্মক ৰাজসাহায্য দিবৰ কাৰণে পুনৰ বিজ্ঞাপন দিয়ে যদিও মাত্র ১৬জন ব্যক্তিয়েহে এই ৰাজসাহায্যৰ বাবে আৱেদন কৰিছিল আৰু ইয়াৰে এখন আৱেদন অযোগ্য হোৱাত মন্ত্ৰীৰ পত্নীকে ধৰি মাত্ৰ ১৫জনেহে এই ৰাজসাহায্য লাভ কৰিছিল বুলি জয়ন্ত মল্ল বৰুৱাই কয়। কালিৰ সংবাদমেলখনত মন্ত্রীজনক প্রশ্ন সোধা এজন সাংবাদিকক 'আপোনালোকৰ দৰে তৃতীয় শ্ৰেণীৰ লোকৰ লগত মই কথা নাপাতোঁ, মালিকৰ লগতহে পাতিম' বুলি কৰা মন্তব্যই ব্যাপক প্রতিক্ৰিয়া আৰু চৰ্চাৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ