--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ এখন লেখতলবলগীয়া দেশত পৰিণত হৈছে। বিশ্বৰ প্ৰথম দেশ হিচাবে ভাৰতে চন্দ্ৰৰ দক্ষ্ণ মেৰুত চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণ কৰোৱালৈ সক্ষম হৈছে। সমান্তৰালভাবে ভাৰতে  সূৰ্য অভিযান আৰম্ভ কৰাৰ লগতেশুক্ৰগ্ৰহলৈ অভিযানৰ প্ৰস্তুতি চলাইছে।

 এনেবোৰ ভাল খবৰৰ মাজতে  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই  প্ৰথমবাৰৰ বাবে মহাকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সাজু হৈছে। ভাৰতীয় মহাকাশ সংস্থাটোৱে ইতিমধ্যে ইয়াৰ মঙ্গল আৰু শুক্ৰ অভিযানৰ বাবে কাম কৰি আছে । ইছৰোৰ প্ৰধান এছ সোমনাথে মহাকাশ কেন্দ্ৰৰ নিৰ্মাণ সম্পৰ্কীয়  ইছৰোৰ ডাঙৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত ইছৰোৰ অধ্যক্ষগৰাকীয়ে  কয় যে ভাৰতীয় মহাকাশ সংস্থাটোৱে ভৱিষ্যত অভিযানৰ বাবে বিভিন্ন সম্ভাৱনাৰ কথা  অন্বেষণ কৰি আছে।  যাৰ ভিতৰত আছে এটা মহাকাশ কেন্দ্ৰ স্থাপন আৰু দীৰ্ঘম্যাদী মানৱ মহাকাশ যাত্ৰাৰ পথ প্ৰশস্ত কৰা। "আমি চন্দ্ৰ অভিযানৰ সফলতাৰ পিছত সকলো সম্ভাৱনা ইতিবাচক কৰি তোলাৰ চেষ্টা চলাইছো ," 

সোমনাথে কয়। তেওঁ লগতে কয় "আমি ভাৰতীয় মহাকাশ অৰ্থনীতিৰ বাবে মহাকাশ কেন্দ্ৰটো কেনেদৰে লাভজনক হ'ব পাৰে সেয়া চাই আছো," । ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণৰ পিছত ইছৰোৱে ইয়াৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ উৎক্ষেপণ কৰি  সূৰ্যৰ দিশত পৃথিৱীৰ পৰা ১.৫ নিযুত কিলোমিটাৰ দূৰত থকা লাগ্ৰাঞ্জিয়ান পইণ্ট ১ (বা এল১)ৰ চাৰিওফালে এটা হেলো কক্ষপথত স্থাপন কৰিছে। ভাৰতীয় মহাকাশ সংস্থাটোৱে ইয়াৰ গগনযান অভিযানৰ বিষয়েও কাম কৰি আছে।  

যাৰ উদ্দেশ্য হৈছে এটা মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা,  যিটোৱে তিনি জনীয়া মহাকাশচাৰীক  তিনি দিনৰ বাবে ৪০০  কিমি (২৫০ মাইল) ওপৰৰ কক্ষপথলৈ লৈ যাব।উল্লেখ্য  মহাকাশত চীনে ইতিমধ্যে নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ