--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঋণং কৃত্বা ঘৃতং পিবেৎ। অসম চৰকাৰে এতিয়া এই নীতিকে গ্রহণ কৰি প্ৰতি মাহে কোটি কোটি টকাৰ ঋণ ল'বলৈ ধৰিছে। বিগত বৰ্ষত অভিলেখ পৰিমাণৰ ঋণ গ্ৰহণ কৰাৰ পাছত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই পুনৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। সেই অনুসৰি অহা ২২ এপ্রিলত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। পোন্ধৰ বছৰৰ বাবে চৰকাৰী ষ্টক (ছিকিউবিটি) নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব। 

উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষত অর্থাৎ ২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে ৩৬,০০০ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আনহাতে, এতিয়ালৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণে প্রায় ১,৭০,০০০ কোটি টকাৰো অধিক হৈছেগৈ। আনকি যোৱা মাৰ্চ মাহতো ৰাজ্য চৰকাৰখনে বিত্তীয় বর্ষ সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৩,৩০০ কোটি টকা ঋণ লৈছিল। ইফালে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰতি বছৰে সুতৰ পৰিমাণো বৃদ্ধি পাই আহিছে। 

পূৰ্বৰ চৰকাৰসমূহেও ঋণ লৈছিল যদিও বৰ্তমানৰ চৰকাৰখনৰ দৰে লোৱা নাছিল। যাৰ ফলত বর্তমান সুতৰ বাবতে প্ৰতি বছৰে ৰাজকোষৰ পৰা বৃহৎ অংকৰ ধন ওলাই যাবলৈ ধৰিছে। বিগত আঠ বছৰত অৰ্থাৎ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত বিগত বৰ্ষৰ মাৰ্চলৈকে সুতৰ নামত ভৰিবলগীয়া হৈছে ৪২,০৬১ কোটি টকা। ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত ১৯,৬৫১ কোটি টকা ভৰিছিল যদিও বৰ্তমানৰ চৰকাৰখনে তিনি বছৰতে এই অভিলেখ ভংগ কৰি সুদৰ নামত ভৰিবলগীয়া হৈছে ২২,৪১০ কোটি টকা। 

আনহাতে, পোন্ধৰ বছৰকৈ শাসন চলোৱা কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰখনে (২০১৫-১৬ বিত্তীয় বর্ষলৈকে) সুদৰ বাবত ভৰিছিল ২৬৩৬৯ কোটি টকাহে। ইফালে, ৰাজ্য চৰকাৰখনে ঋণ লোৱা ধনেৰে ৰাজ্যখনত উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰাতকৈ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে সর্বাধিক গুৰুত্ব দিয়া বুলি বিৰোধী দলসমূহৰ লগতে ৰাজ্যৰ সচেতন লোকসকলে অভিযোগ উত্থাপন কৰি আহিছে। আনকি ভোটৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দ্রুত গতিত বৃদ্ধি পাইছে। কিন্তু ইয়াৰ পাছতো ক্ষমতাৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ক্ষেত্ৰত অকণো কৃপণালি কৰা নাই।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি