--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • প্রাণৰ শিল্পীগৰাকীৰ বিয়োগত মানুহৰ সকলো আনন্দ-উল্লাসেই যেন স্তব্ধ শৈ গৈছে। সর্বত্র যেন অজান শূন্যতা। ৰাজ্যৰ গাঁৱে-ভূঞে, চুবুৰিয়ে চুবুৰিয়ে প্রতিদিনেই অব্যাহত আছে জুবিন বন্দনা।

ডিজিটেল ডেস্ক : 'মই যেনেকে অর্জন কৰিছোঁ, মই যেনেকে লৈছোঁ, মানুহে মোক দিছে। মই আকৌ মানুহক ঘূৰাই দি থৈ যাম। মোৰ ঘৰ-বাৰী সব মানুহক দি থৈ যাম। মই নিজৰ কাৰণে একো নাৰাখোঁ। অকল চিতাখনৰ বাহিৰে। চিতাখন খালী মানুহে জ্বলাব লাগিব।'


সকলোকে সকলো দি নিজৰ বাবে একোকে নাৰাখি এনেদৰেই এদিন দি যোৱা প্রতিশ্রুতি ৰাগি হঠাতে এদিন সাগৰৰ বুকুত অস্তমিত সূর্যৰ দৰে শুই পৰা জুবিন গাৰ্গ নামৰ সেই সূর্যকণ্ঠ নোহোৱা হোৱাৰ এটা মাহ সম্পূর্ণ হ'ল। 


অসমীয়াৰ আৱেগ, হিয়াৰ আমঠু, সংগীতৰ মহানায়ক জুবিন গাৰ্গবিহীন ৰহস্যৰে আবৃত এই অশ্রুসিক্ত এমাহে যেন সত্যব সন্ধান আৰু ন্যায়ৰ অপেক্ষাত বৈ আছে অজস্র অনুৰাগী, প্রতিগৰাকী অসমীয়া জুবিন বিহীন এই বেদনা, নিমাওমাও পৰিৱেশত ম্লান হৈ পৰিছে সকলোঁ উৎসৱৰ বতৰা। কাৰোৰে মনত নাই আনন্দ কিম্বা উছাহ, উদ্দীপনা। 


প্রাণৰ শিল্পীগৰাকীৰ বিয়োগত মানুহৰ সকলো আনন্দ-উল্লাসেই যেন স্তব্ধ শৈ গৈছে। সর্বত্র যেন অজান শূন্যতা। ৰাজ্যৰ গাঁৱে-ভূঞে, চুবুৰিয়ে চুবুৰিয়ে প্রতিদিনেই অব্যাহত আছে জুবিন বন্দনা। বিদ্যালয়ৰ প্রার্থনাৰ স্থানতে গুঞ্জৰিত হৈছে গানৰ ভগৱানৰ যুগজয়ী সৃষ্টি 'মায়াবিনী'। অসমৰ প্রতি ঘৰতে জুবিন গাৰ্গৰ স্মৃতিত জ্বলিছে চাকি-বন্তি। প্রিয় শিল্পীগৰাকীৰ মৃত্যুদ পিছৰে পৰা অসমৰ বিভিন্ন প্রান্তত তেওঁৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। ইয়াৰ সমানুপাতিকভাৱে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিও জনতাৰ আন্দোলন অব্যাহত আছে। 


ইতিমধ্যে জুবিনৰ বহস্যজনক মৃত্যুৰ ক্ষেত্রত নাম সাঙোৰ খোৱা ৫ অভিযুক্তক কাৰাগাৰলৈ প্রেৰণ কৰ হৈছে। অব্যাহত আছে প্রাণৰ শিল্পীব তদন্ত প্রক্রিয়া। অর্ধ শতাধিক লোকৰ সাক্ষ্য গ্রহণ কৰিছে বিশেষ তদন্তকাৰী গোটে। তদন্তৰ বাবে ছিংগাপুৰলৈ যাব তদন্তকাৰী দল। ইফালে জনতাৰ প্ৰাণৰ শিল্পীগবাকীব মহাপ্রয়াণৰ এমাহ সম্পূর্ণ হোৱা উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্রান্তত ৰাইজ, দল-সংগঠন তথা স্থানীয় প্রশাসনে দিনজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠান তথা জুবিন গার্গব এমহীয়া শ্রাদ্ধৰ আয়োজন কৰা হৈছে। প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ সমাধিক্ষেত্রতো পুৱাৰে পৰা নিশালৈকে দিনজোৰা কাৰ্যসূচীৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কার্যসূচী অনুসৰি পুৱা গীতা পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পাছতে সংকীৰ্তন অনুষ্ঠান সর্বধর্ম প্রার্থনা, ১০০টা নামতী দলৰ একেলগে নাম-প্রসংগ, ১০০জন বাঁহী বাদকৰ দ্বাৰা শ্রদ্ধাঞ্জলি অনুষ্ঠান, শিল্পী তথা বাদ্যযন্ত্রীসকলৰ বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু অংকীয়া ভাওনা প্রদর্শন কৰা হ'ব। গুৱাহাটীৰ লতাশিল খেলপথাৰতো বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত বিভিন্ন কার্যসুচীৰে জুবিন গার্গব এমহীয়া শ্রাদ্ধৰ আয়োজন কৰা হৈছে দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্রত বাজহুরা শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাৱেশৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ড' হীৰেন গোহাঁই, আব্দুল মান্নান, ড' অপূর্ব কুমাৰ বৰুৱা, বসন্ত ডেকা, ড° মনোৰমা শর্মা, ড' ইন্দ্রাণী দত্ত, অজিত কুমাৰ ভূঞা, ড' সৌৰভ প্রাণ গোস্বামী, চন্দ্রকান্ত দাস, লক্ষ্মীনাথ তামুলী, মুনীন ব্যয়ন, লোকনাথ গোস্বামী, প্রণৱজ্যোতি ডেকা, দেবেন তামুলী, নীলিম কুমাৰ, শংকৰ শইকীয়া, ড° সীতানাথ লহকৰ, ড' ঘনশ্যাম নাথ, ড° অখিল বঞ্জন দত্ত, ড' পৰমানন্দ মজুমদাৰ, অৰূপ বৰবৰা, শান্তনু বৰঠাকুৰ, অদীপ কুমাৰ ফুকন, পৰেশ মালাকাৰ আদি বিশিষ্ট ব্যক্তি, বিভিন্ন যুৱ-ছাত্র সংগঠন, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজ, কৃষক সংগঠন, শ্রমিক সংগঠন, ট্রেড ইউনিয়ন, মহিলা সংগঠন, সাহিত্য সাংস্কৃতিক সংগঠন, শিল্পী সমাজ, কা বিৰোধী সমন্বয় সমিতি, বিৰোধী দলৰ নেতৃবৃন্দসহ কেইবাহাজাৰ ৰাইজে অংশগ্রহণ কৰিব। 


তেনেদৰে প্রাণৰ শিল্পী হেৰাই যোৱাৰ এমাহ সম্পূর্ণ উপলক্ষত বিৰোধী ঐক্যৰ উদ্যোগত আজি গুৱাহাটীত বৃহৎ ন্যায় সমাৱেশৰ আয়োজন কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্রেড কমিটীৰ সহযোগত দিছপুৰৰ মানরেন্দ্র শর্মা চৌহদত শ্রদ্ধাঞ্জলি অনুষ্ঠানক লগতে নাম-কীর্তন আৰু সর্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে। ইফালে জুবিন গাৰ্গৰ প্রয়াণৰ এমহীয়া উপলক্ষে কালি জোনালীৰ ডিজি মিউজিকত প্ৰাণৰ শিল্পীজনলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। এই ডিজি মিউজিকতে এসময়ত জুবিনক কেন্দ্র কৰি গঢ় লৈ উঠিছিল এক সাংগীতিক সাংস্কৃতিক আড্ডা। ডিজি মিউজিকৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত দেৱ বৰকটকী, দিগন্ত ভাৰতী, পবিত্র মাৰ্ঘেৰিটালৈকে জুবিনৰ একালৰ সকলো সংগ সমৱেত হৈ নাম-প্রসংগত ভাগ লোৱাৰ লগতে শিল্পীগৰাকীক স্মৰণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে