--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰতিভাশালী ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনত কম্পমান প্ৰতিদ্বন্দ্বী৷ক্ৰিকেটাৰজনৰ নাম-ৰোহিত শৰ্মা৷বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক৷আজি এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এক স্থিৰ আৰু সুন্দৰ আৰম্ভণি প্ৰদান কৰে ৰোহিত শৰ্মাই। সুন্দৰ আৰম্ভণিৰ পাছতো আজিৰ মেচখনত অৰ্ধশতক অৰ্জন কৰাত ভাৰতীয় অধিনায়কগৰাকী ব্যৰ্থ হয়। ৰোহিত শৰ্মাই ৪০টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। ৰোহিতৰ ইনিংছটোত সন্নিৱিষ্ট আছিল ৭টা চাৰি আৰু ২টা ছয়। একে সময়তে চলিত বিশ্বকাপত ২৫০ ৰানৰ সংখ্যা স্পৰ্শ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা। এতিয়ালৈকে ৰোহিত শৰ্মাৰ বাহিৰে চলিত বিশ্বকাপত আন কোনো বেটছমেনে এই স্থান অৰ্জন কৰিব পৰা নাই।

এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত ৰোহিত শৰ্মাৰ পাছতে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ অ’পেনাৰ ড্ৱেইন কনৱে। ড্ৱেইন কনৱেই ২৪৯ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মা আৰু ড্ৱেইন কনৱেৰ পাছত তৃতীয় স্থানত আছে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান। এতিয়ালৈকে মহম্মদ ৰিজৱানে ২৪৮ ৰান সংগ্ৰহ কৰিছম। ইয়াৰ পাছত তালিকাত আছে দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ কুইণ্টন ডি কক। কুইণ্টন ডি ককৰ নামত আছে ২২৯ ৰান। আনহাতে এই তালিকাত পঞ্চম স্থানত আছে নিউজিলেণ্ডৰ ৰাচিন ৰবিন্দ্ৰ। এইজন প্ৰতিভাশালী যুৱ বেটছমেনে ২১৫ ৰান সংগ্ৰহ কৰিছে।

অৱশ্যে ২০২৩ৰ বিশ্বকাপৰ আৰম্ভণি ৰোহিত শৰ্মাৰ বাবে ভাল নাছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্রথমখন খেলত ৰোহিত শর্মাই কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে আউট হৈছিল৷ কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় অধিনায়কগৰাকীয়ে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৰোহিত শৰ্মাই শতক অৰ্জন কৰে। এই খেলখনত ৰোহিত শৰ্মাই ৮৪টা বলত ১৩১ ৰানৰ অনবদ্য  ইনিংছ প্ৰদৰ্শন কৰে। ইয়াৰ পাছত পুনৰ পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই মাত্ৰ ৬৩টা বলত ৮৬ ৰান সংগ্ৰহ কৰে।ঠিক অনুৰূপধৰণে বাংলাদেশৰ বিৰুদ্ধে আজি ৰোহিত শৰ্মাই ৪০টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। এইদৰে। ৰোহিত শৰ্মা ২০২৩ চনৰ বিশ্বকাপত ২৫০ ৰানৰ সীমা স্পৰ্শ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক