--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰেমিক-প্ৰেমিকাৰ নাম নাছৰিনা বেগম আৰু জাকিৰ হুছেইন। নাছৰিনা বেগমৰ ঘৰ ধিঙৰ নিজধিং গাঁৱত আৰু প্ৰেমিকৰ ঘৰ মৈৰাবাৰীত।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই স্বামীৰ নামত লাভ কৰা PMAYGৰ ঘৰৰ ধন আৰু ৰেচন কাৰ্ড বন্ধকত দি বিবাহিত প্ৰেমিকৰ লগত পলায়ন কৰিলে তিনি সন্তানৰ মাতৃয়ে।


প্ৰেমিক-প্ৰেমিকাৰ নাম নাছৰিনা বেগম আৰু জাকিৰ হুছেইন। নাছৰিনা বেগমৰ ঘৰ ধিঙৰ নিজধিং গাঁৱত আৰু প্ৰেমিকৰ ঘৰ মৈৰাবাৰীত।


প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে মাথোঁ জানে প্ৰেমৰ ঠিকনা । বহল মনৰ দুৰন্ত এই প্ৰেম কাহিনী হৈছে নগাঁৱৰ ধিঙৰ । তিনি সন্তানৰ এইগৰাকী মাতৃ হৈছে নাছৰিনা বেগম । নাছৰিনা বেগমৰ স্বামী ৰফিকুল ইছলাম থাকে কৰ্মসূত্রে তিনিচুকীয়াত। স্বামী দূৰৈত থকাৰ সুযোগতে নাছৰিনা পৰিল বিবাহিত পুৰুষৰ সৈতে প্ৰেমত। 


প্ৰথমে ফোনত কথা বতৰা আৰু তাৰ পিছত মাজে মাজে লগ কৰা। কিন্তু লগ কৰিলেও দুয়োৰে মন নভৰা হ'ল। ইজনে সিজনক এৰি থাকিব নোৱাৰা হ'ল ।অৱশেষত প্ৰমিকা নাছৰিনা আৰু মৈৰাবাৰীৰ প্ৰেমিক জাকিৰ হুছেইনে ল'লে দুয়ো এক হোৱাৰ পণ। দুয়ো একেলগে থাকিব, ঘৰ সংসাৰ সাজিব, কিন্তু প্ৰেমিক জাকিৰ হুছেইন দৰিদ্র হোৱাৰ বাবে দুয়ো পৰে বিপাঙত।


প্ৰেমিক ,প্ৰেমিকাৰ সপোন দিঠকত পৰিণত কৰিবলৈ নাছৰিনাই কৰিলে ভয়ংকৰ কাণ্ড । স্বামী ৰফিকুল ইছলামৰ নামত লাভ কৰা PMAYG ৰ গৃহৰ ৮০ হাজাৰ টকা, ৰেচন কাৰ্ড বন্ধকত দি দহ হাজাৰ টকা আৰু হাট গোটৰ পৰা ৪০ হাজাৰ টকা লৈ পলাই যায় মৈৰাবাৰীৰ জাকিৰ হুছেইনৰ লগত । 


ইফালে নাছৰিনাৰ স্বামী ৰফিকুল ইছলামে প্ৰথমে নাছৰিনা নিৰুদ্দেশ হোৱা বুলি গম পাই আহিল দৌৰা দৌৰি কৰি । প্ৰথম অৱস্থাত নাছৰিনাক বিচাৰি হাহাকাৰ কৰিছিল যদিও পিছত নাছৰিনাৰ কু-কাণ্ডৰ কথা জানি ৰফিকুল ইছলামে কাষ চাপিছে সংবাদ মাধ্যমৰ । 


নাছৰিনালৈ ৰফিকুল ইছলামৰ আহ্বান PMAYG ৰ ধন ৰেচন কাৰ্ড বন্ধক দি লৈ যোৱা ধন আৰু হাট গোটৰ পৰা ঋণ লৈ যোৱা ধন ঘুৰাই দিব লাগে স্বামীক। যদি ধন ঘুৰাই দিয়ে তেন্তে নাছৰিনাক হাহি ফুৰ্তিৰে জাকিৰ হুছেইনৰ লগত বিবাহ কৰাই দিব ৰফিকুলে । কাৰণ পূৰ্বেও তিনি সন্তানৰ এই গৰাকী মাতৃ নাছৰিনা এজন যুৱকৰ লগত পলাই গৈছিল আৰু সন্তানৰ কথা চিন্তা কৰি ঘূৰাই অনা হৈছিল নাছৰিনাক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত