--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যদি উৎস অপৱিত্র হয়, তেন্তে তাৰ পৰা অপৱিত্ৰ পানীয়ে ওলাব। যিদিনা কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিব, সেইদিনা কংগ্ৰেছ দললৈ কিছু পৱিত্ৰতা আহিব পাৰে। কংগ্ৰেছ কিয় অপবিত্র, সেয়া মই যোৱা কেইটামান দিনত কৈ আহিছোঁ।

ডিজিটেল ডেস্ক : 'কংগ্রেছত থাকিলে আত্মসম্মান 'ফিক্স ডিপ'জিট'ত থৈ আহিব লাগিব। অপমান খায়ো কংগ্রেছত থকাটো তেওঁলোকৰ নিয়ম।' -এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


বৃহস্পতিবাৰে সাংবাদিকৰ আগত কংগ্রেছক চোকা ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিলেহে দলটো চাফা হ'ব বুলি মন্তব্য কৰে। তেওঁ কয়- 'কংগ্রেছ চাফা কেনেকৈ হ'ব? আটাইতকৈ লেতেৰা গান্ধী পৰিয়ালটো তাত আছে। যদি উৎস অপৱিত্র হয়, তেন্তে তাৰ পৰা অপৱিত্ৰ পানীয়ে ওলাব। যিদিনা কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিব, সেইদিনা কংগ্ৰেছ দললৈ কিছু পৱিত্ৰতা আহিব পাৰে। কংগ্ৰেছ কিয় অপবিত্র, সেয়া মই যোৱা কেইটামান দিনত কৈ আহিছোঁ। গতিকে উৎস নিকা কৰিব লাগে, তেতিয়াহে সম্ভৱতঃ কংগ্রেছ নিকা হ'ব। অন্যথা একেই থাকিব।'


পূর্বতে ভূপেন বৰা, জিতেন্দ্ৰ সিং, ৰিপুন বৰা আদিয়েও কংগ্ৰেছ চাফা কৰাৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি শৰ্মাই কয় যে কিন্তু তেওঁলোকে নোৱাৰিলে। আনহাতে ভূপেন বৰা বিজেপিলৈ অহাৰ সন্দৰ্ভত ওলোৱা বাতৰিৰ সন্দৰ্ভত তেওঁ কয় যে এই কথাটো ৰাজীৱ ভৱনৰ পৰাহে বেছিকৈ ওলাইছে। বাজপেয়ী ভৱনৰ পৰা এইবোৰ কথা ওলোৱা নাই। কংগ্রেছত গৃহ কন্দল লাগি আছে বুলি জনাই তেওঁ লগতে কয় যে এই গৃহ কন্দলৰ সময়ত বৰা কংগ্রেছতে থাকক। কন্দলখন আৰু বেছি গভীৰ হওক। তাৰ পাছত তেওঁ আহিলে আহিব পাৰে। কিন্তু এতিয়াই আহিব নালাগে। ড° শৰ্মাৰ মতে, কংগ্ৰেছৰ লোকসকলেই বিচাৰে যে বৰা কংগ্ৰেছত থাকিব নালাগে, সেয়েহে তেওঁলোকে বৰা বিজেপিলৈ যাব বুলি প্ৰচাৰ চলাই আছে। তেওঁৰ দৰে আৰু কংগ্ৰেছে নিবিচৰা আৰু বহুতো লোক দলটোত আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


ইফালে কংগ্ৰেছৰ লোক বিজেপিত থকা বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ সন্দৰ্ভত তেওঁ কয়- 'মই কংগ্ৰেছৰ পৰা আহিছোঁ। পীযূষ হাজৰিকা, জয়ন্ত মল্লও কংগ্ৰেছৰ পৰা আহিছে। কিন্তু বিজেপিয়ে আমাক ভালদৰে ৰাখিছে। গতিকে কংগ্ৰেছৰ পৰা আৰু যদি মানুহ আহে তেওঁলোককো বিজেপিয়ে ভালকৈ ৰাখিব।' সাংবাদিকৰ আগত শৰ্মাই চিকেন নেক, কাশ্মীৰ, সিন্ধু জলচুক্তি আদিকে ধৰি কেইবাটাও বিষয় সামৰি কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয় যে এনে কামসমূহে দলটোৰ নেতৃত্বত শিপাই থকা দীর্ঘম্যাদী নীতিগত বিফলতাৰ ইংগিত দিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!