--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মন্ত্ৰীজনে কয় যে ২০২২-২৩ বৰ্ষৰ বাবে পশুপালন বিভাগে ৰাজসাহায্য প্রদান কৰিবৰ বাবে দিয়া বিজ্ঞাপন হিতাধিকাৰীৰ অভাৱত বাতিল কৰিব লগা হৈছিল।

ডিজিটেল ডেস্ক : 'কংগ্ৰেছ দলত থাকোঁতে এনেকুৱা কিছুমান কাম কৰিছিলোঁ যিবিলাকে আজিও আমাক টানি থাকে। সেই কামবিলাকৰ দায়িত্ব কংগ্রেছ দলেই ল'ব লাগিব। কাৰণ কংগ্ৰেছ দলত থাকোঁতে বা যুৱ কংগ্রেছ কৰোঁতে দলেই এইবোৰ কামত আমাক জড়িত কৰাইছিল। কিন্তু বিজেপিলৈ অহাৰ পৰা অর্থাৎ বিগত প্রায় ১০ বছৰত কোনো ধৰণৰ বেয়া কামত বা অনৈতিক কামত জড়িত হোৱা নাই।


বিজেপিলৈ অহাৰ পৰা সমাজ আৰু ৰাষ্ট্ৰৰ হানি হোৱা কোনো কাম কৰা নাই।' পত্নীয়ে গৰু পালনৰ নামত লাভ কৰা ৫০ লাখৰ ৰাজসাহায্য আৰু গৰুখুঁটি প্রকল্পলৈ অনা ৯০জনী গিৰ গাই ৰঙিয়া ষ্টেছনত চুৰ হ'ল বুলি উঠা অভিযোগৰ চাফাই দিবলৈ গৈ শুকুৰবাৰে এখন সংবাদমেলত এইদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।


কংগ্ৰেছ দল শাসনত থকাৰ সময়ত যিবোৰ কাম কৰাৰ বাবে আজি ৰকিবুল হুছেইনক চি এম ভিজিলেন্সে খেদি ফুৰিছে সেইবোৰ কামেই এতিয়াৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো কৰিছিল নেকি সেয়া স্পষ্ট কৰি দিয়া নাই যদিও মন্ত্রীজনে তেওঁ সেই সময়ত কৰা কামবোৰৰ দায়িত্ব কংগ্রেছ দলে ল'ব লাগিব বুলি সংবাদমেলখনত বাৰে বাৰে উল্লেখ কৰে। আনহাতে, ৰঙিয়া ষ্টেছনৰ পৰা চুৰ হোৱা বুলি অভিযোগ উঠা ৯০জনী গিৰ গাইৰ প্ৰসংগত মন্ত্ৰীজনে কয় যে গৰুখুঁটি প্ৰকল্পৰ বাবে অনা ৩০০জনী গাই সেই সময়ত ৰাখিবলৈ গোহালিৰ অভাৱ হোৱাত চৰকাৰীভাৱেই ৯০জনী গাই বিক্ৰী কৰাৰ সিদ্ধান্ত হয় আৰু সেই অনুসৰি তেওঁৰ উপৰি মঙলদৈৰ সাংসদ, কমলপুৰৰ বিধায়ক, জি এম ডি এৰ উপ-সভাপতি, জোনাইৰ বিধায়ক, গহপুৰৰ বিধায়ক, বাবুল নাথ, নিৰজ বৰাকে ৯জন ব্যক্তিয়ে এই গাইবোৰ ক্ৰয় কৰে।


মন্ত্ৰীজনে কয় যে তেওঁৰ পত্নীৰ ফার্মে ক্ৰয় কৰা ২০জনী গাইৰ বাবত ১৩ লাখ ২০ হাজাৰ টকা বেংকৰ যোগেদি আদায় দিছে আৰু এই সমগ্র বিষয়টো বিধায়ক পদ্ম হাজৰিকাই বিগত বর্ষতে বিধানসভাত স্পষ্ট কৰি দিছে। আনহাতে, তেওঁৰ পত্নীয়ে বিভাগীয় বিজ্ঞাপনৰ আধাৰত আৱেদন কৰিহে ডায়েৰি ফাৰ্মৰ বাবে ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে বুলি দাবী কৰি মন্ত্ৰীজনে কয় যে ২০২২-২৩ বৰ্ষৰ বাবে পশুপালন বিভাগে ৰাজসাহায্য প্রদান কৰিবৰ বাবে দিয়া বিজ্ঞাপন হিতাধিকাৰীৰ অভাৱত বাতিল কৰিব লগা হৈছিল।


পিছৰবাৰ ২০খন ফাৰ্মক ৰাজসাহায্য দিবৰ কাৰণে পুনৰ বিজ্ঞাপন দিয়ে যদিও মাত্র ১৬জন ব্যক্তিয়েহে এই ৰাজসাহায্যৰ বাবে আৱেদন কৰিছিল আৰু ইয়াৰে এখন আৱেদন অযোগ্য হোৱাত মন্ত্ৰীৰ পত্নীকে ধৰি মাত্ৰ ১৫জনেহে এই ৰাজসাহায্য লাভ কৰিছিল বুলি জয়ন্ত মল্ল বৰুৱাই কয়। কালিৰ সংবাদমেলখনত মন্ত্রীজনক প্রশ্ন সোধা এজন সাংবাদিকক 'আপোনালোকৰ দৰে তৃতীয় শ্ৰেণীৰ লোকৰ লগত মই কথা নাপাতোঁ, মালিকৰ লগতহে পাতিম' বুলি কৰা মন্তব্যই ব্যাপক প্রতিক্ৰিয়া আৰু চৰ্চাৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ