--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লাচিথ মালিঙ্গা পুনৰ পুৰণি দললৈ উভতি আহিছে। শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰজনক ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বলিং প্ৰশিক্ষক হিচাপে দেখা যাব। ইয়াৰ পূৰ্বে তেওঁৰ ঠাইত শ্বেন বণ্ড আছিল।

মালিঙ্গাই আই পি এলৰ আগন্তুক ছিজনত মাৰ্ক বাউচাৰ আৰু কাইৰন প'লাৰ্ডৰ সৈতে যোগদান কৰিব। তেওঁ মুম্বাই ইণ্ডিয়ানছৰ আন দুজন প্ৰাক্তন সতীৰ্থৰ সৈতে কাম কৰিব। শ্ৰীলংকাৰ পেচাৰগৰাকীয়ে  আই পি এলত পাঁচবাৰৰ চেম্পিয়ন মুম্বাইৰ হৈ খেলিছিল। তেওঁ ২০২১ চনলৈকে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল।

তাৰকা বলাৰজনে তেওঁৰ পুৰণি দললৈ উভতি আহি সুখী বুলি মন্তব্য কৰিছে।মালিংগাই কয়  "মই মাৰ্ক, পলী, ৰোহিতৰ সৈতে কাম কৰিবলৈ বাট চাই আছোঁ। বিশেষকৈ বলিং লাইনৰ সৈতে। মই যোৱা বছৰ তেওঁলোকৰ দৃষ্টিভংগী ভাল পাইছিলো। "

মালিঙ্গাই মুম্বাইৰ হৈ কেইবাখনো মেচ জিকিছে। তেওঁ ২০০৮ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ সৈতে আছে। তেওঁ মুম্বাইৰ হৈ সাতটা ট্ৰফী জিকিছিল। ইয়াত চাৰিখন আই পি এল আৰু দুখন চেম্পিয়নছ লীগ টি-২০ অন্তৰ্ভুক্ত হৈ আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ