--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ চুমি নাথক(২৬)

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত চিতলমাৰীত সংঘটিত হৈছে এক হৃদয়বিদাৰক হত্যাকাণ্ডৰ ৰহস্য ।


নিজৰ মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ চুমি নাথক(২৬)।


চিতলমাৰীৰ বাসিন্দা পিংকু নাথৰ পত্নী চুমিয়ে বিধানসভা নিৰ্বাচনৰ নিশা এই জঘন্য কাণ্ড সংঘটিত কৰিছিল । আৰক্ষীৰ জেৰাত পাষণ্ড মাতৃগৰাকীয়ে ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ।


এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শ শ পুৰুষ-মহিলাই ৰাজপথলৈ ওলাই আহি হত্যাকাৰী মাতৃগৰাকীৰ ফাঁচীৰ দাবী জনায়।


প্ৰতিবাদকাৰী ৰাইজে ৮ দিনীয়া দেৱশিশুটিয়ে যাতে শান্তি পায়, তাৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে। এগৰাকী মাতৃয়ে কিয় ইমান জঘন্য কাণ্ড কৰিলে তাৰ ৰহস্য এতিয়াও উদ্ভাৱন হোৱা নাই । হাওৰাঘাট আৰক্ষীয়ে ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত