--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কলকাতাৰ পৰা ট্রাকে ট্রাকে অসমলৈ আহিছে সৰু-ডাঙৰ বিভিন্ন আকৃতিৰ ঢোল। অসমৰ থলুৱা শিল্পী তথা উদ্যোগটোৰ মূৰত মাধমাৰ শোধাই ইতিমধ্যে কলকাতাৰ মেচিনত নির্মিত নিম্ন মানৰ ঢোল বজাৰে বজাৰে উভৈনদী হৈ পৰিছে।

ডিজিটেল ডেস্ক: বাপতিসাহোন বহাগ বিহুক আদৰিবলৈ ৰাজ্যজুৰি প্ৰস্তুতি অব্যাহত আছে। ৰঙালী বিহুৰ প্ৰাক্‌মুহূর্তত ইতিমধ্যে ঢোল, পেঁপাৰ মাতত মুখৰ হৈছে ৰাজ্যৰ আকাশ-বতাহ। 


ইয়াৰ সমান্তৰালভাৱে বহাগ বিহুৰ বজাৰখনক লৈ উঠি-পৰি লাগিছে অসাধু ব্যৱসায়ী। অসমীয়াৰ স্বাভিমানৰ প্রতীক শিপিনীয়ে তাঁতৰ শালত বোৱা গামোচাখনক প্রত্যাহ্বান জনাই মেচিনত নির্মিত বহিঃৰাজ্যৰ সস্তীয়া গামোচাৰে বজাৰ ভৰি পৰাৰ পাছত এইবাৰ বহিঃৰাজ্যৰ পৰা অসমলৈ আহিল বাপতিসাহোন বহাগ বিহুৰ ঢোলটোও। 



কলকাতাৰ পৰা ট্রাকে ট্রাকে অসমলৈ আহিছে সৰু-ডাঙৰ বিভিন্ন আকৃতিৰ ঢোল। অসমৰ থলুৱা শিল্পী তথা উদ্যোগটোৰ মূৰত মাধমাৰ শোধাই ইতিমধ্যে কলকাতাৰ মেচিনত নির্মিত নিম্ন মানৰ ঢোল বজাৰে বজাৰে উভৈনদী হৈ পৰিছে। 


কলকাতাৰ ঢোলে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। গামোচাৰ দৰেই, এইবাৰ ঢোলৰ বজাৰখনো কলকাতাৰ পৰা অহা ঢোলে দখল কৰিবলৈ লোৱাত অসমৰ পৰম্পৰাগত ঢোল নির্মাতাসকলৰ জীৱিকাৰ লগতে অসমীয়া সংস্কৃতিলৈ বৃহৎ ভাবুকি কঢ়িয়াই আনিছে। এতিয়া বিহুৰ বতৰত অসমৰ চাহিদা পূৰণৰ বাবে কলকাতাৰ পৰা ট্রাকেৰে বৃহৎ পৰিমাণৰ ঢোল আমদানি হোৱা কাৰ্যই থলুৱা শিল্প আৰু সংস্কৃতিক ধ্বংসৰ দিশে লৈ যোৱাৰ আশংকা কৰা হৈছে। 



উল্লেখযোগ্য যে আহোম স্বৰ্গদেওসকলৰ আমোলত ঢোলে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়াসকল বাটচ'ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্রচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্রচলিত আছে। ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। বিহুৰ সময়ত অসমৰ থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকলৰ যেন ব্যস্ততাৰ অন্ত নাই। বিহুৰ সময়ত তেওঁলোকে আম, কঁঠাল, মদাৰ, কদম আদি গছ কিনি আনি ঘৰতে নিৰ্মাণ কৰা এই বাদ্যযন্ত্ৰ অসমৰ বিভিন্ন ঠাইত যোগান ধৰি আহিছে। 


আনহাতে, বাদ্যযন্ত্র নির্মাণ কৰিয়েই তেওঁলোকে পৰিয়াল পোহপাল দি আছে। অসমৰ ঢোল নির্মাণ প্রক্রিয়া অত্যন্ত পুৰণি আৰু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। শিৱসাগৰৰ জাঁজীৰ সমীপৱৰ্তী ফুলপানীছিগা গাঁও অসমৰ পৰম্পৰাগত ঢোল নিৰ্মাণৰ বাবে ঐতিহাসিকভাবে বিখ্যাত। 


আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা ইয়াত ঢোলৰ নিৰ্মাণ হৈছিল বুলি জনাজাত। তেনেদৰে অসমৰ ডিব্ৰুগড়, শিৱসাগৰৰ জামুগুৰি আৰু ডিমৌ, কলিয়াবৰ, ধেমাজি, নলবাৰীৰ টিহু আদি বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে শিল্পীসকলে ঢোল নিৰ্মাণ কৰে। বাদ্যসমূহ অতি নিখুঁতভাবে তৈয়াৰ অথবা মেৰামতি কৰা বৃত্তিটোৰ প্ৰতি আকৃষ্ট হৈ জীয়াই ৰাখিছে টিহুৰ কৃষ্ণ বাদ্যকৰে। তেনেদৰে চ'ত সোমোৱাৰ লগে লগে বঢ়মপুৰৰ গায়নগাঁৱত ঢোলৰ গুমগুমণিয়ে আকাশ-বতাহ কঁপাই তোলে। বঢ়মপুৰৰ কঁঠাল কাঠৰ হস্তনির্মিত ঢোল প্রস্তুত প্রক্ৰিয়াৰ লগত জড়িত এই গাঁওখনে সমগ্র জিলাখনৰ লগতে নামনি আৰু উজনি অসমলৈ বিহুৰ সময়ত ঢোলৰ যোগান ধৰাৰ লগতে বৃত্তিটো জীয়াই ৰাখিবলৈ সক্ষম হৈছে। 



ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ ডিকম বজাৰৰ বিদ্যাধৰ ৰবি দাস নামৰ শিল্পীজনে ১৯৬৭ চনৰ পৰাই ঢোল বনাই আহিছিল। জীৱনৰ ৬০ বছৰে কেৱল অসমীয়াৰ বাপতি সাহোন বিহুৰ বাবে ঢোল নির্মাণত ব্যস্ত এইজন শিল্পীয়ে ৫ টকাত একোটা ঢোল বিক্ৰী কৰাৰ সময়ৰে পৰাই এই প্রক্রিয়াটোত ক্ষুব্ধ হৈ আছিল। 


আনহাতে, কলিয়াবৰতো মা মনসা বাদ্য ভাণ্ডাৰৰ লোকবাদ্য নির্মাতা শিল্পী বিশ্ব বাদ্যকাৰৰ বিপণীত অসমৰ ভিন্ন প্ৰান্তৰ পৰা ঢোল নিৰ্মাণৰ বাবে অহা ঢুলীয়াসকলৰ ভিৰ কৰে। কলিয়াবৰৰ কুঁৱৰীটোলত অৱস্থিত মা মনসা বাদ্য ভাণ্ডাৰত উৎকৃষ্টমানৰ ঢোল তৈয়াৰ কৰা হয় বুলি নাম আছে। ঠিক তেনেদৰে ধেমাজি জিলাৰ অন্যতম ঢোল নির্মাতা প্রতিষ্ঠান মাছখোৱা চাৰিআলিস্থিত অমূল্য বাদ্য ভাণ্ডাৰত ছয়জন কৰ্মচাৰীয়ে দিনে-নিশাই ঢোলৰ বৰতী, খুবনি আদি প্রস্তুত কৰি অহাটো উল্লেখযোগ্য কথা। বিহুৰ আগমুহূর্তত ঢোল ক্ৰয় কৰিবলৈ আহিছে দলে দলে ঢুলীয়া। ঢুলীয়াৰ ঢোলৰ চাপৰত ৰজনজনাইছে চৌদিশ। 


এনেদৰেই একাংশ লোকে পুৰণিকলীয়া বৃত্তিটোক জীয়াই ৰাখি সাতামপুৰুষীয়া সংস্কৃতি ৰক্ষাৰ বাবে কষ্ট কৰি থকাৰ বিপৰীতে কিন্তু ঐতিহাসিক ঢোল শিল্পৰ লগত জড়িত এইসকল শিল্পী সদায়েই বঞ্চিত হৈ আহিছে। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইসকল নীৰৱ শিল্পীয়ে গাঁঠিৰ ধন ভাঙিয়েই গৰিমামণ্ডিত ঢোল শিল্পক জীয়াই ৰাখিছে। 


এনেদৰেই চৰকাৰৰ অনাদৰ, অৱহেলা, নতুন প্ৰজন্মৰ মাজত ঢোল নিৰ্মাণৰ বৃত্তিটোৰ ব্যাৱসায়িক মানসিকতা নথকাত গৰিমামণ্ডিত ঢোল নিৰ্মাণৰ এই শিল্প আজি ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে আৰু পশ্চিম বংগৰ ব্যৱসায়ীয়ে ভালদৰেই ইয়াৰ সুযোগ গ্রহণ কৰিছে আৰু অসমত জাতীয় উৎসৱৰ সময়ত হোৱা বর্ধিত চাহিদাৰ সুযোগ গ্রহণ কৰি ট্রাকে ট্রাকে বিহু ঢোল প্ৰেৰণ কৰিছে অসমলৈ। লক্ষণীয়ভাৱে অসমৰ পৰম্পৰাগত বিহু ঢোলে ইতিমধ্যে চৰকাৰীভাৱে ভৌগোলিক স্বীকৃতি লাভ কৰিছে। 


এই স্বীকৃতিয়ে বিহু ঢোলৰ বিশেষ নির্মাণ শৈলী আৰু সাংস্কৃতিক গুৰুত্বক আইনী সুৰক্ষা প্ৰদান কৰাৰ লগতে ইয়াক নকল কৰাটো নিষিদ্ধ কৰিছে। সেয়ে এইক্ষেত্ৰত গুৰুত্ব দি প্রশাসন তথা দায়িত্বশীল বিভাগে অসমীয়া জাতিটোৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত হেঁপাহৰ গামোচাখনৰ লগতে মৰমৰ ঢোলটো যাতে কোনো ব্যৱসায়ীয়ে মেচিনত নিৰ্মাণ কৰি আনি অসমৰ বজাৰত বিক্ৰী কৰিব নোৱাৰে সেইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement