--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল হৈছে যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য জৰুৰীকালীন অৱস্থা যেনে বিমান আক্ৰমণ, সন্ত্ৰাসবাদী আক্ৰমণ বা ৰাসায়নিক আক্ৰমণৰ বাবে সাধাৰণ নাগৰিক, প্ৰশাসন আৰু জৰুৰীকালীন সেৱাক প্ৰস্তুত কৰাৰ লক্ষ্যৰে পৰিকল্পিত অনুশীলন। 

ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত এয়াই প্ৰথম এনে বৃহৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলন।পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।  ভাৰত চৰকাৰে ৭ মে’ অৰ্থাৎ কাইলৈ ২৪৪খন জিলাত চিভিল ডিফেন্স ম’ক ড্ৰিল কৰাৰ নিৰ্দেশ দিয়ে। 

এই মক ড্ৰিল তিনিটা শাখাত মুঠ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু তৃতীয় শাখাত পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহ। মক ড্ৰিলত কোনখন জিলা কোনটো শ্ৰেণীত পৰিছে চাও আহক-

অসম

১ম শ্ৰেণী- বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা,যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ,ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ-লখিমপুৰ, নুমলীগড়।

২য় শ্ৰেণী- দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ।

অৰুণাচল প্ৰদেশ

১ম শ্ৰেণী- আলো (ৱেষ্ট চিয়াং), ইটানগৰ, টাৱাং, হায়ুলিয়াং

২য় শ্ৰেণী- বামোডিয়া

মণিপুৰ

২য় শ্ৰেণী- ইম্ফল,চূড়াচন্দপুৰ, উখৰুল, মৰেহ, নিংথৌখং

মেঘালয়
২য় শ্ৰেণী- শ্বিলং, জোৱাই, তুৰা

মিজোৰাম
২য় শ্ৰেণী- আইজল

নাগালেণ্ড
২য় শ্ৰেণী- ডিমাপুৰ, কহিমা, মকোকচুং, মন, ফেক, টুৱেনচাং, ৱোখা, জুনহেবোটো, কিফিৰে, পেৰেন

চিক্কিম
২য় শ্ৰেণী- গেংটক

ত্ৰিপুৰা
২য় শ্ৰেণী- আগৰতলা

উল্লেখ্য যে, ৰাজস্থান, পঞ্জাৱ, জম্মু-কাশ্মীৰ, পশ্চিমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মক ড্ৰিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সময়চোৱাত যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা, চাইৰেন বাজিলে কি কৰিব লাগিব, এয়াৰ ষ্টাইক হ’লে কি কৰি আদি সকলো প্ৰশিক্ষণ ইয়াত দিয়া হ’ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে গ্ৰহণ কৰা এই সিদ্ধান্তই শংকিত কৰিছে জনতাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত