--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৫ জুলাইত অনুষ্ঠিত হ'বলগীয়া এক প্রতিবাদী কাৰ্যসূচীত উদ্ধৱৰ শিৱ সেনা (উদ্ধৱ) আৰু ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনির্মাণ সেনাই (এম এন এছ) একেলগে অংশগ্রহণ কৰিব।

ডিজিটেল ডেস্ক : মাৰাঠী ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে মহাৰাষ্ট্ৰত এটা নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। ৰাজ্যখনত 'ভাষা ইমার্জেন্সি' সূচনা হোৱাৰ বিষয়ে ঘোষণা কৰি বিচ্ছিন্ন হৈ থকা দুই সম্পর্কীয় ভাই-ককাই উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ পুণৰ মিলন ঘটিছে।


মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত 'হিন্দী ভাষা' আৰোপ কৰি মাৰাঠীক অস্তিত্বহীন কৰাৰ অভিযোগ তুলি এসময়ত মহাৰাষ্ট্ৰৰ ৰাজনীতিত দপদপাই থকা প্রতাপী প্রয়াত বাল থাকৰেৰ দুই অনুগত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই ৰাজ্যখনত হিন্দী ভাষা আৰোপৰ বিৰোধিতা কৰি যৌথভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে।


মহাৰাষ্ট্ৰত হিন্দী ভাষাক লৈ বিতর্ক চলি থকাৰ মাজতে মাৰাঠী ভাষাৰ স্বাৰ্থত দুই ৰাজনৈতিক শক্তিয়ে একেলগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ যো-জা কৰাটোৱে মহাৰাষ্ট্ৰত এক নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছে। মহাৰাষ্ট্ৰত ৰাজ্য চৰকাৰখনে ত্ৰি-ভাষিক ফর্মুলা প্রয়োগেৰে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈকে হিন্দী ভাষা 'আৰোপ' কৰাৰ বিৰোধিতা কৰি উদ্ধৱ আৰু ৰাজ থাকৰেৰ ৰাজনৈতিক দল দুটাই একেলগে যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। ৫ জুলাইত অনুষ্ঠিত হ'বলগীয়া এই প্রতিবাদী কাৰ্যসূচীত উদ্ধৱৰ শিৱ সেনা (উদ্ধৱ) আৰু ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনির্মাণ সেনাই (এম এন এছ) একেলগে অংশগ্রহণ কৰিব।


দুয়োজন নেতাই বৃহস্পতিবাৰে দৃঢ়তাৰে কয় যে ৰাজ্যখনত হিন্দী ভাষা আৰোপৰ বিৰুদ্ধে তেওঁলোকৰ দলে প্রতিবাদ কৰিব। এই প্রতিবাদী কাৰ্যসূচীৰ বিষয়ে জনাবলৈ তেওঁলোকে দুখন পৃথক সংবাদমেল একে সময়তে আয়োজন কৰে। উদ্ধবে ঘোষণা কৰে যে ৭জুলাইত আজাদ মৈদামত তেওঁলোকে এম এন এছৰ সৈতে যুটীয়াভাবে প্রতিবাদ কৰিব। আনহাতে, ৰাজ থাকৰেই ৬ জুলাইত আহ্বান কৰা অ-ৰাজনৈতিক সমদলত শিৱ সেনা (উদ্ধৱ)ক অংশ ল'বলৈ আহ্বান জনায়। আনহাতে, ৫ জুলাইত এম এন এছ আৰু শিৱ সেনা (ইউ বি টি)য়ে একেলগে প্রতিবাদী কার্যসূচীত অংশ ল'ব।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ