--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জনপ্ৰিয় সংগীত পৰিচালক মানস ৰবীনৰ এক আন্তৰিক প্ৰয়াসেৰে অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে পাঁচটা খণ্ডৰ এখন বিশেষ ৱেব ছিৰিজ — “জুবিন-মানসৰ যাত্ৰা”।

ডিজিটেল ডেস্কঃ অসমৰ হিয়াৰ আমঠু তথা সংগীত জগতৰ মহাতাৰকা জুবিন গাৰ্গ বিহীন এইবাৰৰ প্ৰথমটো ব’হাগ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়ত প্ৰতিগৰাকী অসমীয়াৰ মন আনন্দৰ মাজতো বিষাদেৰে ভৰি পৰিছে। 


ইয়াৰ মাজতে অনুৰাগীসকলৰ বাবে আহিছে এক সুখবৰ। জনপ্ৰিয় সংগীত পৰিচালক মানস ৰবীনৰ এক আন্তৰিক প্ৰয়াসেৰে অতি শীঘ্ৰেই মুক্তি পাবলৈ গৈ আছে পাঁচটা খণ্ডৰ এখন বিশেষ ৱেব ছিৰিজ — “জুবিন-মানসৰ যাত্ৰা”।


কি থাকিব এই ছিৰিজত?


মূলত ২০০৪ আৰু ২০০৫ বৰ্ষৰ স্মৃতিৰ পটভূমিত নিৰ্মাণ কৰা হৈছে এই ৱেব ছিৰিজটো। সেই সময়ছোৱাত জুবিন গাৰ্গ আৰু মানস ৰবীনে শদিয়াৰ পৰা ধুবুৰীলৈ ভ্ৰমণ কৰি প্ৰতিখন বিহু মঞ্চত যি উন্মাদনাৰ সৃষ্টি কৰিছিল, তাৰেই জীৱন্ত দস্তাবেজ হ’ব এই ছিৰিজ। 


ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে বিহু মঞ্চৰ অনন্য সংগীত পৰিৱেশন,মঞ্চৰ আঁৰৰ কেতিয়াও নেদেখা বিভিন্ন সৰু-বৰ কাহিনী আৰু ২০ বছৰ পূৰ্বৰ চফল ডেকা জুবিন গাৰ্গৰ সেই বিশেষ মুহূৰ্তসমূহ।


যিসকলে ২০ বছৰৰ আগৰ জুবিন গাৰ্গক মঞ্চত প্ৰত্যক্ষ কৰাৰ সুযোগ পোৱা নাছিল, তেওঁলোকৰ বাবে এই ছিৰিজটো হ’ব এক আৱেগিক উপহাৰ। জুবিন গাৰ্গক জীয়াই ৰখাৰ এই প্ৰয়াসৰ জৰিয়তে দৰ্শকে ২০ বছৰ আগৰ অসমখনকো পুনৰ দেখা পাব।


এই সুন্দৰ পদক্ষেপৰ জৰিয়তে মানস ৰবীনে কয়,"বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ আৰু নিখুঁতভাৱে পৰিৱেশন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। জুবিনক জীয়াই ৰখাৰ ই এক সৰু প্ৰয়াস।" 


ক’ত উপভোগ কৰিব পাৰিব এই ছিৰিজ?


মুঠ পাঁচটা খণ্ডৰ এই ৱেব ছিৰিজটো আগন্তুক ব’হাগৰ পহিলা দিনাই মুকলি কৰা হ’ব। দৰ্শকে জনপ্ৰিয় অ'টিটি প্লেটফৰ্ম 'লুইত' (Luit App) ত এই ছিৰিজটো উপভোগ কৰিব পাৰিব।


জুবিন গাৰ্গৰ সেই সৰগী কণ্ঠৰ মূৰ্ছনা আৰু মানস ৰবীনৰ সৈতে থকা তেওঁৰ মধুৰ সম্পৰ্কৰ এই যাত্ৰাই অসমৰ বিহুৰ বতৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত