--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰেমিক-প্ৰেমিকাৰ নাম নাছৰিনা বেগম আৰু জাকিৰ হুছেইন। নাছৰিনা বেগমৰ ঘৰ ধিঙৰ নিজধিং গাঁৱত আৰু প্ৰেমিকৰ ঘৰ মৈৰাবাৰীত।

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই স্বামীৰ নামত লাভ কৰা PMAYGৰ ঘৰৰ ধন আৰু ৰেচন কাৰ্ড বন্ধকত দি বিবাহিত প্ৰেমিকৰ লগত পলায়ন কৰিলে তিনি সন্তানৰ মাতৃয়ে।


প্ৰেমিক-প্ৰেমিকাৰ নাম নাছৰিনা বেগম আৰু জাকিৰ হুছেইন। নাছৰিনা বেগমৰ ঘৰ ধিঙৰ নিজধিং গাঁৱত আৰু প্ৰেমিকৰ ঘৰ মৈৰাবাৰীত।


প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে মাথোঁ জানে প্ৰেমৰ ঠিকনা । বহল মনৰ দুৰন্ত এই প্ৰেম কাহিনী হৈছে নগাঁৱৰ ধিঙৰ । তিনি সন্তানৰ এইগৰাকী মাতৃ হৈছে নাছৰিনা বেগম । নাছৰিনা বেগমৰ স্বামী ৰফিকুল ইছলাম থাকে কৰ্মসূত্রে তিনিচুকীয়াত। স্বামী দূৰৈত থকাৰ সুযোগতে নাছৰিনা পৰিল বিবাহিত পুৰুষৰ সৈতে প্ৰেমত। 


প্ৰথমে ফোনত কথা বতৰা আৰু তাৰ পিছত মাজে মাজে লগ কৰা। কিন্তু লগ কৰিলেও দুয়োৰে মন নভৰা হ'ল। ইজনে সিজনক এৰি থাকিব নোৱাৰা হ'ল ।অৱশেষত প্ৰমিকা নাছৰিনা আৰু মৈৰাবাৰীৰ প্ৰেমিক জাকিৰ হুছেইনে ল'লে দুয়ো এক হোৱাৰ পণ। দুয়ো একেলগে থাকিব, ঘৰ সংসাৰ সাজিব, কিন্তু প্ৰেমিক জাকিৰ হুছেইন দৰিদ্র হোৱাৰ বাবে দুয়ো পৰে বিপাঙত।


প্ৰেমিক ,প্ৰেমিকাৰ সপোন দিঠকত পৰিণত কৰিবলৈ নাছৰিনাই কৰিলে ভয়ংকৰ কাণ্ড । স্বামী ৰফিকুল ইছলামৰ নামত লাভ কৰা PMAYG ৰ গৃহৰ ৮০ হাজাৰ টকা, ৰেচন কাৰ্ড বন্ধকত দি দহ হাজাৰ টকা আৰু হাট গোটৰ পৰা ৪০ হাজাৰ টকা লৈ পলাই যায় মৈৰাবাৰীৰ জাকিৰ হুছেইনৰ লগত । 


ইফালে নাছৰিনাৰ স্বামী ৰফিকুল ইছলামে প্ৰথমে নাছৰিনা নিৰুদ্দেশ হোৱা বুলি গম পাই আহিল দৌৰা দৌৰি কৰি । প্ৰথম অৱস্থাত নাছৰিনাক বিচাৰি হাহাকাৰ কৰিছিল যদিও পিছত নাছৰিনাৰ কু-কাণ্ডৰ কথা জানি ৰফিকুল ইছলামে কাষ চাপিছে সংবাদ মাধ্যমৰ । 


নাছৰিনালৈ ৰফিকুল ইছলামৰ আহ্বান PMAYG ৰ ধন ৰেচন কাৰ্ড বন্ধক দি লৈ যোৱা ধন আৰু হাট গোটৰ পৰা ঋণ লৈ যোৱা ধন ঘুৰাই দিব লাগে স্বামীক। যদি ধন ঘুৰাই দিয়ে তেন্তে নাছৰিনাক হাহি ফুৰ্তিৰে জাকিৰ হুছেইনৰ লগত বিবাহ কৰাই দিব ৰফিকুলে । কাৰণ পূৰ্বেও তিনি সন্তানৰ এই গৰাকী মাতৃ নাছৰিনা এজন যুৱকৰ লগত পলাই গৈছিল আৰু সন্তানৰ কথা চিন্তা কৰি ঘূৰাই অনা হৈছিল নাছৰিনাক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ