--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিবলৈহে বাকী কংগ্ৰেছ দলক। গান্ধী পৰিয়ালৰ স্থিতাৱস্থাকামী মানসিকতা আৰু তেওঁলোকৰ একাংশ স্তাৱকৰ আকোৰগোঁজ মনোভাৱে লাহে লাহে ক্ষয় নিয়াই আনিছে দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক। এইবাৰ আন এগৰাকী জ্যেষ্ঠ নেতাই দলটো ত্যাগ কৰিলে। সন্তৰ্পনে কংগ্ৰেছ ত্যাগ কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেষ যাদৱৰ কাষ চাপিছে কপিল ছিবাল। দেশৰ এগৰাকী প্ৰখ্যাত আইনজ্ঞ তথা কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ অংগ কপিল ছিবালৰ কংগ্ৰেছ ত্যাগ দলটোৰ বাবে মোক্ষম আঘাত বিবেচিত হৈছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ এৰাৰ কথা আজি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টীৰ সমৰ্থনেৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিলৰ সময়তে তেওঁ দেশৰ ৰাজনীতিত তোলপাৰ লগোৱা এই ঘোষণা কৰে। তেওঁ ১৬ মেতেই দলত্যাগ কৰা বুলি ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি কয়, মই ১৬ মেতেই কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। ৰাজ্যসভাত এক স্বতন্ত্ৰ কণ্ঠস্বৰ হৈ কথা কোৱাৰ প্ৰয়োজন আছে। যেতিয়া কোনো স্বতন্ত্ৰ প্ৰতিনিধিয়ে সংসদত কথা কয় তেতিয়া ৰাইজে বিশ্বাসত লয়, কিয়নো কোনো ৰাজনৈতিক দলৰ হৈ সেই কথা কোৱা নাই বুলি তেওঁলোক পতিয়ন যায়। উল্লেখ্য যে, স্বতন্ত্ৰভাৱে ৰাজ্যসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কলেও তেওঁক অখিলেষ যাদৱৰ সমাজবাদী পাৰ্টীয়ে সমৰ্থন দিয়াটো তেওঁ প্ৰকাশ কৰিছে। অখিলেষ যাদৱেও মন্তব্য কৰিছে যে, তেওঁৰ দলৰ সমৰ্থনতে ৰাজ্যসভালৈ যাব কপিল ছিবাল।

উল্লেখ্য যে, দেশৰ ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ শেহতীয়া অৱস্থা আৰু নেতৃত্বৰ দুৰ্বলতাৰ প্ৰসংগক লৈ সততে সৰৱ হৈ থকা দেখিবলৈ পোৱা গৈছিল। তেওঁ কংগ্ৰেছৰ বহু চৰ্চিত জি-২৩ গোটৰো সদস্য আছিল। দলৰ নেতৃত্বলৈ বিভিন্ন দাবী তথা অসন্তুষ্টি প্ৰকাশেৰে পত্ৰ প্ৰেৰণ কৰি, নেতৃত্বৰ পৰিৱৰ্তন কামনা কৰি এই জি-২৩ গোট ব্যাপকভাৱে চৰ্চালৈ আহিছিল।

গান্ধী পৰিয়ালৰ নেতৃত্বক লৈ তেওঁ মুকলিকৈয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেষ যাদৱৰ সৈতে লক্ষ্ণৌত আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ মাজত সৃষ্টি হোৱা বুজিবুজিৰ পাছতে ছিবালে এনে কঠিন সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানক জামিন প্ৰদানতো ছিবালৰ ভূমিকা আছিল। উচ্চতম ন্যায়ালয়ত আজম খানৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল কপিল ছিবালে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ১১খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ ক্ষণ গণনা আৰম্ভ হৈছে। তাৰেই এখন আসনৰ পৰা উচ্চ সদনলৈ কপিল ছিবালক পঠিয়াবলৈ সাজু হৈছে সমাজবাদী পাৰ্টী।

দেশৰ ৰাজনীতিক এইগৰাকী পুৰোধা তথা অতি মেধাসম্পন্ন কপিল ছিবালৰ দৰে নেতাই সমাজবাদী পাৰ্টীৰ কাষ চপাটো অখিলেষ যাদৱৰ কাৰণে এক ইতিবাচক দিশ বিবেচিত হৈছে। তাৰ বিপৰীতে কংগ্ৰেছে আন এক মোক্ষম আঘাত সহিবলগীয়া হল। ইজনৰ পাছত সিজন যুৱ নেতাই কংগ্ৰেছ এৰাৰ পাছত দলটোৰ ভেটি স্বৰূপ ছিবালৰ দৰে জ্যেষ্ঠ নেতায়ো দল ত্যাগ কৰিবলৈ আৰম্ভ কৰাটোৱে কংগ্ৰেছৰ নিশ্চিত পতনোন্মুখ অৱস্থাৰে যেন সোঁৱৰাই দিছে। শেহতীয়াকৈ খুব কম সময়ৰ ব্যৱধানতে গুজৰাটৰ কাৰ্যকৰী সভাপতি হাৰ্ডিক পেটেল, পঞ্জাবৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰ আৰু এতিয়া কপিল ছিবালৰ দৰে নেতাই পদত্যাগ কৰিছে। ছোনিয়া-ৰাহুল-প্ৰিয়ংকাৰ ব্যক্তিগত সম্পত্তিত পৰিণত হোৱা দলটোৱে এই খহনীয়া ৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে কংগ্ৰেছৰ প্ৰাসংগিকতা নতুন ৰাজনীতিত ঘূৰি নহাটো নিশ্চিত বুলিব পাৰি।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ