--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • প্রাণৰ শিল্পীগৰাকীৰ বিয়োগত মানুহৰ সকলো আনন্দ-উল্লাসেই যেন স্তব্ধ শৈ গৈছে। সর্বত্র যেন অজান শূন্যতা। ৰাজ্যৰ গাঁৱে-ভূঞে, চুবুৰিয়ে চুবুৰিয়ে প্রতিদিনেই অব্যাহত আছে জুবিন বন্দনা।

ডিজিটেল ডেস্ক : 'মই যেনেকে অর্জন কৰিছোঁ, মই যেনেকে লৈছোঁ, মানুহে মোক দিছে। মই আকৌ মানুহক ঘূৰাই দি থৈ যাম। মোৰ ঘৰ-বাৰী সব মানুহক দি থৈ যাম। মই নিজৰ কাৰণে একো নাৰাখোঁ। অকল চিতাখনৰ বাহিৰে। চিতাখন খালী মানুহে জ্বলাব লাগিব।'


সকলোকে সকলো দি নিজৰ বাবে একোকে নাৰাখি এনেদৰেই এদিন দি যোৱা প্রতিশ্রুতি ৰাগি হঠাতে এদিন সাগৰৰ বুকুত অস্তমিত সূর্যৰ দৰে শুই পৰা জুবিন গাৰ্গ নামৰ সেই সূর্যকণ্ঠ নোহোৱা হোৱাৰ এটা মাহ সম্পূর্ণ হ'ল। 


অসমীয়াৰ আৱেগ, হিয়াৰ আমঠু, সংগীতৰ মহানায়ক জুবিন গাৰ্গবিহীন ৰহস্যৰে আবৃত এই অশ্রুসিক্ত এমাহে যেন সত্যব সন্ধান আৰু ন্যায়ৰ অপেক্ষাত বৈ আছে অজস্র অনুৰাগী, প্রতিগৰাকী অসমীয়া জুবিন বিহীন এই বেদনা, নিমাওমাও পৰিৱেশত ম্লান হৈ পৰিছে সকলোঁ উৎসৱৰ বতৰা। কাৰোৰে মনত নাই আনন্দ কিম্বা উছাহ, উদ্দীপনা। 


প্রাণৰ শিল্পীগৰাকীৰ বিয়োগত মানুহৰ সকলো আনন্দ-উল্লাসেই যেন স্তব্ধ শৈ গৈছে। সর্বত্র যেন অজান শূন্যতা। ৰাজ্যৰ গাঁৱে-ভূঞে, চুবুৰিয়ে চুবুৰিয়ে প্রতিদিনেই অব্যাহত আছে জুবিন বন্দনা। বিদ্যালয়ৰ প্রার্থনাৰ স্থানতে গুঞ্জৰিত হৈছে গানৰ ভগৱানৰ যুগজয়ী সৃষ্টি 'মায়াবিনী'। অসমৰ প্রতি ঘৰতে জুবিন গাৰ্গৰ স্মৃতিত জ্বলিছে চাকি-বন্তি। প্রিয় শিল্পীগৰাকীৰ মৃত্যুদ পিছৰে পৰা অসমৰ বিভিন্ন প্রান্তত তেওঁৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। ইয়াৰ সমানুপাতিকভাৱে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিও জনতাৰ আন্দোলন অব্যাহত আছে। 


ইতিমধ্যে জুবিনৰ বহস্যজনক মৃত্যুৰ ক্ষেত্রত নাম সাঙোৰ খোৱা ৫ অভিযুক্তক কাৰাগাৰলৈ প্রেৰণ কৰ হৈছে। অব্যাহত আছে প্রাণৰ শিল্পীব তদন্ত প্রক্রিয়া। অর্ধ শতাধিক লোকৰ সাক্ষ্য গ্রহণ কৰিছে বিশেষ তদন্তকাৰী গোটে। তদন্তৰ বাবে ছিংগাপুৰলৈ যাব তদন্তকাৰী দল। ইফালে জনতাৰ প্ৰাণৰ শিল্পীগবাকীব মহাপ্রয়াণৰ এমাহ সম্পূর্ণ হোৱা উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্রান্তত ৰাইজ, দল-সংগঠন তথা স্থানীয় প্রশাসনে দিনজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠান তথা জুবিন গার্গব এমহীয়া শ্রাদ্ধৰ আয়োজন কৰা হৈছে। প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ সমাধিক্ষেত্রতো পুৱাৰে পৰা নিশালৈকে দিনজোৰা কাৰ্যসূচীৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কার্যসূচী অনুসৰি পুৱা গীতা পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পাছতে সংকীৰ্তন অনুষ্ঠান সর্বধর্ম প্রার্থনা, ১০০টা নামতী দলৰ একেলগে নাম-প্রসংগ, ১০০জন বাঁহী বাদকৰ দ্বাৰা শ্রদ্ধাঞ্জলি অনুষ্ঠান, শিল্পী তথা বাদ্যযন্ত্রীসকলৰ বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু অংকীয়া ভাওনা প্রদর্শন কৰা হ'ব। গুৱাহাটীৰ লতাশিল খেলপথাৰতো বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত বিভিন্ন কার্যসুচীৰে জুবিন গার্গব এমহীয়া শ্রাদ্ধৰ আয়োজন কৰা হৈছে দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্রত বাজহুরা শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাৱেশৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ড' হীৰেন গোহাঁই, আব্দুল মান্নান, ড' অপূর্ব কুমাৰ বৰুৱা, বসন্ত ডেকা, ড° মনোৰমা শর্মা, ড' ইন্দ্রাণী দত্ত, অজিত কুমাৰ ভূঞা, ড' সৌৰভ প্রাণ গোস্বামী, চন্দ্রকান্ত দাস, লক্ষ্মীনাথ তামুলী, মুনীন ব্যয়ন, লোকনাথ গোস্বামী, প্রণৱজ্যোতি ডেকা, দেবেন তামুলী, নীলিম কুমাৰ, শংকৰ শইকীয়া, ড° সীতানাথ লহকৰ, ড' ঘনশ্যাম নাথ, ড° অখিল বঞ্জন দত্ত, ড' পৰমানন্দ মজুমদাৰ, অৰূপ বৰবৰা, শান্তনু বৰঠাকুৰ, অদীপ কুমাৰ ফুকন, পৰেশ মালাকাৰ আদি বিশিষ্ট ব্যক্তি, বিভিন্ন যুৱ-ছাত্র সংগঠন, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সমাজ, কৃষক সংগঠন, শ্রমিক সংগঠন, ট্রেড ইউনিয়ন, মহিলা সংগঠন, সাহিত্য সাংস্কৃতিক সংগঠন, শিল্পী সমাজ, কা বিৰোধী সমন্বয় সমিতি, বিৰোধী দলৰ নেতৃবৃন্দসহ কেইবাহাজাৰ ৰাইজে অংশগ্রহণ কৰিব। 


তেনেদৰে প্রাণৰ শিল্পী হেৰাই যোৱাৰ এমাহ সম্পূর্ণ উপলক্ষত বিৰোধী ঐক্যৰ উদ্যোগত আজি গুৱাহাটীত বৃহৎ ন্যায় সমাৱেশৰ আয়োজন কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্রেড কমিটীৰ সহযোগত দিছপুৰৰ মানরেন্দ্র শর্মা চৌহদত শ্রদ্ধাঞ্জলি অনুষ্ঠানক লগতে নাম-কীর্তন আৰু সর্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে। ইফালে জুবিন গাৰ্গৰ প্রয়াণৰ এমহীয়া উপলক্ষে কালি জোনালীৰ ডিজি মিউজিকত প্ৰাণৰ শিল্পীজনলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। এই ডিজি মিউজিকতে এসময়ত জুবিনক কেন্দ্র কৰি গঢ় লৈ উঠিছিল এক সাংগীতিক সাংস্কৃতিক আড্ডা। ডিজি মিউজিকৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত দেৱ বৰকটকী, দিগন্ত ভাৰতী, পবিত্র মাৰ্ঘেৰিটালৈকে জুবিনৰ একালৰ সকলো সংগ সমৱেত হৈ নাম-প্রসংগত ভাগ লোৱাৰ লগতে শিল্পীগৰাকীক স্মৰণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ