--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ এখন লেখতলবলগীয়া দেশত পৰিণত হৈছে। বিশ্বৰ প্ৰথম দেশ হিচাবে ভাৰতে চন্দ্ৰৰ দক্ষ্ণ মেৰুত চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণ কৰোৱালৈ সক্ষম হৈছে। সমান্তৰালভাবে ভাৰতে  সূৰ্য অভিযান আৰম্ভ কৰাৰ লগতেশুক্ৰগ্ৰহলৈ অভিযানৰ প্ৰস্তুতি চলাইছে।

 এনেবোৰ ভাল খবৰৰ মাজতে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই  প্ৰথমবাৰৰ বাবে মহাকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে। ভাৰতীয় মহাকাশ সংস্থাটোৱে ইতিমধ্যে ইয়াৰ মঙ্গল আৰু শুক্ৰ অভিযানৰ বাবে কাম কৰি আছে । ইছৰোৰ প্ৰধান এছ সোমনাথে মহাকাশ কেন্দ্ৰৰ নিৰ্মাণ সম্পৰ্কীয়  ইছৰোৰ ডাঙৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত ইছৰোৰ অধ্যক্ষগৰাকীয়ে  কয় যে ভাৰতীয় মহাকাশ সংস্থাটোৱে ভৱিষ্যত অভিযানৰ বাবে বিভিন্ন সম্ভাৱনাৰ কথা  অন্বেষণ কৰি আছে।  যাৰ ভিতৰত আছে এটা মহাকাশ কেন্দ্ৰ স্থাপন আৰু দীৰ্ঘম্যাদী মানৱ মহাকাশ যাত্ৰাৰ পথ প্ৰশস্ত কৰা। "আমি চন্দ্ৰ অভিযানৰ সফলতাৰ পিছত সকলো সম্ভাৱনা ইতিবাচক কৰি তোলাৰ চেষ্টা চলাইছো ," 

সোমনাথে কয়। তেওঁ লগতে কয় "আমি ভাৰতীয় মহাকাশ অৰ্থনীতিৰ বাবে মহাকাশ কেন্দ্ৰটো কেনেদৰে লাভজনক হ'ব পাৰে সেয়া চাই আছো," । ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণৰ পিছত ইছৰোৱে ইয়াৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ উৎক্ষেপণ কৰি  সূৰ্যৰ দিশত পৃথিৱীৰ পৰা ১.৫ নিযুত কিলোমিটাৰ দূৰত থকা লাগ্ৰাঞ্জিয়ান পইণ্ট ১ (বা এল১)ৰ চাৰিওফালে এটা হেলো কক্ষপথত স্থাপন কৰিছে। ভাৰতীয় মহাকাশ সংস্থাটোৱে ইয়াৰ গগনযান অভিযানৰ বিষয়েও কাম কৰি আছে।  

যাৰ উদ্দেশ্য হৈছে এটা মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,  যিটোৱে তিনি জনীয়া মহাকাশচাৰীক  তিনি দিনৰ বাবে ৪০০  কিমি (২৫০ মাইল) ওপৰৰ কক্ষপথলৈ লৈ যাব।উল্লেখ্য  মহাকাশত চীনে ইতিমধ্যে নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ