--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যদি উৎস অপৱিত্র হয়, তেন্তে তাৰ পৰা অপৱিত্ৰ পানীয়ে ওলাব। যিদিনা কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিব, সেইদিনা কংগ্ৰেছ দললৈ কিছু পৱিত্ৰতা আহিব পাৰে। কংগ্ৰেছ কিয় অপবিত্র, সেয়া মই যোৱা কেইটামান দিনত কৈ আহিছোঁ।

ডিজিটেল ডেস্ক : 'কংগ্রেছত থাকিলে আত্মসম্মান 'ফিক্স ডিপ'জিট'ত থৈ আহিব লাগিব। অপমান খায়ো কংগ্রেছত থকাটো তেওঁলোকৰ নিয়ম।' -এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


বৃহস্পতিবাৰে সাংবাদিকৰ আগত কংগ্রেছক চোকা ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিলেহে দলটো চাফা হ'ব বুলি মন্তব্য কৰে। তেওঁ কয়- 'কংগ্রেছ চাফা কেনেকৈ হ'ব? আটাইতকৈ লেতেৰা গান্ধী পৰিয়ালটো তাত আছে। যদি উৎস অপৱিত্র হয়, তেন্তে তাৰ পৰা অপৱিত্ৰ পানীয়ে ওলাব। যিদিনা কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিব, সেইদিনা কংগ্ৰেছ দললৈ কিছু পৱিত্ৰতা আহিব পাৰে। কংগ্ৰেছ কিয় অপবিত্র, সেয়া মই যোৱা কেইটামান দিনত কৈ আহিছোঁ। গতিকে উৎস নিকা কৰিব লাগে, তেতিয়াহে সম্ভৱতঃ কংগ্রেছ নিকা হ'ব। অন্যথা একেই থাকিব।'


পূর্বতে ভূপেন বৰা, জিতেন্দ্ৰ সিং, ৰিপুন বৰা আদিয়েও কংগ্ৰেছ চাফা কৰাৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি শৰ্মাই কয় যে কিন্তু তেওঁলোকে নোৱাৰিলে। আনহাতে ভূপেন বৰা বিজেপিলৈ অহাৰ সন্দৰ্ভত ওলোৱা বাতৰিৰ সন্দৰ্ভত তেওঁ কয় যে এই কথাটো ৰাজীৱ ভৱনৰ পৰাহে বেছিকৈ ওলাইছে। বাজপেয়ী ভৱনৰ পৰা এইবোৰ কথা ওলোৱা নাই। কংগ্রেছত গৃহ কন্দল লাগি আছে বুলি জনাই তেওঁ লগতে কয় যে এই গৃহ কন্দলৰ সময়ত বৰা কংগ্রেছতে থাকক। কন্দলখন আৰু বেছি গভীৰ হওক। তাৰ পাছত তেওঁ আহিলে আহিব পাৰে। কিন্তু এতিয়াই আহিব নালাগে। ড° শৰ্মাৰ মতে, কংগ্ৰেছৰ লোকসকলেই বিচাৰে যে বৰা কংগ্ৰেছত থাকিব নালাগে, সেয়েহে তেওঁলোকে বৰা বিজেপিলৈ যাব বুলি প্ৰচাৰ চলাই আছে। তেওঁৰ দৰে আৰু কংগ্ৰেছে নিবিচৰা আৰু বহুতো লোক দলটোত আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


ইফালে কংগ্ৰেছৰ লোক বিজেপিত থকা বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ সন্দৰ্ভত তেওঁ কয়- 'মই কংগ্ৰেছৰ পৰা আহিছোঁ। পীযূষ হাজৰিকা, জয়ন্ত মল্লও কংগ্ৰেছৰ পৰা আহিছে। কিন্তু বিজেপিয়ে আমাক ভালদৰে ৰাখিছে। গতিকে কংগ্ৰেছৰ পৰা আৰু যদি মানুহ আহে তেওঁলোককো বিজেপিয়ে ভালকৈ ৰাখিব।' সাংবাদিকৰ আগত শৰ্মাই চিকেন নেক, কাশ্মীৰ, সিন্ধু জলচুক্তি আদিকে ধৰি কেইবাটাও বিষয় সামৰি কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয় যে এনে কামসমূহে দলটোৰ নেতৃত্বত শিপাই থকা দীর্ঘম্যাদী নীতিগত বিফলতাৰ ইংগিত দিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ