--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'ব লগীয়া পঞ্চায়ত নির্বাচনক বিজেপিয়ে ছেমি ফাইনেল হিচাপে গণ্য কৰিছে। সেয়েহে পঞ্চায়ত নির্বাচনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২৭খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অর্ধ শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। অহা ২ আৰু ৭ মে'ত দুটা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি মিত্রজোট সৰ্বস্তৰতে সাজু হৈ উঠিছে। 

প্রতিজন প্রার্থীৰে জয় সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী কাৰ্যকর্তাকে অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে। উল্লেখযোগ্য যে বিজেপিয়ে ৩৯৭খন জিলা পৰিষদ আসনৰ ভিতৰত ৩২৩খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইয়াৰে ৭৪খন আসন অগপ দলক প্ৰদান কৰাৰ বিপৰীতে আন আন মিত্রদলসমূহকো বিচৰা ধৰণেৰে আসন প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্রকাশ কৰা মতে মিত্রদলসমূহৰ সৈতে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আসন ভাগ-বাটোৱাৰা কৰা হৈছে। আনহাতে মিত্ৰতাৰ নামত বিৰোধী দলবোৰৰ মাজত ছিৰালফাট দিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'আমি বিচাৰোঁ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে শক্তিশালীভাৱে যুঁজ দিয়ক।' 

প্রণিধানযোগ্য যে কালি গেৰুৱা দলটোৱে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। ৩৯৭খন জিলা পৰিষদৰ বাকী থকা ৫খন আসনৰ প্ৰাৰ্থীও আজি দলটোৱে ঘোষণা কৰে। এই ৫খন আসনৰে ৪খনত মহিলাক প্রার্থিত্ব দিয়াৰ বিপৰীতে এখন আসন পুৰুষক প্ৰদান কৰিছে। এই ৪খন আসনকে ধৰি সৰ্বমুঠ ১৭৬খন আসনত মহিলা প্রার্থীক অগ্রাধিকার দিয়া পৰিলক্ষিত হৈছে। আনহাতে ২১৫৭খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ক্ষেত্ৰতো জিলা আৰু মণ্ডল পৰ্যায়ত আলোচনা কৰা অনুসৰি আসনৰ ভাগ-বাটোৱাৰা কৰা হয়। ইফালে প্রার্থীসকলে মনোনয়ন-পত্র দাখিলৰ পাছতে প্ৰচাৰৰ বাবে বিশেষ ৰণ কৌশল প্ৰস্তুত কৰিছে গেৰুৱা দলটোৱে। সেই অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২৭খন জনসভা সম্বোধন কৰাৰ বিপৰীতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অর্ধ শতাধিক প্ৰচাৰ সভা সম্বোধন কৰিব। মুঠৰ ওপৰত মূল বিৰোধী কংগ্ৰেছ দলৰ অভ্যন্তৰীণ বিবাদ আৰু দুৰ্বলতাৰ পৰিৱৰ্তে শাসকীয় দল বিজেপি আৰু মিত্রজোঁটে অধিক আগ্রাসী ৰূপত পঞ্চায়ত নির্বাচনত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি