--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল হৈছে যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য জৰুৰীকালীন অৱস্থা যেনে বিমান আক্ৰমণ, সন্ত্ৰাসবাদী আক্ৰমণ বা ৰাসায়নিক আক্ৰমণৰ বাবে সাধাৰণ নাগৰিক, প্ৰশাসন আৰু জৰুৰীকালীন সেৱাক প্ৰস্তুত কৰাৰ লক্ষ্যৰে পৰিকল্পিত অনুশীলন। 

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত এয়াই প্ৰথম এনে বৃহৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলন।পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।  ভাৰত চৰকাৰে ৭ মে’ অৰ্থাৎ কাইলৈ ২৪৪খন জিলাত চিভিল ডিফেন্স ম’ক ড্ৰিল কৰাৰ নিৰ্দেশ দিয়ে। 

এই মক ড্ৰিল তিনিটা শাখাত মুঠ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু তৃতীয় শাখাত পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহ। মক ড্ৰিলত কোনখন জিলা কোনটো শ্ৰেণীত পৰিছে চাও আহক-

অসম

১ম শ্ৰেণী- বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা,যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ,ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ-লখিমপুৰ, নুমলীগড়।

২য় শ্ৰেণী- দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ।

অৰুণাচল প্ৰদেশ

১ম শ্ৰেণী- আলো (ৱেষ্ট চিয়াং), ইটানগৰ, টাৱাং, হায়ুলিয়াং

২য় শ্ৰেণী- বামোডিয়া

মণিপুৰ

২য় শ্ৰেণী- ইম্ফল,চূড়াচন্দপুৰ, উখৰুল, মৰেহ, নিংথৌখং

মেঘালয়
২য় শ্ৰেণী- শ্বিলং, জোৱাই, তুৰা

মিজোৰাম
২য় শ্ৰেণী- আইজল

নাগালেণ্ড
২য় শ্ৰেণী- ডিমাপুৰ, কহিমা, মকোকচুং, মন, ফেক, টুৱেনচাং, ৱোখা, জুনহেবোটো, কিফিৰে, পেৰেন

চিক্কিম
২য় শ্ৰেণী- গেংটক

ত্ৰিপুৰা
২য় শ্ৰেণী- আগৰতলা

উল্লেখ্য যে, ৰাজস্থান, পঞ্জাৱ, জম্মু-কাশ্মীৰ, পশ্চিমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মক ড্ৰিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সময়চোৱাত যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা, চাইৰেন বাজিলে কি কৰিব লাগিব, এয়াৰ ষ্টাইক হ’লে কি কৰি আদি সকলো প্ৰশিক্ষণ ইয়াত দিয়া হ’ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে গ্ৰহণ কৰা এই সিদ্ধান্তই শংকিত কৰিছে জনতাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ