--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লাচিথ মালিঙ্গা পুনৰ পুৰণি দললৈ উভতি আহিছে। শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰজনক ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ বলিং প্ৰশিক্ষক হিচাপে দেখা যাব। ইয়াৰ পূৰ্বে তেওঁৰ ঠাইত শ্বেন বণ্ড আছিল।

মালিঙ্গাই আই পি এলৰ আগন্তুক ছিজনত মাৰ্ক বাউচাৰ আৰু কাইৰন প'লাৰ্ডৰ সৈতে যোগদান কৰিব। তেওঁ মুম্বাই ইণ্ডিয়ানছৰ আন দুজন প্ৰাক্তন সতীৰ্থৰ সৈতে কাম কৰিব। শ্ৰীলংকাৰ পেচাৰগৰাকীয়ে  আই পি এলত পাঁচবাৰৰ চেম্পিয়ন মুম্বাইৰ হৈ খেলিছিল। তেওঁ ২০২১ চনলৈকে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল।

তাৰকা বলাৰজনে তেওঁৰ পুৰণি দললৈ উভতি আহি সুখী বুলি মন্তব্য কৰিছে।মালিংগাই কয়  "মই মাৰ্ক, পলী, ৰোহিতৰ সৈতে কাম কৰিবলৈ বাট চাই আছোঁ। বিশেষকৈ বলিং লাইনৰ সৈতে। মই যোৱা বছৰ তেওঁলোকৰ দৃষ্টিভংগী ভাল পাইছিলো। "

মালিঙ্গাই মুম্বাইৰ হৈ কেইবাখনো মেচ জিকিছে। তেওঁ ২০০৮ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ সৈতে আছে। তেওঁ মুম্বাইৰ হৈ সাতটা ট্ৰফী জিকিছিল। ইয়াত চাৰিখন আই পি এল আৰু দুখন চেম্পিয়নছ লীগ টি-২০ অন্তৰ্ভুক্ত হৈ আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত