--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জনপ্ৰিয় সংগীত পৰিচালক মানস ৰবীনৰ এক আন্তৰিক প্ৰয়াসেৰে অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে পাঁচটা খণ্ডৰ এখন বিশেষ ৱেব ছিৰিজ — “জুবিন-মানসৰ যাত্ৰা”।

ডিজিটেল ডেস্কঃ অসমৰ হিয়াৰ আমঠু তথা সংগীত জগতৰ মহাতাৰকা জুবিন গাৰ্গ বিহীন এইবাৰৰ প্ৰথমটো ব’হাগ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়ত প্ৰতিগৰাকী অসমীয়াৰ মন আনন্দৰ মাজতো বিষাদেৰে ভৰি পৰিছে। 


ইয়াৰ মাজতে অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ। জনপ্ৰিয় সংগীত পৰিচালক মানস ৰবীনৰ এক আন্তৰিক প্ৰয়াসেৰে অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে পাঁচটা খণ্ডৰ এখন বিশেষ ৱেব ছিৰিজ — “জুবিন-মানসৰ যাত্ৰা”।


কি থাকিব এই ছিৰিজত?


মূলত ২০০৪ আৰু ২০০৫ বৰ্ষৰ স্মৃতিৰ পটভূমিত নিৰ্মাণ কৰা হৈছে এই ৱেব ছিৰিজটো। সেই সময়ছোৱাত জুবিন গাৰ্গ আৰু মানস ৰবীনে শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি প্ৰতিখন বিহু মঞ্চত যি উন্মাদনাৰ সৃষ্টি কৰিছিল, তাৰেই জীৱন্ত দস্তাবেজ হ’ব এই ছিৰিজ। 


ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে বিহু মঞ্চৰ অনন্য সংগীত পৰিৱেশন,মঞ্চৰ আঁৰৰ কেতিয়াও নেদেখা বিভিন্ন সৰু-বৰ কাহিনী আৰু ২০ বছৰ পূৰ্বৰ চফল ডেকা জুবিন গাৰ্গৰ সেই বিশেষ মুহূৰ্তসমূহ।


যিসকলে ২০ বছৰৰ আগৰ জুবিন গাৰ্গক মঞ্চত প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱা নাছিল, তেওঁলোকৰ বাবে এই ছিৰিজটো হ’ব এক আৱেগিক উপহাৰ। জুবিন গাৰ্গক জীয়াই ৰখাৰ এই প্ৰয়াসৰ জৰিয়তে দৰ্শকে ২০ বছৰ আগৰ অসমখনকো পুনৰ দেখা পাব।


এই সুন্দৰ পদক্ষেপৰ জৰিয়তে মানস ৰবীনে কয়,"বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ আৰু নিখুঁতভাৱে পৰিৱেশন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। জুবিনক জীয়াই ৰখাৰ ই এক সৰু প্ৰয়াস।" 


ক’ত উপভোগ কৰিব পাৰিব এই ছিৰিজ?


মুঠ পাঁচটা খণ্ডৰ এই ৱেব ছিৰিজটো আগন্তুক ব’হাগৰ পহিলা দিনাই মুকলি কৰা হ’ব। দৰ্শকে জনপ্ৰিয় অ'টিটি প্লেটফৰ্ম 'লুইত' (Luit App) ত এই ছিৰিজটো উপভোগ কৰিব পাৰিব।


জুবিন গাৰ্গৰ সেই সৰগী কণ্ঠৰ মূৰ্ছনা আৰু মানস ৰবীনৰ সৈতে থকা তেওঁৰ মধুৰ সম্পৰ্কৰ এই যাত্ৰাই অসমৰ বিহুৰ বতৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ