--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰতিভাশালী ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনত কম্পমান প্ৰতিদ্বন্দ্বী৷ক্ৰিকেটাৰজনৰ নাম-ৰোহিত শৰ্মা৷বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক৷আজি এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এক স্থিৰ আৰু সুন্দৰ আৰম্ভণি প্ৰদান কৰে ৰোহিত শৰ্মাই। সুন্দৰ আৰম্ভণিৰ পাছতো আজিৰ মেচখনত অৰ্ধশতক অৰ্জন কৰাত ভাৰতীয় অধিনায়কগৰাকী ব্যৰ্থ হয়। ৰোহিত শৰ্মাই ৪০টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। ৰোহিতৰ ইনিংছটোত সন্নিৱিষ্ট আছিল ৭টা চাৰি আৰু ২টা ছয়। একে সময়তে চলিত বিশ্বকাপত ২৫০ ৰানৰ সংখ্যা স্পৰ্শ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা। এতিয়ালৈকে ৰোহিত শৰ্মাৰ বাহিৰে চলিত বিশ্বকাপত আন কোনো বেটছমেনে এই স্থান অৰ্জন কৰিব পৰা নাই।

এই বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত ৰোহিত শৰ্মাৰ পাছতে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ অ’পেনাৰ ড্ৱেইন কনৱে। ড্ৱেইন কনৱেই ২৪৯ ৰান সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মা আৰু ড্ৱেইন কনৱেৰ পাছত তৃতীয় স্থানত আছে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান। এতিয়ালৈকে মহম্মদ ৰিজৱানে ২৪৮ ৰান সংগ্ৰহ কৰিছম। ইয়াৰ পাছত তালিকাত আছে দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ কুইণ্টন ডি কক। কুইণ্টন ডি ককৰ নামত আছে ২২৯ ৰান। আনহাতে এই তালিকাত পঞ্চম স্থানত আছে নিউজিলেণ্ডৰ ৰাচিন ৰবিন্দ্ৰ। এইজন প্ৰতিভাশালী যুৱ বেটছমেনে ২১৫ ৰান সংগ্ৰহ কৰিছে।

অৱশ্যে ২০২৩ৰ বিশ্বকাপৰ আৰম্ভণি ৰোহিত শৰ্মাৰ বাবে ভাল নাছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্রথমখন খেলত ৰোহিত শর্মাই কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে আউট হৈছিল৷ কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় অধিনায়কগৰাকীয়ে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৰোহিত শৰ্মাই শতক অৰ্জন কৰে। এই খেলখনত ৰোহিত শৰ্মাই ৮৪টা বলত ১৩১ ৰানৰ অনবদ্য  ইনিংছ প্ৰদৰ্শন কৰে। ইয়াৰ পাছত পুনৰ পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই মাত্ৰ ৬৩টা বলত ৮৬ ৰান সংগ্ৰহ কৰে।ঠিক অনুৰূপধৰণে বাংলাদেশৰ বিৰুদ্ধে আজি ৰোহিত শৰ্মাই ৪০টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। এইদৰে। ৰোহিত শৰ্মা ২০২৩ চনৰ বিশ্বকাপত ২৫০ ৰানৰ সীমা স্পৰ্শ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ