--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৃথিৱীৰ পৰা বহু নিলগত আৰু সূৰ্যৰ নিচেই কাষতে থকা বুধ গ্ৰহৰ বিষয়ে বিশ্ববাসীয়ে খুব কমকৈহে জানে। বুধ গ্ৰহৰ ৰহস্য ভেদ কৰাৰ বাবে গ্ৰহটো অভিমুখে প্ৰেৰণ কৰা হৈছে এখন মহাকাশ যান।

বুধৰ ওপৰেৰে উৰি যোৱাৰ সময়তে যান খনে  সূৰ্যৰ আটাইতকৈ ওচৰত থকা এটা গ্ৰহটোৰ গহ্বৰযুক্ত পৃষ্ঠৰ ছবি তুলিবলৈ সক্ষম হৈছিল৷।  পূৰ্বে বেপিকোলোমোবো মহাকাশযানখনে গ্ৰহটোৰ পৃষ্ঠৰ ওপৰেৰে ২০০ কিলোমিটাৰ ওচৰলৈ আহিছিল।
 ২০২৫ চনত যান খনে বুধৰ কক্ষপথত প্ৰৱেশ কৰাৰ আগতে বুধৰ চাৰিওফালে মুঠ ছয়বাৰ উৰিব। এনেদৰে উৰি থকাৰ সময়তে যান খনে গ্ৰহটোৰ নানান ছবি তুলিব। যিবোৰ ছবি বিশ্ববাসীয়ে আগতে কেতিয়াও দেখা নাই। 

মহাকাশযানখনে বুধৰ ছবি ল'বলৈ তিনিটা নিৰীক্ষণ কেমেৰা (এমচিএএম) ব্যৱহাৰ কৰিছে।  ফ্লাইবাইৰ প্ৰাথমিক উদ্দেশ্য হৈছে বুধলৈ ভৱিষ্যত অভিযানৰ বাবে বিস্তৃত আৰু দীঘলীয়া গৱেষণা কৰা, গ্ৰহটোলৈ যাব পৰা সঠিক পথ  নিশ্চিত কৰা আদি । ইউৰোপীয়  মহাকাশ সংস্থা আৰু জাপানী মহাকাশ সংস্থা, জেএএক্সএ,  যুটীয়াভাৱে নিৰ্মাণ কৰা মহাকাশযানখনে সৌৰজগতৰ আচৰিত গ্ৰহটোৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

 শেহতীয়া ছবি বোৰত বুধৰ পৃষ্ঠ বহু দ দ গহ্বৰে আৱৰি ৰথা দেখা গৈছে।কি কাৰণত তেনে গহ্বৰৰ সৃষ্টি হৈছে সেয়াও জনাৰ চেষ্টা চলোৱা হ’ব। শেহতীয়াকৈ মহাকাশযানখনে প্ৰতি ছেকেণ্ডত ১.৩ কিলোমিটাৰ গতিৰে বুধৰ কাষত বিচৰণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাই কৈছে যে বুধৰ কক্ষপথত যানখনে প্ৰৱেশ কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম।

 বেপিকলম্বোৱে পৃথিৱীৰ পৰা উৎক্ষেপণ কৰাৰ লগে লগে ইয়াত সৃষ্টি হোৱা কক্ষীয় শক্তি হ্ৰাস কৰিব লগা হৈছিল, যাৰ অৰ্থ হৈছে ই প্ৰথমে আমাৰ গৃহ গ্ৰহৰ সৈতে একে কক্ষপথত উৰিছিল । গহ্বৰৰ ভিতৰত পানী থাকিব পাৰে নেকি সেই বিষয়তো যান খনে গৱেষণা চলাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ