--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'ব লগীয়া পঞ্চায়ত নির্বাচনক বিজেপিয়ে ছেমি ফাইনেল হিচাপে গণ্য কৰিছে। সেয়েহে পঞ্চায়ত নির্বাচনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২৭খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অর্ধ শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। অহা ২ আৰু ৭ মে'ত দুটা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি মিত্রজোট সৰ্বস্তৰতে সাজু হৈ উঠিছে। 

প্রতিজন প্রার্থীৰে জয় সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী কাৰ্যকর্তাকে অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে। উল্লেখযোগ্য যে বিজেপিয়ে ৩৯৭খন জিলা পৰিষদ আসনৰ ভিতৰত ৩২৩খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইয়াৰে ৭৪খন আসন অগপ দলক প্ৰদান কৰাৰ বিপৰীতে আন আন মিত্রদলসমূহকো বিচৰা ধৰণেৰে আসন প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্রকাশ কৰা মতে মিত্রদলসমূহৰ সৈতে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আসন ভাগ-বাটোৱাৰা কৰা হৈছে। আনহাতে মিত্ৰতাৰ নামত বিৰোধী দলবোৰৰ মাজত ছিৰালফাট দিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'আমি বিচাৰোঁ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে শক্তিশালীভাৱে যুঁজ দিয়ক।' 

প্রণিধানযোগ্য যে কালি গেৰুৱা দলটোৱে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। ৩৯৭খন জিলা পৰিষদৰ বাকী থকা ৫খন আসনৰ প্ৰাৰ্থীও আজি দলটোৱে ঘোষণা কৰে। এই ৫খন আসনৰে ৪খনত মহিলাক প্রার্থিত্ব দিয়াৰ বিপৰীতে এখন আসন পুৰুষক প্ৰদান কৰিছে। এই ৪খন আসনকে ধৰি সৰ্বমুঠ ১৭৬খন আসনত মহিলা প্রার্থীক অগ্রাধিকার দিয়া পৰিলক্ষিত হৈছে। আনহাতে ২১৫৭খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ক্ষেত্ৰতো জিলা আৰু মণ্ডল পৰ্যায়ত আলোচনা কৰা অনুসৰি আসনৰ ভাগ-বাটোৱাৰা কৰা হয়। ইফালে প্রার্থীসকলে মনোনয়ন-পত্র দাখিলৰ পাছতে প্ৰচাৰৰ বাবে বিশেষ ৰণ কৌশল প্ৰস্তুত কৰিছে গেৰুৱা দলটোৱে। সেই অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২৭খন জনসভা সম্বোধন কৰাৰ বিপৰীতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অর্ধ শতাধিক প্ৰচাৰ সভা সম্বোধন কৰিব। মুঠৰ ওপৰত মূল বিৰোধী কংগ্ৰেছ দলৰ অভ্যন্তৰীণ বিবাদ আৰু দুৰ্বলতাৰ পৰিৱৰ্তে শাসকীয় দল বিজেপি আৰু মিত্রজোঁটে অধিক আগ্রাসী ৰূপত পঞ্চায়ত নির্বাচনত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'