--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৫ জুলাইত অনুষ্ঠিত হ'বলগীয়া এক প্রতিবাদী কাৰ্যসূচীত উদ্ধৱৰ শিৱ সেনা (উদ্ধৱ) আৰু ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনির্মাণ সেনাই (এম এন এছ) একেলগে অংশগ্রহণ কৰিব।

ডিজিটেল ডেস্ক : মাৰাঠী ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে মহাৰাষ্ট্ৰত এটা নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। ৰাজ্যখনত 'ভাষা ইমার্জেন্সি' সূচনা হোৱাৰ বিষয়ে ঘোষণা কৰি বিচ্ছিন্ন হৈ থকা দুই সম্পর্কীয় ভাই-ককাই উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ পুণৰ মিলন ঘটিছে।


মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত 'হিন্দী ভাষা' আৰোপ কৰি মাৰাঠীক অস্তিত্বহীন কৰাৰ অভিযোগ তুলি এসময়ত মহাৰাষ্ট্ৰৰ ৰাজনীতিত দপদপাই থকা প্রতাপী প্রয়াত বাল থাকৰেৰ দুই অনুগত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই ৰাজ্যখনত হিন্দী ভাষা আৰোপৰ বিৰোধিতা কৰি যৌথভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে।


মহাৰাষ্ট্ৰত হিন্দী ভাষাক লৈ বিতর্ক চলি থকাৰ মাজতে মাৰাঠী ভাষাৰ স্বাৰ্থত দুই ৰাজনৈতিক শক্তিয়ে একেলগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ যো-জা কৰাটোৱে মহাৰাষ্ট্ৰত এক নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছে। মহাৰাষ্ট্ৰত ৰাজ্য চৰকাৰখনে ত্ৰি-ভাষিক ফর্মুলা প্রয়োগেৰে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈকে হিন্দী ভাষা 'আৰোপ' কৰাৰ বিৰোধিতা কৰি উদ্ধৱ আৰু ৰাজ থাকৰেৰ ৰাজনৈতিক দল দুটাই একেলগে যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। ৫ জুলাইত অনুষ্ঠিত হ'বলগীয়া এই প্রতিবাদী কাৰ্যসূচীত উদ্ধৱৰ শিৱ সেনা (উদ্ধৱ) আৰু ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনির্মাণ সেনাই (এম এন এছ) একেলগে অংশগ্রহণ কৰিব।


দুয়োজন নেতাই বৃহস্পতিবাৰে দৃঢ়তাৰে কয় যে ৰাজ্যখনত হিন্দী ভাষা আৰোপৰ বিৰুদ্ধে তেওঁলোকৰ দলে প্রতিবাদ কৰিব। এই প্রতিবাদী কাৰ্যসূচীৰ বিষয়ে জনাবলৈ তেওঁলোকে দুখন পৃথক সংবাদমেল একে সময়তে আয়োজন কৰে। উদ্ধবে ঘোষণা কৰে যে ৭জুলাইত আজাদ মৈদামত তেওঁলোকে এম এন এছৰ সৈতে যুটীয়াভাবে প্রতিবাদ কৰিব। আনহাতে, ৰাজ থাকৰেই ৬ জুলাইত আহ্বান কৰা অ-ৰাজনৈতিক সমদলত শিৱ সেনা (উদ্ধৱ)ক অংশ ল'বলৈ আহ্বান জনায়। আনহাতে, ৫ জুলাইত এম এন এছ আৰু শিৱ সেনা (ইউ বি টি)য়ে একেলগে প্রতিবাদী কার্যসূচীত অংশ ল'ব।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ